নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰৰ প্রাগজ্যোতিকা স্কুলত গুৰু–শিষ্যৰ মিলন অনুষ্ঠান

🔹 আধুনিকতাই মানুহৰ জীৱনৰ পৱিত্রতা ভূ–লুণ্ঠিত কৰিছে : দিগন্ত বিশ্ব শর্মা
নিয়মীয়া বার্তা, ১০ আগষ্ট : প্রায় এক ঘণ্টা বিশ মিনিট৷ নিঃশব্দ চৌপাশ৷ এক বলিষ্ঠ কণ্ঠই বক্তৃতা প্রদান কৰিছে৷ সেই বক্তৃতাত জীৱন আৰু জীৱনৰ মহত্ব সম্বন্ধে ব্যাখ্যা কৰা হৈছে৷ সন্মুখত সহস্রাধিক ছাত্র–ছাত্রী, শিক্ষক–অভিভাৱক৷ কালি তিতাবৰৰ প্রাগজ্যোতিকা বিদ্যালয়ৰ গুৰু–শিষ্য সন্মিলন অনুষ্ঠিত হয় ৷ সন্মিলনৰ মুখ্য অতিথি অসমৰ সুযোগ্য সন্তান অনুবাদ সাহিত্যৰ জৰিয়তে ভাৰতবর্ষত নিজৰ নাম প্রতিষ্ঠা কৰা, সাহিত্য অকাডেমি কার্যবাহী পৰিষদৰ সদস্য, ৰাষ্ট্রীয় প্রেক্ষাপটত ভাষা, সাহিত্য, সাংস্কৃতিক ক্ষেত্রত এক উজ্জ্বল প্রতিভাৰ পৰিচয় দাঙি ধৰাৰ লগতে প্রায় দহখন পৃথিৱী বিখ্যাত গ্রন্থ অনুবাদ কৰা বিশিষ্ট সাহিত্যিক, লেখক, গৱেষক দিগন্ত বিশ্ব শর্মা৷ মুখ্য অতিথি ৰূপে মঞ্চত উঠিয়েহ সাহিত্যিকগৰাকীয়ে ছাত্র–ছাত্রীসকলৰ প্রতি উদ্দেশ্যি শিক্ষা, জীৱন দর্শনৰ ওপৰত এক মনোগ্রাহী বক্তৃতা প্রদান কৰে৷ তেওঁ বর্তমান আমাৰ জীৱন মানে কেৱল যেন জন্ম, বৃদ্ধি আৰু মৃত্যু৷ কিন্তু জীৱনৰ এয়া অর্থ নহয় বুলি বিস্তৃত ব্যাখ্যা আগবঢ়ায়৷ তেওঁৰ অনুবাদিত এখন গ্রন্থৰ মূল লেখক এগৰাকী বাঙালী সাহিত্যিকে লিখা এষাৰ কথা উল্লেখ কৰি কয়, ‘এনেহেন মানৱ পথাৰ পৰি ৰ”ল ছন, চহোৱা হ’লে সোণগুটি ওলালহেঁতেন’ এই দুটা শাৰীৰ অর্থ ব্যাখ্যা কৰি বক্তাগৰাকীয়ে ছাত্র–ছাত্রীৰ জীৱন গঢ়াৰ ক্ষেত্রত এই চিন্তাৰে উদ্বুদ্ধ হ’বলৈ উভয় পক্ষক আহ্বান জনায়৷ আজিকালি সকলোৱে কামনা কৰে নিজৰ সন্তানে আই এছ, ইঞ্জিনীয়াৰ, ডাক্তৰ হওক, কিন্ত সেয়াই যথেষ্ট নহয় বুলি উল্লেখ কৰি তেওঁ প্রশ্ণ উত্থাপন কৰে যে অতি মেধাৱী ছাত্র বা ছাত্রীসকল কেতিয়াবা কিয় হীনমন্যতাত ভোগে, আত্মহত্যা কৰে, ইয়াৰ পৰা বুজা যায়- কেৱল শিক্ষাই মানুহ হ’বলৈ যথেষ্ট নহয়, প্রকৃত মানুহ হ’বলৈ আৰু কিছু মানৱীয় গুণ, সামাজিক ধ্যান-ধাৰণাৰ প্রয়োজন৷ আমাৰ মেধাৱীসকলে নকয় মই বিজ্ঞানী হ’ম, নকয় মই চাকৰি নকৰোঁ, চাকৰি সৃষ্টি কৰিম, গতিকে ধ্যান-ধাৰণা সলনি কৰিব লাগিব৷ তেওঁ আৰু কয় যে ছার্ভেণ্ট এই শব্দটোৰ অসমীয়াত এটাই শব্দ বা অর্থ আছে, বহুজাতিক কোম্পানীৰ হওক, চৰকাৰৰ হওক যিহৰে নহওক, ছার্ভেণ্ট মানে অসমীয়াত চাকৰ ৷ গতিকে ছাত্র–ছাত্রীসকলে নিজক কি বুলি প্রতিষ্ঠা কৰিব, সেয়া সিদ্ধান্ত লোৱাৰ সময় আহিল৷ শিক্ষাৰ প্রকৃত অর্থ সম্পর্কে স্বামী বিবেকানন্দৰ উদ্ধৃতি দি তেওঁ কয়- শিক্ষা হৈছে পূর্ণতাৰ অভিব্যক্তি৷ এই যে আমি যিসমূহ বিষয় পঢ়োঁ যেনে- বিজ্ঞান, সমাজবিজ্ঞান, অংক, ৰাসায়নিক বিজ্ঞান, প্রাণী বিজ্ঞান, এই সকলোবোৰ বিষয় কেৱল সহায়ক ৷ ভগৱানে আমাক অনাথ কৰি পঠোৱা নাই ৷ আমাৰ ভিতৰত পূর্বৰ পৰাই থকা গুণক পূর্ণতাৰ বাবে কৰা প্রকাশহে শিক্ষা ৷ বিশিষ্ট অতিথিগৰাকীয়ে ছাত্র–ছাত্রীসকলক মহাভাৰত আৰু উপনিষদৰ দ্বাৰা বর্ণিত বাণীৰ দ্বাৰা অনুপ্রাণিত হ’ব পৰাকৈ বিস্তৃত ব্যাখ্যাৰে উল্লেখ কৰে যে শ্রদ্ধা আৰু নিষ্ঠা অবিহনে এগৰাকী প্রকৃত মানুহ হ’ব নোৱাৰে৷ শ্রদ্ধা শব্দৰ অর্থ হৈছে সংকল্প, সন্মতি, বিশ্বাস, স্থিতি, নিজে যিটোক সত্য বুলি ভাবিছোঁ সেয়াই শ্রদ্ধা আৰু নিষ্ঠা হৈছে অকাগ্র সংকল্প৷ সেয়ে শ্রদ্ধা আৰু নিষ্ঠা হৈছে মহাজীৱনৰ মহামন্ত্র৷ লগতে তেওঁ কয়, আধুনিকতাই মানুহৰ জীৱনৰ পৱিত্রতাক নিঃশেষ কৰিছে, আজি পুৰুষ–মহিলা সকলোৰে নগ্ণ ছবি প্রকাশ হৈছে৷ আধুনিকতাৰ নামত মানুহ উন্মাদ হৈছে৷ গতিকে ছাত্র–ছাত্রীসকলক প্রকৃত শিক্ষা গ্রহণ কৰি শ্রদ্ধা আৰু নিষ্ঠাৰে প্রকৃত মানুহ হোৱাৰ আহ্বান জনাইছে৷ নিজৰ পিতৃ-মাতৃ, সমাজ, ৰাজ্য আৰু ৰাষ্ট্রৰ প্রতি দায়বদ্ধ হ’বলৈ আহ্বান জনায়৷ অনুষ্ঠানটোৰ পূর্বে মুখ্য অতিথিগৰাকীয়ে বিদ্যালয়ৰ ছাত্র–ছাত্রীসকলে প্রস্তুত কৰা প্রাচীৰ পত্রিকা উন্মোচন কৰে৷ বিদ্যালয়ৰ সঞ্চালকদ্বয় অচ্যুত দ্বীপ শহকীয়াই আদৰণী ভাষণ প্রদান কৰাৰ লগতে অপূর্ব চন্দ্র ডেকাই নৱাগতসকলক উদ্দেশ্যি বিদ্যালয় উত্তৰণ আৰু বর্তমান আৰু পূর্বৰ পৰিকল্পনা সম্পর্কে বক্তব্য প্রদান কৰে৷ বিদ্যালয়ৰ সংগীত শিল্পীসকলে সমৱেত সংগীত পৰিৱেশন কৰাৰ পাছতে মুখ্য অতিথিগৰাকীয়ে বন্তি প্রজ্বলন কৰি অনুষ্ঠানৰ আৰম্ভ কৰে ৷ বিদ্যালয়ৰ শিক্ষক দেৱজিত ৰাজখোৱাই আঁত ধৰা অনুষ্ঠানত বিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষ ভোলা নাথ শর্মাৰ লগতে নিমন্ত্রিত ব্যক্তিসকলে উপস্থিত থাকি ন–পুৰণি ছাত্র–ছাত্রীসকলে পৰিৱেশন কৰা সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰে৷

প্ৰেৰক ইউছুফ আলী

You might also like