নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেজেৰাৰ কামৰূপা বহুমুখী পামত পাৱাৰটিলাৰ বিতৰণী অনুষ্ঠানত অংশগ্ৰহণ ৰঞ্জিত ভট্টাচাৰ্য্যৰ

শিক্ষিত নিৱনুৱাই কৃষিৰ মাজেদি সপোন ৰচিব, গ্রাম্য অৰ্থনীতি সুদৃঢ় হ’ব:- ৰঞ্জিত ভট্টাচাৰ্য্য
বিশেষ বাৰ্তা, ১৬ নৱেম্বৰঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে দায়িত্বভাৰ গ্রহণ কৰাৰ দিনৰে পৰা গ্রাম্য অৰ্থনীতি টনকিয়াল কৰাৰ বাবে প্রচেষ্টা অব্যাহত ৰাখিছে। বিজেপিৰ অন্যতম সহযোগী সংগঠন কিষাণ মৰ্চা, অসম প্রদেশৰ নেতৃত্বত মুখ্যমন্ত্রীৰ এই সপোনে বাস্তৱ ৰূপ লাভ কৰিছে। সমগ্র অসমৰ বিভিন্ন সমষ্টিৰ লগতে মুখ্যমন্ত্রীৰ গৃহ সমষ্টি জালুকবাৰীৰ বেজেৰা পঞ্চায়তৰ অন্তৰ্গত শালমাৰাৰ একাংশ উচ্চ শিক্ষিত যুৱকৰ প্রচেষ্টাত প্রাণ পাই উঠিছে “কামৰূপা বহুমুখী পাম” নামেৰে এখন বহুমুখী পাম। অসম প্রদেশ কিষাণ মৰ্চাৰ উপ-সভাপতি তথা মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিব ৰঞ্জিত ভট্টাচাৰ্য্যৰ প্রত্যক্ষ পৃষ্ঠপোষকতাত ঠন ধৰি উঠা বেজেৰাৰ শালমাৰাৰ বহুমুখী পামত কালি এক বিশেষ কাৰ্যসূচী ৰূপায়ণৰ বাবে উপস্থিত হয় উপ-সভাপতিগৰাকী। ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ পৰা বিশেষ অনুমোদিত এখন উচ্চ ক্ষমতা সম্পন্ন পাৱাৰটিলাৰ বহুমুখী পামলৈ প্রদান কৰি সপোনবোৰ বাস্তৱৰ দিশত আৰু এখোজ অগ্রসৰ হোৱাৰ বাবে ভট্টাচাৰ্য্যই পামৰ সমূহ সদস্যলৈ শুভেচ্ছা জনায়। ভাষণ প্রসংগত শিক্ষিত নৱপ্রজন্মক অকল মাত্র চৰকাৰী কৰ্মসংস্থাপনৰ বাবে অপেক্ষাৰত হৈ নাথাকি কৃষিক্ষেত্রৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ বাবে আহ্বান জনায়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ লগতে অসমৰ মুখ্যমন্ত্ৰীয়ে গ্রাম্য অৰ্থনীতি কৃষিখণ্ডৰ জৰিয়তে সুদৃঢ় কৰাৰ যি আহ্বান এই আহ্বানক কাৰ্য্যত ৰূপ দিয়াৰ অৰ্থে নৱপ্রজন্মক আগবাঢ়ি আহি কৃষি কৰ্মত নিয়োজিত হ’বলৈ আহ্বান জনাই। সমগ্র কৃষক সমাজক প্রতিনিধিত্ব তথা কৃষক সমাজৰ বাবে ব্যৱস্থা কৰা বিশেষ সা-সুবিধাৰ প্রদান আৰু বিতৰণৰ উদ্দেশ্য সাৰোগত কৰি কৃষক মৰ্চাই সমগ্র ভাৰতবৰ্ষৰ লগতে অসমতো কৃষিক্ষেত্রত বিভিন্ন যুৱ গোটক একত্রিত কৰি পাম সৃষ্টিত মনোনিবেশ কৰাৰ কথা ভাষণ প্রসংগত ভট্টাচাৰ্য্যই ব্যক্ত কৰে। পৰৱৰ্তী সময়ত কামৰূপা বহুমুখী পামক এখন আদৰ্শ পাম হিচাপে পৰিগণিত কৰাৰ বাবে প্রতিগৰাকী সদস্যলৈ ভট্টাচাৰ্য্যই আহ্বান জনাই আৰু চৰকাৰী সা সুবিধা সমূহ প্রদান কৰাৰ ক্ষেত্রত কিষাণ মৰ্চা সদায় লগত থাকিব বুলি আশ্বাস প্রদান কৰে। কামৰূপা বহুমুখী পামৰ সভাপতি বনজিৎ ডেকা আৰু সম্পাদক মৃণাল ডেকাই আঁত ধৰা অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক কিৰণ চন্দ্র কাকতি, শিক্ষাবিদ ৰমেন্দ্র নাথ শৰ্মা, নাৰ্চাৰী প্রশিক্ষক হিৰণ্য কুমাৰ নাথকে ধৰি যথেষ্ট সংখ্যক কৃষক ৰাইজ, যুৱক- যুৱতী উপস্থিত থাকে।

You might also like