🔹 সেনা বাহিনীৰ সহযোগত বিস্ফোৰণ ঘটালে আৰক্ষীয়ে
বিশেষ বাৰ্তা, ৩১ আগষ্ট : শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ৰাজহ চক্ৰ এলেকাৰ বেলশিৰিৰ গোগাপুৰ গাঁৱৰ চেঁচা নৈৰ পাৰত এটা শক্তিশালী বোমা উদ্ধাৰ হোৱা ঘটনাত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে৷ আৰক্ষীয়ে বোমাটো উদ্ধাৰ কৰি সেনা বাহিনীৰ সহযোগত বিস্ফোৰণ ঘটাই ৰক্ষা কৰিলে বহু লোকৰ প্ৰাণ ৷ বেলশিৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে ঘটনা সন্দৰ্ভত জনায় যে চেঁচা নৈৰ পাৰত কালি বিয়লি মাছ মাৰিবলৈ যোৱা স্থানীয় কেইগৰাকীমান লোকে বালিৰ তলত পোত খাই থকা অৱস্থাত প্ৰত্যক্ষ কৰে এটা মৰ্টাৰৰ লেখীয়া শক্তিশালী বোমা। ততাতৈয়াকৈ ৰাইজে স্থানীয় বেলশিৰি আৰক্ষী চকীত খবৰ দিয়াত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ বোমাটো উদ্ধাৰ কৰে ৷ ঢেকীয়াজুলিৰ বেলশিৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে লগতে জনায় যে উদ্ধাৰ হোৱা বোমাটো টু ইঞ্চ মৰ্টাৰ স্মক ব’ম্ব৷ এইটো বহুত শক্তিশালী বুলি কয় আৰক্ষীয়ে ৷ কালি বোমাটো উদ্ধাৰ কৰাৰ পিছত আৰক্ষীৰ তদাৰকত নদীৰ পাৰতেই বোমাটো ৰখাৰ ব্যৱস্থা কৰা হয়। আজি পুৱা বেলশিৰি আৰক্ষীয়ে মিছামাৰী সেনা ছাউনীৰ সেনা বাহিনীৰ উচ্চপদস্থ বিষয়াৰ সৈতে যোগাযোগ কৰাত সেনা বাহিনীৰ লগতে ঘটনাস্থলীত বোমা স্কোৱাডৰ দল আহি শক্তিশালী বোমাটো নদীৰ বালিত গাঁত খান্দি পুতি বিস্ফোৰণ ঘটায় ৷ এক ফুট দীঘল আৰু আধা কেজি ওজনৰ এই শক্তিশালী বোমাটো ব্ৰিটিছ আমোলৰ বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷
প্ৰেৰক কল্পজ্যোতি নাথ