দীনদয়াল দিব্যাংগ পেঞ্চন আচনিৰ পৰা ধনৰ পৰা হিতাধিকাৰী নাম কৰ্তন: ৰাজপথ অৱৰোধ কৰি প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ উত্তাল প্ৰতিবাদ
সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ৰ পৰা প্ৰতিবাদী সমদল কৰি দীঘলীপুখুৰী পাৰত অৱস্থান
নিয়মীয়া বাৰ্তা ১৭ আগষ্টঃ সমাজকল্যাণ বিভাগৰ সঞ্চালকৰ ময়মতালীৰ বাবেই দীনদয়াল দিব্যাংগ পেঞ্চন আচনিৰ পৰা প্ৰকৃত হিতাধিকাৰীৰ নাম কৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্হা অসমে৷ বিগত মাহলৈকে ১,৬০, ৬১২গৰাকী হিতাধিকাৰীয়ে আচনিৰ ধন লাভ কৰি আছিল যদিও চলিত মাহত এই ধনৰাশি মাত্ৰ ৮০হাজাৰ হিতাধিকাৰীক প্ৰদান কৰি প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰা বুলি গুৰতৰ অভিযোগ কৰিছে সংগঠনটোৱে৷ সংগঠনটোৰ সম্পাদক নৃপেন মালাকাৰৰ নেতৃত্বত দুই শতাধিক প্ৰতিবাদকাৰীয়ে সোমবাৰে প্ৰথমে সমাজ কল্যাণ সঞ্চালকালয়ৰ মূখ্য প্ৰবেশদ্বাৰত অৱস্থান কৰি প্ৰতিবাদ সাব্যস্ত কৰে যদিও দিনৰ ২:৩০ বজালৈ সঞ্চালক বিভাস মোদীয়ে প্ৰতিবাদ কাৰী সকলক সাক্ষাৎ নকৰাত ক্ষুন্ন হৈ সেই স্হান এৰি দিছপুৰলৈ ৰাওনা হয়৷ কিন্তু ৰাজ্যৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আমবাৰীত এটা বিশেষ কাৰ্যসূচীত উপস্থিত থকা হেতুকে ৰবীন্দ্ৰ ভৱনৰ সম্মুখত আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক বাধা প্ৰদান কৰে৷
আৰক্ষীৰ এনে কৰ্মকাণ্ডত ক্ষুন্ন হৈ প্ৰতিবাদকাৰী সকলে ৰাজপথতে অৱস্থান কৰি অসম চৰকাৰ হায় হায়, সঞ্চালক বিভাস মোদী মুৰ্দাবাদ, বিভাস মোদীৰ ময়মতালী নচলিব, প্ৰতিবন্ধীৰ প্ৰাপ্য অধিকাৰ আদায় দিয়ক, কৰ্তন কৰা প্ৰকৃত হিতাধিকাৰীৰ নাম অন্তভুৰ্ক্ত কৰি পেঞ্চন প্ৰদানৰ ব্যৱস্থা কৰক, চাৰি মাহৰ বকেয়া ধন আদায় দিয়ক, আমাৰ দাবী মানিবই লাগিব আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ কিছুসময় পিছত সমাজ কল্যাণ বিভাগৰ সঞ্চালককে ধৰি কেইবাগৰাকীও উচ্চ পদস্থ বিষয়া উপস্থিত হৈ প্ৰতিবাদকাৰী সকলক ক্ষান্ত কৰিব বিছাৰে যদিও বিষয়টো সমাধান নোহোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰাখিব বুলি হুংকাৰ দিয়ে৷ দীৰ্ঘসময় অৱস্থান কৰাৰ পিছত সঞ্চালক গৰাকীয়ে বিষয়টো সমাধান কৰিব বুলি আশ্বাস দিয়াত প্ৰতিবাদী কাৰ্যসূচী সাময়িকভাৱে স্হগিত ৰাখে৷
উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে পথটোৰে পাৰ হৈ যোৱাৰ কিছুসময় পিছত প্ৰতিবাদকাৰীৰ প্ৰতিবাদত সেও মানি নিজৰ কাৰ্যলয়ৰ সম্মুখত লগ কৰিব নোৱাৰা সঞ্চালক গৰাকীয়ে ৰাজপথত আহি প্ৰতিবাদ কাৰী সকলৰ পৰা স্মাৰকপত্ৰ গ্ৰহণ কৰিবলৈ বাধ্য হয়৷ প্ৰতিবাদ কাৰী সকলে কামৰূপ জিলাত প্ৰতিবন্ধীৰ পৰা উৎকোচ বিছৰা ঘটনাৰ প্ৰকৃত তদন্তৰ খাটিৰত জিলা সমাজ কল্যাণ বিষয়া ৰুবুল শৰ্মাক তেওঁৰ স্হানৰ পৰা স্হানান্তৰ কৰিবলৈ দাবী জনায়৷ প্ৰতিবাদ স্হলীত উপস্থিত থকা দৃষ্টিহীন পৰিষদ অসমৰ কাৰ্যকৰী সভাপতি নিপুল কলিতাই কয় যে ধনবলৰ জৰিয়তে সকলোকে মেনেজ কৰি ৰখা বাবেই ৰুবুল শৰ্মাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহন কৰিব পৰা নাই নেকি বুলি প্ৰশ্ন উত্থাপন কৰাৰ লগতে তেওঁৰ ধনৰ ভাগ বিভাগৰ আমোলা বিষয়াই লাভ কৰে নেকি বুলি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে৷ যদিহে প্ৰকৃত হিতাধিকাৰী সকলক শীঘ্ৰেই অন্তৰ্ভুক্ত, ৪মাহৰ বাকেয়া পেঞ্চন আদায় দিয়া, জিলা সমাজ কল্যাণ বিষয়া গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অনাগত দিনত দিছপুৰৰ ৰজাঘৰৰ সম্মুখত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি হুংকাৰ দিয়ে৷ আজিৰ প্ৰতিবাদী কাৰ্যসূচীত মধ্য অসম প্ৰতিবন্ধী সুৰক্ষা সংস্হা, বিটিএডি প্ৰতিবন্ধী সুৰক্ষা সংস্হা, কটন বিশ্ববিদ্যালয়ৰ দৃষ্টিহীন ছাত্ৰ ছাত্ৰী সকল উপস্থিত আছিল