বিশেষ বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ দিল্লীৰ পৰা দলৰ বিৰুদ্ধাচৰণ কৰা নেতাসকলক শেষ সকীয়নি দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। সংগঠনৰ দায়িত্বত থকা এ আই চি চিৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালৰ নতুন দিল্লীস্থিত বাসভৱনত হোৱা বৈঠকৰ অন্তত বৰাই দলবিৰোধী মন্তব্য তথা কাম-কাজত লিপ্ত কংগ্ৰেছীসকলক সকীয়াই দি কয় যে আজিৰ পৰাই বিৰুদ্ধাচৰণ কৰা নেতা-কৰ্মীৰ বিৰুদ্ধে অভিযান আৰম্ভ হব। আনহাতে মিত্ৰজোঁট তথা আসন বুজাবুজিক লৈ বৰাই আজি বেনুগোপালৰ সৈতে আলোচনা কৰে। বৰাৰ দাবী- ৰাজ্যৰ ১৪খন আসনতেই কংগ্ৰেছ তথা মিত্ৰজোঁটে শক্তিশালী ৰূপত অৱতীৰ্ণ হব। ‘আমি ১৪খন আসনতেই ভালদৰে যুঁজ দিম। যুঁজৰ মাজত কংগ্ৰেছে জনাব কেইখনত জিকিব’- সাংবাদিকৰ আগত প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে এনেদৰে কয়। আনহাতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা অপসাৰিত দাদু টায়েই আইনৰ কাষ চপাৰ বিষয়টোক লৈও বৰাই আজি প্ৰতিক্ৰিয়া ব্যক্ত কৰে। টায়েক কটাক্ষ কৰি ভূপেন বৰাৰ বক্তব্য- ‘মোৰ বিৰুদ্ধে এনে বহুত কেছ দিয়া আছে’।
প্ৰেৰক কল্লোল ভৌমিক