নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষী নিযুক্তি বৰ্ডৰ অধ্যক্ষ পদৰ পৰা অব্যাহতি প্ৰদীপ কুমাৰৰ

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ আৰক্ষী নিযুক্তি বৰ্ডৰ অধ্যক্ষ পদৰ পৰা অব্যাহতি ল’লে প্ৰদীপ কুমাৰে। অৱসৰপ্ৰাপ্ত IPS বিষয়াগৰাকীয়ে স্ব-ইচ্ছাই অৱসৰগ্ৰহণ কৰে। অধ্যক্ষ পদত প্ৰদীপ কুমাৰ থকাৰ সময়তে সংঘটিত হৈছে SI নিযুক্তি কেলেংকাৰী।

আৰক্ষীয়ে নিযুক্তি কেলেংকাৰী সন্দৰ্ভত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে মূল অভিযুক্ত পি কে দত্তৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। সম্পূৰ্ণ স্বচ্ছ আৰু নিকাৰে নিযুক্তি দিয়া হ’ব বুলি প্ৰকাশ কৰিছিল অসম আৰক্ষীৰ নিযুক্তি বৰ্ডে। কিন্তু ২০ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা পৰীক্ষা বাতিল কৰা হৈছিল কিয়নো পৰীক্ষাৰ এঘণ্টাৰ পিছতে ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল প্ৰশ্নকাকত। তাৰপিচতেই নৈতিক দায়িত্বৰ কথা দোহাই দি অব্যাহতিৰ সিদ্ধান্ত লয় প্ৰদীপ কুমাৰে। 

You might also like