নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ বাৰম্বাৰ তুচ্ছ–তাচ্ছিল্যৰে অসমীয়া ভাষাক বৰাক উপত্যকাত নস্যাৎ কৰাৰ কুটিল ষড়যন্ত্রত লিপ্ত স্বয়ম্ভু বাঙালী নেতা প্রদীপ দত্ত ৰয়ে জামিন নাপালে৷ কালি পুৱাৰে পৰা দীর্ঘ প্রায় আঠ ঘণ্টা জেৰাৰ অন্তত সন্ধিয়া গ্রেপ্তাৰ কৰি কাছাৰ আৰক্ষীয়ে বহুবিতর্কিত প্রদীপ দত্ত ৰয়ক নিশা ১১.৩০ বজাত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়৷ আদালতত প্রদীপ দত্ত ৰয়ৰ হৈ অধিবক্তাই জামিনৰ আবেদন দাখিল কৰিছিল যদিও ন্যায়াধীশ ৰূপক ৰজকে সেয়া অমান্য কৰে৷ ইয়াৰ লগে লগে ৰঙাঘৰৰ আলহী হৈ পৰিল বৰাক ডেমক্রেটিক ফ্রণ্ট (বি ডি এফ)ৰ মুখ্য আহ্বায়ক তথা অল কাছাৰ–কৰিমগঞ্জ–হ্ ষ্টুডেণ্টছ এছ’চিয়েচন (আকছা)ৰ প্রতিষ্ঠাপক সভাপতিজন৷ লক্ষণীয়ভাৱে গ্রেপ্তাৰৰ পাছতো ডিঙিৰ সিৰ ফুলাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু বিজেপিক সমালোচনা কৰি সংবাদ মাধ্যমৰ আগত বৰ বৰ ভাষ্য দিয়া উগ্র বাঙালী জাতীয়তাবাদী নেতাজনে মাজনিশা শিলচৰ কেন্দ্রীয় কাৰাগাৰত অসুস্থতাৰ ভাও ধৰে৷
বুকুৰ বিষ বাঢ়ি যোৱাত অসুস্থতা অনুভৱ কৰা বুলি কোৱাত কাৰাগাৰ কর্তৃপক্ষই নিশা প্রায় ২ বজাত প্রদীপ দত্ত ৰয়ক শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ আনে৷ পৰিয়ালে প্রদীপ দত্ত ৰয়ক হাস্পতালত ৰখাৰ চেষ্টা কৰিছিল যদিও চিকিৎসকে নাৰাখিলে৷ স্বাস্থ্য পৰীক্ষাৰ অন্তত চিকিৎসকে অসমীয়া জাতি–ভাষাবিদ্বেষীটোক পুনৰ শিলচৰ কেন্দ্রীয় কাৰাগাৰলৈ নিয়াৰ অনুমতি দিয়ে৷ উল্লেখ্য যে শিলচৰ চহৰৰ মেহেৰপুৰস্থিত গোস্বামী ফিলিং ষ্টেচন নামৰ পেট্র’ল পাম্পটোত সকলোৰে দৃষ্টিগোচৰ হোৱাকৈ অৰা হৈছিল প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আলোকচিত্র সম্বলিত ক’ভিড–১৯ৰ প্রতিষেধকৰ সজাগতা সম্পর্কীয় অসমীয়া ভাষাত লিখা এখন বেনাৰ৷ সেই বেনাৰখনক লৈ কাছাৰ জিলা তথা বৰাক উপত্যকাৰ কোনো লোকে আপত্তি দর্শোৱা নাছিল৷ কিন্তু স্বয়ম্ভু বাঙালী নেতাজনে অসমীয়া ভাষাৰ চৰকাৰী বেনাৰখন আঁতৰাবলৈ কাছাৰ জিলা প্রশাসনক ৪৮ ঘণ্টাৰ সময়সীমা নির্ধাৰণ কৰি দিয়ে৷ লগতে বেনাৰখন আঁতৰাই নিদিলে বি ডি এফে নিজাববীয়াকৈ ব্যৱস্থা গ্রহণ কৰাৰ হুংকাৰ দিছিল প্রদীপ দত্ত ৰয়ে৷ বিষয়টোক লৈ সমগ্র ৰাজ্যতে তীব্র প্রতিক্রিয়া সৃষ্টি হোৱাৰ সময়তে শুকুৰবাৰে পুৱা গোস্বামী ফিলিং ষ্টেচন কর্তৃপক্ষই নিজাববীয়াকৈ বেনাৰখন নমাই দিয়ে৷ ইয়াৰ লগে লগে সমগ্র ৰাজ্যতে জ্বলি উঠে ক্ষোভৰ জুই৷
বিভিন্ন দল–সংগঠনে প্রতিবাদমুখৰ হৈ শীঘ্রে অসমীয়া ভাষাবিদ্বেষী প্রদীপ দত্ত ৰয়ৰ গ্রেপ্তাৰৰ দাবী উত্থাপন কৰে৷ ইয়াৰ মাজতে কালি পুৱা প্রায় ৯ বজাত শিলচৰ সদৰ আৰক্ষী থানাত হিন্দু যুৱ পৰিষদ, অসম নামৰ সংগঠনটোৱে প্রদীপ দত্ত ৰয়ৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছিল৷ এই এজাহাৰৰ ভিত্তিতে শিলচৰ সদৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ১৫৩, ২৯৫, ১২৪, ৫০৫ আৰু ৫০৮নং ধাৰাৰ অধীনত ৪১৫৮/২০২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হয় আৰু প্রদীপ দত্ত ৰয়ক তলব কৰি মাৰাথন জেৰা চলোৱা হয়৷ শিলচৰ আৰক্ষী অধীক্ষকৰ কার্যালয়ত পুৱাৰে পৰা জেৰাৰ অন্তত সন্ধিয়া গ্রেপ্তাৰ কৰে প্রদীপ দত্ত ৰয়ক৷ গ্রেপ্তাৰৰ পাছত নিশা প্রায় ৮ বজাত প্রদীপ দত্ত ৰয়ক স্বাস্থ্য পৰীক্ষাৰ বাবে প্রথমে শিলচৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়৷ কিন্তু চিকিৎসকে তেওঁক শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰে৷ উপ–আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ দাসৰ নেতৃত্বত আৰক্ষী বাহিনীয়ে বহুবিতর্কিত বাঙালী নেতাজনক শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়াৰ পথত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়৷ সেই সময়ত আদালতত উপস্থিত আছিল প্রদীপ দত্ত ৰয়ৰ পত্নী, অধিবক্তা কন্যা প্রথমা দত্ত ৰয় আৰু দুই অধিবক্তা সৌমিন চৌধুৰী–শোক ৰয়৷ হাজিৰৰ সময়তে প্রদীপ দত্ত ৰয়ৰ জামিন বিচাৰি আদালতত আবেদন জনোৱা হৈছিল যদিও সেয়া ন্যায়াধীশ ৰূপক ৰজকে খাৰিজ কৰে৷ আৰক্ষীয়ে প্রদীপ দত্ত ৰয়ৰ বিৰুদ্ধে সাংবাদিকক দুর্ব্যৱহাৰ আৰু ম’বাইল ফোন কাঢ়ি নিয়াৰ অভিযোগ সন্দর্ভত নিজাববীয়াকৈ আন এটা গোচৰো ৰুজু কৰিছে৷ এই গোচৰটো সন্দর্ভত এটা বৈদ্যুতিন সংবাদ মাধ্যমৰ শিলচৰৰ প্রতিনিধি অৰূপ নন্দিৰো স্বাস্থ্য পৰীক্ষা কৰায় আৰক্ষীয়ে৷ ইফালে অসমীয়াবিদ্বেষী প্রদীপ দত্ত ৰয়ৰ তৃণমূল কংগ্রেছৰ সৈতে যে সম্পর্ক আছে, সেই কথা কার্যতঃ স্পষ্ট হৈছে৷ কিয়নো কালি গ্রেপ্তাৰৰ পাছত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰা প্রদীপ দত্ত ৰয়ে মুকলিকৈ পশ্চিমবংগৰ মুখ্যমন্ত্রী তথা তৃণমূল কংগ্রেছৰ মুৰব্বী মমতা বেনার্জীৰ সহায় বিচাৰিছিল৷