মন্ত্রী ব্যস্ত দলীয় ৰাজনীতিত হোৰাহোৰে বৃদ্ধি আলু–পিঁয়াজৰ দাম
খাদ্য–সামগ্রীৰ মূল্য নিয়ন্ত্রণত যোগান বিভাগৰ নিষ্ক্রিয়তা
নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ মৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে ঘোষণা কৰা লকডাউনে ৰাজ্যৰ অর্থনৈতিক ক্ষেত্রত ব্যাপক প্রভাৱ পেলোৱা পৰিলক্ষিত হৈছিল৷ লকডাউনৰ সময়ছোৱাত খাদ্য–সামগ্রীৰ পৰা আৰম্ভ কৰি শাক–পাচলি, মাছ–মাংস, ফল–মূল সকলোৰে ব্যাপক মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক জুৰুলা কৰিছে৷ অর্থনৈতিক কাম–কাজ চলিবলৈ অনুমতি প্রদান কৰি লকডাউন শিথিল কৰাৰ পিছতো বজাৰৰ পৰা আঁতৰা নাই মূল্যবৃদ্ধিৰ আতংক৷ বিয়াগোম যোগান বিভাগৰ নিষ্ক্রিয়তাৰ সুযোগ লৈ অসাধু ব্যৱসায়ীয়ে দিনক দিনে বৃদ্ধি কৰিছে খাদ্য–সামগ্রীৰ মূল্য৷ শেহতীয়াকৈ বজাৰত অত্যধিক হাৰত বৃদ্ধি পাইছে আলু–পিঁয়াজৰ মূল্য৷ পাইকাৰী আৰু খুচুৰা বজাৰত আলু–পিঁয়াজৰ ব্যাপক মূল্যবৃদ্ধিয়ে পুনৰ মাধমাৰ সোধাইছে সাধাৰণ গ্রাহকক৷ প্রাপ্ত তথ্য অনুসৰি খুচুৰা বজাৰত প্রতি কুইণ্টল আলুৰ মূল্য ৩,৩০০ টকা পর্যন্ত বৃদ্ধি হৈছে৷ সেয়েহে খুচুৰা বজাৰতো সমান্তৰালভাৱে বৃদ্ধি পাইছে আলুৰ মূল্য৷ সম্প্রতি বজাৰত প্রতিকিলো আলু ৪০ টকা দৰত বিক্রী কৰা হৈছে৷ তিনি দিন পূর্বলৈ খুচুৰা বজাৰত প্রতিকেজি আলুৰ মূল্য আছিল ৩০ৰ পৰা ৩৫ টকা৷ অর্থাৎ সম্প্রতি বজাৰত আলুৰ মূল্য ১৭.৫ শতাংশ বৃদ্ধি হৈছে৷ সেইদৰে পিঁয়াজৰ মূল্যও খুচুৰা আৰু পাইকাৰী বজাৰত বৃদ্ধি হৈছে৷ সম্প্রতি খুচুৰা বজাৰত প্রতি কিলোগ্রাম পিঁয়াজ ৩৫ টকাত বিক্রী হৈ আছে৷ পূর্বে এই মূল্য আছিল ২৫ৰ পৰা ৩০ টকা৷ উল্লেখ্য যে যোগান বিভাগে আলু–পিঁয়াজৰ মূল্য নির্ধাৰণ কৰি দিছে যদিও –সেয়া বজাৰত উপলব্ধ নহয়৷ বিভাগীয় নিষ্ক্রিয়তাৰ বাবে একাংশ অসাধু ব্যৱসায়ীয়ে দাম বৃদ্ধি কৰি আহিছে৷ যোগান বিভাগে নির্ধাৰণ কৰা অনুসৰি বজাৰত প্রতি কিলোগ্রাম আলু ৩৪–৩৭ টকা মূল্যত বিক্রী কৰিব লাগে৷ কিন্তু বজাৰত ব্যৱসায়ীয়ে প্রতি কিলোগ্রাম আলুৰ বাবদ গ্রাহকৰ পৰা আদায় কৰিছে ৪০ টকা পর্যন্ত৷ সেইদৰে শেহতীয়াকৈ ব্যাপক হাৰত মূল্যবৃদ্ধি ঘটিছে মিঠাতেলৰ৷ প্রাপ্ত তথ্য অনুসৰি প্রতি লিটাৰ মিঠাতেলত ১০–১৫ টকাকৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ব্রেণ্ড অনুযায়ী মিঠাতেলৰ মূল্য সুকীয়া সুকীয়া যদিও প্রতিটো ব্রেণ্ডে বৃদ্ধি কৰিছে মূল্য৷ উল্লেখ্য যে ক’ভিড ১৯ৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে খুচুৰা বজাৰত খাদ্য–সামগ্রীৰ মূল্য দেশজুৰি বৃদ্ধি পাইছে৷ শেহতীয়া তথ্য অনুসৰি জুলাই মাহত দেশৰ বজাৰত মাছ–মাংসৰ মূল্য ১৮.৮১ শতাংশ বৃদ্ধি হৈছে৷ সেইদৰে দাইল জাতীয় খাদ্য–সামগ্রীৰ মূল্যবৃদ্ধি হৈছে ১৫.৯২ শতাংশ৷ ইয়াৰ উপৰি মিঠাতেলৰ ১২.৪১ শতাংশ, মচলাৰ ১৩.২৭ শতাংশ, চাউলৰ ১১.২৯ শতাংশ মূল্যবৃদ্ধি ঘটিছে৷ সকলো খাদ্য–সামগ্রীৰ ক্ষেত্রত মূল্যবৃদ্ধিৰ হাৰ হৈছে ৯.৬২ শতাংশ৷ লক্ষণীয় যে পূর্বেও খাদ্য–সামগ্রীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক জুৰুলা কৰাৰ পিছতো যোগান বিভাগৰ নিষ্ক্রিয়তাক লৈ ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ বিশেষকৈ বিভাগীয় মন্ত্রী ফণীভূষণ চৌধুৰীয়ে এইক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ নকৰাক লৈ তেওঁৰ দক্ষতাক লৈ প্রশ্ণ উত্থাপন হৈছে৷ তৎসত্ত্বেও গা নলৰিল বিয়াগোম বিভাগটোৰ৷ যাৰ সুযোগ লৈ বজাৰত অসাধু ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে মূল্যবৃদ্ধি৷ বিশেষকৈ বিভাগীয় মন্ত্রীজন ৰাজনীতিৰ অংকত ব্যস্ত হৈ থকাৰ সুযোগতে অসাধু ব্যৱসীয়ে এইদৰে মূল্যবৃদ্ধিৰে সাধাৰণ ৰাইজক মাধমাৰ শোধোৱা বুলিও চর্চা লাভ কৰিছে৷