নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৌৰৱোজ্জ্বল ৩৭ বৰ্ষত ভৰি দিলে স্বেচ্ছাসেৱী অনুষ্ঠান পাটাছাৰকুছিৰ প্ৰাগজ্যোতি ক্লাবে

নিয়মীয়া বাৰ্তা, ২০ জুন : বিভিন্ন জনকল্যাণমূলক কাৰ্যৰ লগতে ব্যতিক্ৰমী সামাজিক কামকাজেৰে বিৰল নিদৰ্শন দাঙি ধৰি এক সামাজিক দায়বদ্ধতাৰ পৰিচয় দিছে বজালী অঞ্চলৰ অন্তৰ্গত পাটাছাৰকুছিৰ অন্যতম স্বেচ্চাসেৱী সামাজিক অনুষ্ঠান প্ৰাগজ্যোতি ক্লাবে।

দুৰ্গত ব্যক্তিক বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়াই আৰু ৰাইজৰ সুবিধাৰ্থে কৰি দিয়া কিছুমান কাৰ্যই অনুষ্ঠানটোৰ মহানতা প্ৰকাশ কৰিছে।

১৯৮৯ চনৰ ২০ জুনত স্থাপিত তথা পাটাছাৰকুছিত কালদিয়া নদীৰ বাকৰিত ৰাইজৰ উপকৃত হোৱাকৈ সকলো সা- সুবিধা যুক্তৰে ধুনীয়াকৈ নিৰ্মাণ কৰা তথা “ভূপেন হাজৰিকা ভবন” নামেৰে নামকৰণ কৰা ক্লাবৰ তিনিমহলীয়া কাৰ্যালয় ভবনে অঞ্চলটোক শুৱনি কৰিছে।

এই ক্লাবৰ তৰফৰ পৰা বিগত সময়চোৱাত বৰ্তমানলৈকে জনকল্যাণমূলক কাৰ্যৰ অংশ হিচাপে প্ৰাগজ্যোতি সাহায্য নিধিৰ জৰিয়তে আৰ্থিকভাৱে দুৰ্বল প্ৰতিভাধৰ যুৱক- যুৱতী, দুৰ্গত ৩২৩গৰাকী ব্যক্তিৰ মাজত ১০,৬৫,১৯৬ টকাৰ আৰ্থিক সাহায্য তথা সামগ্ৰী প্ৰদান কৰাৰ লগতে ক্লাবৰ বহুমুখী আঁচনি ৰূপায়ণৰ অধীনত ৩৬ টা অনুষ্ঠান- প্ৰতিষ্ঠান (কেইটামানক একাধিকবাৰ) ক আৰ্থিক বৰঙনি, সামগ্ৰী তথা কাৰ্যসূচী প্ৰদানৰ নামত ২৭,২২,৬৪৩ টকা ব্যয় কৰিছে।

আনহাতে ক্লাবৰ বহুমুখী আঁচনি ৰূপায়ণৰ অধীনত প্ৰায় ২৯ লাখ টকা ব্যয়ৰে পাটাছাৰকুছি দুৰ্গা মন্দিৰৰ ৰভাগৃহ নিৰ্মাণ, প্ৰায় ৩ লাখ টকা ব্যয়ৰে পাটাছাৰকুছি শিৱ দুৰ্গা ধামত পানী যোগান আঁচনি নিৰ্মাণ, ২ লাখ টকা ব্যয়ৰে পাটাছাৰকুছিৰ সৰিহ চাকলা কবৰস্থান পথ নিৰ্মাণ আৰু প্ৰায় ৭০ হাজাৰ টকা ব্যয়ৰে পাটাছাৰকুছিত ৰাষ্ট্ৰীয় ঘাই পথৰ মাজৰ ডিভাইদাৰত “আমাৰ বজালী, আমাৰ ফুলনি’ শীৰ্ষক কাৰ্যসূচীত এখন ফুলনি নিৰ্মাণ কৰিছে।

ইয়াৰ উপৰিও এক ব্যয় বহুল বাজেটেৰে পাটাছাৰকুছি পৰিদৰ্শন বঙলাৰ চৌহদত এক নতুন ৰূপত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ এটি ১৩ ফুট উচ্চতাৰ বৃহৎ আকাৰৰ ব্ৰঞ্জৰ আবক্ষ মূৰ্তিৰ নিৰ্মাণ কাৰ্য চলি আছে আৰু ই সম্পুন্ন হোৱাৰ পথত।

এই আবক্ষ মূৰ্তিটোয়ে অসমত এক সুকীয়া স্থান দখল কৰাৰ লগতে পাটাছাৰকুছিৰ ইতিহাসত এক গৌৰৱময় অধ্যায় হিচাপে চিহ্নিত হোৱাৰ আশা কৰা হৈছে। ইয়াৰ উপৰি ক্লাবৰ তৰফৰ পৰা বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু ক্ৰীড়া কাৰ্য্যসূচী হিচাপে সম্প্ৰতি নিয়মীয়াকৈ সদৌ অসম প্ৰাগজ্যোতি একাংক নাট প্ৰতিযোগিতা, প্ৰাগজ্যোতি গ্ৰাম্য থলুৱা ক্ৰীড়া প্ৰতিযোগিতা, প্ৰাগজ্যোতি বিশেষ বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰি আহিছে।

ইয়াৰ উপৰি ১৬ খনকৈ পূৰ্ণাঙ্গ নাট, ৮ খন শিশু নাট, ১৬ খন একাংক নাট মঞ্চস্থৰ লগতে ৩ টাকৈ শিশু চেমনীয়া নাট কৰ্মশালা, ফুটবল, ক্রিকেট, কাৰাটে আদিৰো প্ৰশিক্ষন অনুষ্ঠিত কৰিছে। কেবাখনো গ্ৰন্থ প্ৰকাশ আৰু বিভিন্ন দিৱস উদযাপনৰ লগতে বৃক্ষৰোপণ, চিকিৎসা শিবিৰ, দিপাবলীত সম্প্ৰীতিৰ আলোকমেলা, বক্তৃতা তথা বিভিন্ন সজাগতা সভা, সাংস্কৃতিক সন্ধিয়া আদি অনুষ্ঠিত কৰিছে।

আনহাতে চৰকাৰী অৰ্থ সাহায্যত স্বচ্ছ ভাৰত অভিযান আঁচনিৰ অধীনত প্ৰায় ২ হাজাৰ কম খৰছী অনাময় শৌচাগাৰ নিৰ্মাণৰ লগতে আন কেবাখনো আঁচনি ৰূপায়ন কৰিছে। বিভিন্ন জনকল্যাণমূলক কৰ্মৰাজিৰে জনপ্ৰিয়তা লাভ কৰি আজি প্ৰাগজ্যোতি ক্লাৱ সকলোৰে বাবে হৈ পৰিছে এটি চিনাকি নাম।

প্ৰেৰক উৎপল মেধি

You might also like