নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপিএছচিত অসমীয়া ভাষা আছে, বাতিল কোৱালিফায়িং পৰীক্ষাহে

বিৰোধীক প্রত্যুত্তৰ মুখ্যমন্ত্রী ড০ শর্মাৰ

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ এ পি এছ চি পৰীক্ষাত অসমীয়া উঠাহ দিয়া হৈছে বুলি অসমত বিভ্রান্তি বিয়পাহ থকা হৈছে৷ দিল্লী ভ্রমণৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাহ আজি হয়াৰ বাবে সাংবাদিকৰ আগত ক্ষোভ ব্যক্ত কৰে৷ বিৰোধীক কটাক্ষ কৰি ড০ শর্মাৰ বক্তব্য– বুজি নোপোৱা বিষয়ক লৈ কোনো মন্তব্য কৰিব নালাগে৷ তেওঁ কয় যে প্রথম কথাটো হৈছে এ পি এছ চিত অসমীয়া ভাষা আছে৷ কোনোবাহ এ পি এছ চিৰ পৰীক্ষা অসমীয়া ভাষাত দিব বিচাৰিলে এতিয়াও দিব পাৰিব৷ পূর্বৰ সোণোৱাল চৰকাৰৰ দিনত এখন জাননী জাৰি কৰা হৈছিল, য’ত কোৱা হৈছিল যে এ পি এছ চিৰ মূল পৰীক্ষাৰ উপৰি অসমীয়া আৰু হংৰাজী ভাষাৰ ওপৰত ৩০ নম্বৰকৈ দুটা কোৱালিফায়িং পৰীক্ষা দিব লাগিব৷ বৰাক উপত্যকাৰ বাবে এয়া প্রযোজ্য নাছিল৷ কেৱল ব্রহ্মপুত্র উপত্যকাৰ বাবেহ প্রযোজ্য আছিল৷ সেয়েহে বৰাক উপত্যকাৰ ছাত্র–ছাত্রীয়ে যেতিয়া ৭খন বহীত পৰীক্ষা দিব লাগিছিল, ব্রহ্মপুত্র উপত্যকাৰ ছাত্র–ছাত্রীয়ে দিব লাগিছিল ৯খন বহীৰ পৰীক্ষা৷ যোৱা কেবিনেটত উক্ত কোৱালিফায়িং পৰীক্ষা দুটা বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ হয়াত আপত্তি কি থাকিব পাৰে বুলি মুখ্যমন্ত্রীয়ে প্রশ্ণ উত্থাপন কৰি কয় যে সমগ্র বিষয়টো উচ্চ ন্যায়ালয়ত বিবেচনাধীন হৈ আছিল তথা অমীমাংসিতভাৱে পৰি আছিল৷ অসমীয়া ছাত্র–ছাত্রীয়েই কোৱালিফায়িং পৰীক্ষাৰ বিৰোধিতা কৰি ন্যায়ালয়ৰ কাষ চাপিছিল৷

মুখ্যমন্ত্রীৰ মতে, অসমত ২০–২৫ লাখ অসমীয়া ছাত্র–ছাত্রী আছে, যিসকলে জৱাহৰ নৱোদয়া বিদ্যালয় কিম্বা কেন্দ্রীয় বিদ্যালয়ত চি বি এছ ইত পঢ়ে, য’ত অসমীয়া কোনো বিষয় নাথাকে৷ এতিয়া এহ ছাত্র–ছাত্রীসকলে কেনেকৈ অসমীয়াত কোৱালিফায়িং পৰীক্ষা দিব পাৰে৷ –প্রশ্ণ মুখ্যমন্ত্রীৰ৷ তেওঁ কয় যে এই দুটা পৰীক্ষা বাতিল কৰি আমি অতিৰিক্ত তিনিটা চর্ত আৰোপ কৰিছোঁ যে কোনো এ পি এছ চি পৰীক্ষাত বহিব পাৰে৷ প্রথম কথাটো হৈছে এ পি এছ চিত বহাৰ বাবে সংশ্লিষ্ট ছাত্র–ছাত্রী অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব৷ দ্বিতীয়তে অসমীয়া কিম্বা আন কোনোবা জনজাতীয় ভাষাত সলসলীয়াকৈ কথা পাতিব লাগিব৷ তৃতীয়তে সংশ্লিষ্ট ছাত্র–ছাত্রীৰ নাম এমপ্লয়মেণ্ট এক্সচেঞ্জত থাকিব লাগিব৷ অর্থাৎ একমাত্র অসমৰ ছাত্র–ছাত্রীয়েহ এ পি এছ চিৰ পৰীক্ষা দিব পাৰিব৷ হয়াত হিন্দীভাষী মানুহক লৈ অনা কিম্বা বহিৰাগতৰ বাবে বাট মুকলি কৰি দিয়াৰ প্রশ্ণ ক’ৰ পৰা আহে৷ –মুখ্যমন্ত্রীয়ে সাংবাদিকৰ আগত এহ প্রশ্ণৰ উদ্রেক কৰি বিৰোধীক কটাক্ষ কৰি পুনৰ কয় যে বুজি নোপোৱা বস্তুক লৈ কোনো কমেণ্ট কৰিব নালাগে৷

You might also like