নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ ৰাজ্যিক মৰ্যাদাৰে প্ৰণৱজিত চলিহাৰ শেষকৃত্য

নিয়মীয়া বাৰ্তা ১৩ ছেপ্টেম্বৰঃ অসম আন্দোলনৰ শীৰ্ষ নেতা তথা সিংহপুৰুষ প্ৰণৱজিত চলিহাৰ শেষকৃৰ্ত্য ৰাজ্যিক মৰ্য্যদাৰে সম্পন্ন কৰা হব ৷ আজি সন্ধিয়া শিৱসাগৰ জিলা উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱে প্ৰণৱজিত চলিহাৰ পুত্ৰ শৃংখল চলিহাক ফোনযোগে এই কথা জানিবলৈ দিয়ে ৷ ইতিমধ্যে কেই মুহূত্বমানৰ পুৰ্বে উপায়ুক্তগৰাকী প্ৰণৱজিত চলিহাৰ বাসগৃহত উপস্থিত হৈছেগৈ ৷ ইফালে অসম বাসীৰ আদৰৰ সাহসী নেতা গৰাকীক এবাৰ ওচৰৰ পৰা চাবলৈ ফুকন নগৰৰ বাসগৃহত শোকাবিভূৰ্ত জনতাৰ লানি নিচিগা সোঁত বৈছে ৷ ডিঙিত স্বাভীমান নিহিত গামোচা ওলোমাই সংগ্ৰামত নামি পৰা নেতাগৰাকীৰ নশ্বৰ দেহত আপোন গামোচাখন দি শ্ৰদ্ধা জনোৱা চিনাকী-অচিনাকী জনে হিয়া ঢ়াকুৰি কন্দাৰ কৰুণ দৃশ্যই স্পষ্ট কৰি দিছে প্ৰণৱজিত চলিহা প্ৰতিগৰাকী অসমক ভাল পোৱা স্বাভিমানী অসমীয়াৰ হৃদয়ৰ নেতা আছিল ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like