নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটৰ পাভকাটিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত কেলেংকাৰি

🔹 জিপিচি মোজাম্মিলৰ বিৰুদ্ধে দৰিদ্ৰ হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহৰ অভিযোগ

🔹 জিপিচিক ধন দিলে নিৰ্মাণ কৰিব নালাগে আৱাস গৃহ !

নিয়মীয়া বাৰ্তা,  ২৯ জুন : মৰিগাঁও জিলাৰ লাহৰীঘাটত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত ব্যাপক কেলেংকাৰি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত পাভকাটি গাঁও পঞ্চায়তত সংঘটিত হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত বিয়াগোম দুৰ্নীতি।

দৰিদ্ৰ হিতাধিকাৰীৰ নামত আবন্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত কোনোধৰণৰ দুৰ্নীতি সংঘটিত নকৰাৰ সকীয়নি স্বয়ং মুখ্যমন্ত্ৰীয়ে দিয়াৰ পিছতো পাভকাটি গাঁও পঞ্চায়তৰ এজন কৰ্মচাৰীয়ে দালালৰ লগত মিলি সংঘটিত কৰিছে ব্যাপক দুৰ্নীতি। পঞ্চায়তটোৰ জিপিচি মোজাম্মিল হকে দৰিদ্ৰ হিতাধিকাৰীক তালিকাৰ পৰা গৃহৰ নাম কৰ্তন কৰাৰ ডাবি-ধমকি দি ধন সংগ্ৰহ কৰাৰ অভিযোগ তুলিছে স্বয়ং হিতাধিকাৰীয়ে।

পঞ্চায়তটোৰ মলহু গাঁৱৰ তাৰা ভানু নামৰ এগৰাকী দৰিদ্ৰ মহিলাৰ নামত আবন্টিত হৈছিল আৱাস গৃহ। কিন্তু পঞ্চায়তটোৰ জিপিচি মোজাম্মিল হকে দৰিদ্ৰ মহিলাগৰাকীৰ পৰা ২৫ হাজাৰ টকা উৎকোচ লয় বুলি অভিযোগ উঠিছে । ২৫ হাজাৰ উৎকোচ লৈ জিপিচি মোজাম্মিল হকে গৃহ নিৰ্মাণ নকৰিলেও হ’ব বুলি দৰিদ্ৰ মহিলাগৰাকীক পতিয়ন নিয়ায়। দৰিদ্ৰ হিতাধিকাৰীৰ পৰা আৱাস গৃহৰ দ্বিতীয় কিস্তিৰ ধন মোকলাই দিয়াৰ পিছত জিপিচি মোজাম্মিল হক আৰু স্থানীয় দালাল নুৰ মহম্মদে ২৫ হাজাৰ লৈ যায়। এতিয়া ২৫ হাজাৰ টকা জিপিচিয়ে লৈ যোৱাত দৰিদ্ৰ মহিলাগৰাকীয়ে গৃহ নিৰ্মাণ কৰিব পৰা নাই।

এয়া পাভকাটি গাঁও পঞ্চায়তৰ প্ৰধানমন্ত্ৰী আৱাস গৃহৰ নামত কেলেংকাৰিৰ এটা উদাহৰণহে। এনেদৰে পঞ্চায়তটোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত বিয়াগোম কেলেংকাৰি সংঘটিত হৈ আহিছে। এই বিয়াগোম কেলেংকাৰি সংঘটিত কৰা জিপিচিৰ বিৰুদ্ধে গ্ৰামোন্নয়ন বিভাগে কি ব্যৱস্থা লয়, সেয়া লক্ষণীয় হ’ব।

প্ৰেৰক আবুল কালাম

You might also like