নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত পঞ্চভূতত বিলীন প্ৰণৱজিত চলিহা

নিয়মীয়া বাৰ্তা,  ১৪ ছেপ্টেম্বৰ : “স্বাভিমানী অসমীয়াৰ সাহসৰ প্ৰতীক, অসমী আইৰ সুযোগ্য সন্তান, অসম আন্দোলনৰ দুৰ্দান্ত সৈনিক, আজন্ম জাতিপ্ৰেমী প্ৰণৱজিত চলিহা ওৰফে ৰমুৱে হাজাৰ হাজাৰ শোকাৰ্ত জনতাৰ শোক মিছিলৰ মাজেৰে চিৰদিনৰ বাবে অসমী আইৰ কোলাত শুই পৰিল ৷ ওৰেটো জীৱন অসম আৰু অসমীয়াৰ স্বাভিমান ৰক্ষাৰ বাবে নিজকে উৎসৰ্গা কৰা এইগৰাকী প্ৰবল জাতীয়তাবাদী বজ্ৰ কন্ঠৰ অন্তিম যাত্ৰাত চামিল হবলৈ হিলদ’ল ভাঙি ওলাই আহিল শোকবিহ্বল জনতা ৷ উৎকট গৰম, প্ৰখৰ ৰ’দকো নেওচি মৰমৰ নেতাজনৰ নশ্বৰ দেহৰ শেষ দৰ্শনৰ বাবে প্ৰণৱজিত চলিহাৰ ফুকন নগৰস্থিত বাসগৃহত পুৱতি নিশাৰে পৰা অসমপ্ৰেমী জনতাৰ লানি নিছিগা সোঁত বৈছিল ৷ জাতি-মাটিৰ প্ৰশ্নত আমৃত্যু আপোচ নকৰা, জীৱনৰ অন্তিম শ্বাস চলি থকা পৰ্য্যন্ত আঠু কাঢ়ি অধিকাৰ নিবিচৰা এইগৰাকী নিৰ্ভেজাল অসমপ্ৰেমীৰ অন্তিম যাত্ৰাত বৰ্ণ-ধৰ্ম নিৰ্বিশেষে অগণিত লোকে অংশগ্ৰহণ কৰে ৷ অসম আৰু অসমীয়াৰ জাতীয় স্বাৰ্থ – স্বাভিমান ৰক্ষা কৰিবলৈ গৈ ১২৭ বাৰকৈ কাৰাগাৰলৈ যোৱা প্ৰণৱজিত চলিহাৰ কালি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত দেহাৱসান ঘটাৰ পিছতেই শদিয়াৰ পৰা ধুবুৰীলৈ বৈছিল শোকৰ বন্যা ৷ এইগৰাকী সিংহপুৰুষৰ অন্তিম যাত্ৰাত পৰিলক্ষিত হল জাতীয়তাবাদী দল-সংগঠনসমূহৰ লগতে বিভিন্ন শ্ৰেণীৰ লোকৰ অংশগ্ৰহণ ৷ শেহতীয়াকৈ চৰম আৰ্থিক দৈন্যত ভুগি উন্নত চিকিৎসাৰ অভাৱত কৰুণ মৃত্যুক সাবটিলেও আঁঠু নোলোৱাকৈয়ে বীৰৰ দৰে বন্ধ কফিনত উভতি অহা এইগৰাকী প্ৰণৱজিত চলিহাৰ অন্তিম যাত্ৰাৰ প্ৰাকক্ষণত নিজ গৃহৰ চোতালতেই অনুস্থিত হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ প্ৰাক্তন আছু নেতা প্ৰদীপ বৰগোহাঁয়ে আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুস্থানত সদৌ অসম ছাত্ৰ সন্থা, প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলন, অসম জাতীয় পৰিষদ, বীৰ লাচিত সেনা, শিৱসাগৰ লেখিকা সমাৰোহ সমিতি, শিৱসাগৰ জিলা মহিলা সমিতি, বৃহত্তৰ মেলা চকৰ মহিলা সমিতি, মেলা চকৰ নামঘৰ সমাজ, শিৱসাগৰ জিলা মইনা পাৰিজাত, শিৱসাগৰ ব্যাপ্তিষ্ট সমাজ, শিৱসাগৰ শিশু ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ, চফী মাৰ্চি মেমৰিয়েল স্কুল, মাধৱদেৱ নামঘৰ মহিলা সমাজ, উজনি অসম মুছলিম কল্যাণ পৰিষদ, ৰংমন, সদৌ অসম ভোজপুৰী পৰিষদ, শিৱসাগৰ জিলা নিবনুৱা পৰিষদ, অসমীয়া যুৱ মঞ্চ, পৌৰসভা, শিৱসাগৰ নাগৰিক সংঘ, ঐক্য সেনা, ৰংপুৰ গাঁওৰক্ষী বাহিনী, পৌৰ কৰদাতা নাগৰিক মঞ্চ, বাঘ হাজৰিকা জাগৰণ মঞ্চ, ভাৰতীয় জনতা পাৰ্টীৰ জিলা-নগৰ মণ্ডল সমিতিকে ধৰি অগণন অনুস্থান- প্ৰতিস্থান, দল-সংগঠনে প্ৰিয় নেতাগৰাকীৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷ ইয়াৰ পিছতেই সকলো ধৰ্মীয় ৰীতি-নীতি সম্পন্ন কৰি হাজাৰ হাজাৰ শোকাৰ্ত জনতাই জয় আই অসম ধ্বনিৰে আৰম্ভ কৰে প্ৰণৱজিত চলিহাৰ অন্তিম যাত্ৰা ৷ স্বৰ্গৰথত বীৰৰ দৰে আগুৱাই যোৱা আজন্ম অসমপ্ৰেমীজনক পথৰ দুয়োকাষৰ জনতাই পুষ্প নিবেদনেৰে শ্ৰদ্ধা জনায় ৷ প্ৰায় সাত কিলোমিটাৰ পথ অতিক্ৰম কৰোঁতে চাৰি ঘন্টাতকৈও অধিক সময় লগা প্ৰণৱজিত চলিহাৰ নশ্বৰ দেহ মানস পুত্ৰ খ্যাত পিয়লি ফুকন ষ্টেডিয়ামৰ সন্মুখত অন্তিমবাৰৰ বাবে ক্ষন্তেক সময়ৰ বাবে ৰখোৱা  হয় ৷ দুপৰীয়া এক বজাত ফুকন নগৰ শ্মশানস্থলীত উপস্থিত হোৱাৰ পিছতেই শিৱসাগৰ জিলা প্ৰশাসনৰ হৈ উন্নয়ন আয়ুক্ত  বিতোপন নেওগ, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিয়ে  শ্ৰদ্ধা নিবেদন কৰাৰ অন্তত শিৱসাগৰ আৰক্ষীয়ে প্ৰদান কৰে ৰাজ্যিক মৰ্যাদাৰ সন্মান ৷ ইয়াৰ পিছতেই পুত্ৰ শৃংখল চলিহাই পিতৃৰ মুখাগ্নি কৰে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান 

You might also like