নিয়মীয়া বাৰ্তা, ২২ মেঃ আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যখনৰ ভিতৰতে দশম স্থান লাভ কৰি বৃহত্তৰ টিহু অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰ ছাত্ৰ প্ৰজ্ঞান শৰ্মাই। টিহুৰ ওচৰৰ পূব বালিপাৰা গাঁৱৰ তথা গনকপুখুৰী হাইস্কুলৰ সহকাৰী শিক্ষক হেমন্ত কুমাৰ শৰ্মা আৰু বিজুলী দেৱীৰ পুত্ৰ প্ৰজ্ঞান শৰ্মাই ফলাফল লাভ কৰি নিজকে সুখী বুলি ব্যক্ত কৰে। ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱা লক্ষ্যৰে তেওঁ বিজ্ঞান শাখাত নাম ভৰ্তি কৰিব। আজৰি সময়ত ছবি আঁকি ভালপোৱা টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰ শিক্ষাৰ্থী প্ৰজ্ঞান শৰ্মাই ৯৭.৫ শতাংশ নম্বৰ লাভেৰে দশম স্থান অধিকাৰ কৰে। প্ৰজ্ঞানে অসমীয়া, ইংৰাজী, সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানত ৯৭ নম্বৰকৈ আৰু উচ্চ গণিতত ১০০ নম্বৰ সহ মুঠ ৫৮৫ নম্বৰ লাভ কৰে। পৰীক্ষাৰ ফলাফল ঘোষনা কৰাৰ পাছতে বিদ্যালয়খনত এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়। ইপিনে, প্ৰজ্ঞানক লৈ বিদ্যালয়ৰ শিক্ষক–শিক্ষাৰ্থীসকলে টিহু নগৰত এক শোভাযাত্ৰা উলিওৱাও পৰিলক্ষিত হয়। এনে উৎসৱমুখৰ পৰিবেশৰ মাজতে বিদ্যালয়খন উপস্থিত হৈ স্থানীয় বিধায়ক তথা পঞ্চায়ত, গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস উপস্থিত হৈ প্ৰজ্ঞান শৰ্মাক অভিনন্দন জনায়। মন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থী গৰাকীক অভিনন্দন জনাই সংবাদ মাধ্যমৰ আগত সফলতাৰ ক্ষেত্ৰত মাধ্যম বা ভাষা কেতিয়াও অন্তৰায় হ’ব নোৱাৰে বুলি মন্তব্য কৰে। শিক্ষাৰ্থী গৰাকীৰ এনে সফলতাক টিহু আঞ্চলিক ছাত্ৰ সন্থা, টিহু সাহিত্য সভা, টিহু আঞ্চলিক কৰ্মচাৰী পৰিষদ, টিহুমহকুমা সাংবাদিক সন্থা, নলবাৰী জিলা মাধ্যমিক শিক্ষৰ কৰ্মচাৰী সন্থাৰ উপ সভাপতি কিশোৰ কুমাৰ শৰ্মা, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, টিহু পৌৰসভাৰ উপ পৌৰপতি ড° সুৰজিৎ বৰ্মন, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাংগঠনিক সম্পাদক নগেন শালৈ, টিহু মণ্ডল বিজেপি আদি দল সংগঠন তথা ব্যক্তি বিশেষে অভিনন্দন জনাইছে।
প্ৰেৰক গুণজিৎ কলিতা