নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিতর্কিত উগ্র বাঙালী নেতা প্রদীপ দত্ত ৰয়ক গ্রেপ্তাৰৰ দাবী

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ ভাষাবিৰোধী ষড়যন্ত্রৰে অসমীয়াৰ স্বাভিমানত ছুৰিকাঘাত কৰা বৰাক ডেমক্রেটিক ফ্রণ্ট (বি ডি এফ)ক ধিক্কাৰ দিছে বিভিন্ন দল–সংগঠনে৷ সমান্তৰালভাৱে বি ডি এফৰ মুখ্য আহ্বায়ক বহু বিতর্কিত বাঙালী নেতা প্রদীপ দত্ত ৰয়ক শীঘ্রে গ্রেপ্তাৰৰ বাবে ৰাজ্য চৰকাৰক দাবী জনাইছে৷ শিলচৰৰ মেহেৰপুৰস্থিত গোস্বামী ফিলিং ষ্টেচনত অঁৰা অসমীয়া ভাষাৰ বেনাৰখন নমোৱাক লৈ প্রতিক্রিয়া প্রকাশ কৰি সদৌ অসম ছাত্র সন্থা (আছু)ৰ সভাপতি দীপাংক কুমাৰ নাথে প্রদীপ দত্ত ৰয়ক বিভেদকামী আখ্যা দি কয় যে এইজন ব্যক্তিয়ে বৰাক উপত্যকাত থকা অসমীয়াসকলক সময়ে সময়ে প্রৱঞ্চনা কৰি আহিছে৷ বিভিন্ন ধৰণে অসমীয়া ভাষাক অপমান কৰা কামত লিপ্ত হৈছে এইজন ব্যক্তি৷ ইয়াৰ বিপৰীতে অসম চৰকাৰেও এইজন ব্যক্তিৰ কথা মতেই কিছুমান কাম মাজে মাজে কৰি আছে৷ অসমৰ জনসাধাৰণে অর্থাৎ আমি ইতিমধ্যে এখন ভাষা আইন গ্রহণ কৰিছোঁ৷ ভাষা আইন মতে বৰাকত যদিও বাংলা ভাষাই প্রাধান্য পাব, তৎসত্ত্বেও অসমীয়া ভাষা চর্চা হ’ব পাৰে৷ অধ্যয়নো হ’ব পাৰে৷ ছাইন ব’ড বা বেনাৰত অসমীয়া ভাষা থাকোঁতে আপত্তি হ’ব নালাগে৷ ব্রহ্মপুত্র উপত্যকাৰ ক’ৰবাত ক’ৰবাত বাংলা ভাষাত ছাইন ব’ৰ্ড–বেনাৰ আছে৷ কিন্তু এচাম ব্যক্তিয়ে অসমীয়া আৰু বাঙালীৰ মাজত সংঘাতৰ পৰিকল্পনা কৰিছে আৰু ইয়াৰ বাবে উচটনি দি আহিছে৷

যিজন ব্যক্তিয়ে বাৰে বাৰে অসমীয়া–বাঙালীৰ মাজত সংঘাত লগোৱাৰ চেষ্টা কৰিছে, সেইজন ব্যক্তিক অসম চৰকাৰে শীঘ্রে গ্রেপ্তাৰ কৰিব লাগে৷ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই অসম মুলুকত থাকি অসমৰ পৰা অসমীয়া ভাষাটো নাইকিয়া কৰিবৰ কাৰণে ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিব পৰাৰ সাহস এজন ব্যক্তিয়ে ক’ৰ পৰা পালে বুলি প্রশ্ণ তোলে৷ তেওঁ কয় যে অসমত অসমীয়া ভাষাটো আঁতৰাই দিবৰ বাবে যদি প্রদীপ দত্ত ৰয়ে ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিব পৰা হ’ল, ইয়াতকৈ চৰম লজ্জাজনক কথা আৰু অসমীয়া জাতিটোৰ বাবে নাই৷ এইজন ব্যক্তিৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্রহণ কৰাৰ লগতে শাস্তি দিবৰ বাবে আমি ৰাজ্য চৰকাৰক আহ্বান জনাইছোঁ৷ অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদেও প্রদীপ দত্ত ৰয়ৰ নিকৃষ্ট ষড়যন্ত্রৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে৷ সংগঠনটোৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ মতে, অসমতে থাকি যিসকল ব্যক্তিয়ে অসমীয়া নক’বলৈ হুংকাৰ দিয়ে, সেইসকল ব্যক্তিক অসমৰ সমাজ জীৱনে এঘৰীয়া কৰিব লাগে৷ পাৰিলে এই ব্যক্তিসকলক অসমৰ পৰা বাহিৰ কৰি দিব লাগে বুলি মন্তব্য কৰি চাংমাইয়ে কয় যে কেৱল মাত্র এইবাৰেই নহয়, আমি বহুবাৰ দেখি আহিছোঁ– বৰাকৰ এজন বিতর্কিত ব্যক্তিয়ে অসমীয়া ভাষাবিদ্বেষী মনোভাব লৈ এনেধৰণৰ মন্তব্য প্রদান কৰি আহিছে৷ তেওঁ জনা উচিত– অসমত প্রধান বা ৰাজ্যভাষা হ’ল অসমীয়া৷ অসমত শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাক–ব্রহ্মপুত্র উপত্যকাত অসমীয়া ভাষা চলিব৷ অৱশ্যে ঠাইবিশেষে স্থানীয় ভাষা বা চৰকাৰী ভাষা চলাত আমাৰ আপত্তি নাই৷ বৰাকত বাংলা চলে, তাত আপত্তি কৰিবলগীয়া নাই৷ কিন্তু অসমীয়া নচলিব বুলি কোৱাটো আমি মানি নলওঁ৷

সেইদৰে বীৰ লাচিত সেনাৰ শীর্ষ নেতা শৃংখল চলিহাই বৰাকত অসমীয়া ভাষাক কৰা অপমানক লৈ তীব্র ক্ষোভ প্রকাশ কৰিছে৷ তেওঁ কয়– ‘আক্রমণ হ’লে প্রত্যাক্রমণ হ’বই৷ আমি চৰকাৰক দাবী জনাইছোঁ– প্রদীপ দত্ত ৰয়ক গ্রেপ্তাৰ কৰক৷ যদি নকৰে ব্রহ্মপুত্র উপত্যকাত আমাৰ কোনোবা সৈনিকে প্রদীপ দত্ত ৰয়ক পালে পিটন দিব৷ এয়া চিধা আৰু স্পষ্ট কথা৷ জাতি–ভাষাৰ ওপৰত কোনোবাই আক্রমণ কৰিব আৰু আমি নপুংসকৰ দৰে চাই থকা সংগঠন নহয়৷ আমি কিন্তু আক্রমণ হ’লে প্রত্যাক্রমণ কৰিমেই৷’ অকল উক্ত সংগঠনসমূহেই নহয়, প্রদীপ দত্ত ৰয়ৰ নিকৃষ্ট কাণ্ডক লৈ সৰৱ হৈ পৰিছে হোজাইৰ বিজেপি বিধায়ক ৰামকৃষ্ণ ঘোষো৷ প্রদীপ দত্ত ৰয়ক আজি বিধায়ক ঘোষে তীব্র সমালোচনা কৰে৷ শিলচৰত অসমীয়া ভাষাক অপমান কৰাৰ দৰে গর্হিত কার্য সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি তেওঁ কয় যে অসমত ভাষা আন্দোলন হৈছিল৷ কিন্তু ব্রহ্মপুত্র উপত্যকাৰ বাঙালীসকলে ভাষা আন্দোলনক সমর্থন কৰা নাছিল৷ সিঁহত (বৰাকৰ বাঙালী)ৰ কাৰণে আমি গালি খাব লাগে৷ এনেধৰণৰ কার্যত লিপ্তসকলক শীঘ্রে গ্রেপ্তাৰ কৰা উচিত৷ এইবোৰ কথা কৈ প্রদীপ দত্ত ৰয়ে কি ক’ব বিচাৰিছে? আমি যদি হিন্দু বাঙালী সম্প্রদায়ৰ পৰা আহিছোঁ, আমাৰ মনত কি আছে তেওঁলোকে সুধিব লাগে৷ কিন্তু নোসোধে৷ নিজৰ মনত যি আহে, যা–তা কথা বলকি দিয়ে৷ আমাৰ ব্রহ্মপুত্র উপত্যকাৰ বাঙালীসকলে অসমীয়া সমাজ, সভ্যতা, ভাষা–সংস্কৃতি মানি চলে৷ অসমীয়া বিদ্যালয়তে পঢ়া–শুনাও কৰে৷ এইবোৰ কথা তেওঁলোকে চিন্তা কৰিব লাগে৷ পিছে হয়তো তেওঁলোকে ভাবিবই নোৱাৰে৷ ব্রহ্মপুত্র উপত্যকাৰ হিন্দু বাঙালীসকলে কি ভাবিছে, সেইমতে তেওঁলোকে কথা কওক৷ আৰু যদি নকয়, এনেধৰণৰ মন্তব্য দিয়ে, তেন্তে ময়ো ক’ম– তোমালোকে অসমৰ পৰা আঁতৰি যোৱা৷ এইক্ষেত্রত অসম চৰকাৰকো এটা স্থিতি গ্রহণ কৰিবলৈ বিধায়ক ঘোষে আহ্বান জনায়৷ লগতে প্রদীপ দত্ত ৰয়ক গ্রেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰি তেওঁ পুনৰ কয় যে প্রদীপ দত্ত ৰয়ক গ্রেপ্তাৰ কৰিলে এটা ভাল মেছেজ যাব৷ এফালে শৃংখল চলিহা আৰু আনফালে প্রদীপ দত্ত ৰয়৷ তেওঁলোকে যা–তা কথা বলকি থাকিলে আমি অসমখন একত্রিত কৰি ৰাখিব নোৱাৰিম৷
‘প্রদীপ দত্ত ৰয়ক বাংলাদেশলৈ পঠিয়াই দিয়ক’
অসমীয়া ভাষাবিদ্বেষী প্রদীপ দত্ত ৰয়ৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ঠেঙাল কছাৰী সংগঠনৰ লখিমপুৰ জিলা সমিতি৷ সংগঠনটোৰ সভাপতি কৃষ্ণ হাজৰিকা আৰু সম্পাদক সঞ্জয় বৰাই সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক বিবৃতিত অসমীয়া ভাষাক অপমান কৰা প্রদীপ দত্ত ৰয়ক বাংলাদেশলৈ পঠিয়াই দিবলৈ দাবী জনাইছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক৷ বিবৃতিটোত কোৱা হয়– বৰাক–ব্রহ্মপুত্র উপত্যকাৰ মাজত অসমীয়া ভাষাৰ নামত বিভেদ সৃষ্টি কৰিবলৈ প্রদীপ দত্ত ৰয়ে ক’ত মৰসাহ পালে? শান্তি–সম্প্রীতি বিনষ্টকাৰী এই ব্যক্তিজনক হয় গ্রেপ্তাৰ কৰক, নহ’লে বাংলাদেশলৈ পঠিয়াই দিয়ক৷

You might also like