নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেংগালুৰুত সাহিত্য অকাডেমিৰ অনুষ্ঠানত কবিতা পাঠ প্ৰণৱ কুমাৰ বৰ্মনৰ

🔹 অসমৰ জনপ্ৰিয় কবিগৰাকীৰ কবিতাই মুগ্ধ কৰিলে বহুতকে

নিয়মীয়া বাৰ্তা, ১৪ জুলাই : সাহিত্য অকাডেমি নতুন দিল্লীৰ উদ্যোগত কৰ্ণাটকৰ বেংগালুৰুত কালি অনুষ্ঠিত “অভিব্যক্তি” শীৰ্ষক মনোজ্ঞ অনুষ্ঠানত অসমৰ হৈ অংশগ্ৰহণ কৰি স্ব-ৰচিত কবিতা পাঠ কৰি সাহিত্যপ্ৰেমীক মুগ্ধ কৰে অসমৰ প্ৰতিষ্ঠিত কবি প্ৰণৱ কুমাৰ বৰ্মনে । অনুষ্ঠানত তিনিটাকৈ কবিতা পাঠ কৰে বৰ্মনে । অনুষ্ঠানত বৰ্মনৰ কবিতা পাঠ শুনি প্ৰশংসাত পঞ্চমুখ হৈ পৰে বহুকেইগৰাকী সাহিত্যিক । অকাডেমিৰ সচিব শ্ৰীনিৱাস ৰাৱে কয় যে প্ৰণৱ কুমাৰ বৰ্মন বয়সত সৰু, কিন্তু এজন শক্তিশালী কবি । একেদৰে বিখ্যাত কানাড়া সাহিত্যিক অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক বিবেক চানবাগে কয় যে প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা ব্যতিক্ৰম । সাহিত্য অকাডেমিৰ সদস্য মনো বালেগাৰে কয় যে বৰ্মনৰ কবিতাই জীৱন আৰু জগতক নতুন অৰ্থ দিছে। দিল্লী বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ মুৰব্বী অধ্যাপিকা আৰু সাহিত্য অকাডেমিৰ উপ-সভাপতি কুমুদ শৰ্মাই কয় যে প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতাই ভাৰতবৰ্ষক জীয়াই ৰাখিব । মনুষ্যত্বক জীয়াই ৰাখিব । সমান্তৰালভাৱে শতাধিক কাব্যমোদীয়ে প্ৰণৱ বৰ্মনক তেওঁৰ ব্যতিক্ৰমী কবিতাৰ বাবে অভিনন্দন জনাই কয় যে এনে কবিতাইহে ভাৰতবৰ্ষৰ স্বাধীনতা, ভাৰতবৰ্ষৰ অধিকাৰ, সংবিধানক জীয়াই ৰাখিব । “অভিব্যক্তি” শীৰ্ষক অনুষ্ঠানটোত সাহিত্য অকাডেমিৰ সভাপতিগৰাকীৰ লগতে বিভিন্ন ৰাজ্যৰ প্ৰতিষ্ঠিত কবি, সাহিত্যিক, সাহিত্যপ্ৰেমীয়ে অংশগ্ৰহণ কৰে ।

বেংগালুৰুৰ পৰা প্ৰাঞ্জল প্ৰতিম

You might also like