নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টংলাত প্ৰাক বিদ্যালয় শিক্ষক প্ৰশিক্ষণৰ সামৰণি

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰী : অসম জাতীয় বিদ্যালয় শিক্ষা সংসদ চমুকৈ এজবেকৰ উদ্যোগত ওদালগুৰি জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সহযোগত ১১ জানুৱাৰীৰ পৰা টংলাত অনুষ্ঠিত প্ৰাক বিদ্যালয় শিক্ষক প্ৰশিক্ষণৰ আজি সামৰণি পৰে । জাতীয় বিদ্যালয় অসম, টংলাস্থিত জিলা সমিতিৰ কাৰ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিত এই প্ৰশিক্ষণ শিবিৰত জিলাখনৰ জাতীয় বিদ্যালয়সমূহৰ অৰ্ধশতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে । শিবিৰত সমল ব্যক্তি ৰূপে অংশ লয় অসম জাতীয় বিদ্যালয়, নুনমাটিৰ শিক্ষয়িত্ৰী জুৰি গোস্বামী আৰু জুলি শইকীয়াই । শিকন সঁজুলি, ক্ৰিয়াকলাপৰ মাজেৰে প্ৰাক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক কিদৰে শিক্ষাদান কৰিব পাৰি, শিক্ষণ প্ৰক্ৰিয়া কিদৰে আনন্দময় কৰি তুলিব পাৰি, সেই বিষয়ে প্ৰশিক্ষণ দিয়ে প্ৰাক বিদ্যালয়ৰ শিক্ষকসকলক । আকৰ্ষণীয়-আনন্দময় শিক্ষণ পদ্ধতিৰে শিক্ষাদান কৰি শিশুৰ বিকাশ সাধনত গুৰুত্ব আৰোপ কৰা হয় এই প্ৰশিক্ষণত । কাৰ্ড অথবা শিকন সঁজুলিৰে সংখ্যাৰ ধাৰণা, পৰিৱেশৰ ধাৰণা দিয়াকে ধৰি আখৰ চিনাকি, গণনা শক্তিৰ বিকাশ ঘটোৱা ইত্যাদি দিশত শিশুক কিদৰে ফলপ্ৰসূ শিক্ষাদান কৰিব পাৰি, তাৰ কৌশলসমূহ প্ৰশিক্ষাৰ্থী শিক্ষকসকলক শিকাই-বুজাই দিয়ে সমল ব্যক্তিসকলে । আজি বিয়লি অনুষ্ঠিত সামৰণী অনুষ্ঠানত ওদালগুৰি জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সভাপতি নন্দেশ্বৰ ঠাকুৰীয়া, সম্পাদক হিৰণ্য কাশ্যপ, প্ৰাক্তন সম্পাদক জেভিদ হুছেইন, জাতীয় বিদ্যালয় অসম, টংলাৰ অধ্যক্ষ যোগেন্দ্ৰ নাথ ডেকা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like