সোণাৰিত পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান, ভালেসংখ্যক পাৱাৰলোমৰ গামোচা জব্দ
নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিলঃ চৰাইদেউ জিলা প্ৰশাসনৰ নিৰ্দেশ ক্ৰমে জিলা হস্ততাঁত বস্ত্ৰ বিভাগৰ উদ্যোগত সোণাৰিৰ নগৰত বহিঃৰাজ্যৰ পৰা আমদানি কৰি অনা পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে অভিযান চলোৱা হয়। সোণাৰি ৰাজহ চক্ৰ বিষয়া চৈতালী ৰাণী দত্তৰ নেতৃত্বত যোৱা অভিজানকাৰী দলটোৱে সোণাৰি দৈনিক বজাৰৰ উপৰিও নগৰখনৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলাই বিহুৰ সময়ত বিক্ৰীৰ বাবে মজুত কৰি ৰখা ভালেসংখ্যক পাৱাৰলোমৰ গামোচা জব্দ কৰে।
প্ৰেৰক আব্দুল জাব্বাৰ