৩৬ বছৰৰ মূৰত পাঁচদিনীয়াকৈ বগীনদীৰ মিগমচুকত পঃৰাগ উৎসৱ
নিয়মীয়া বাৰ্তা, বগীনদী, ৩ মাৰ্চ : মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত পঃৰাগ উৎসৱৰ ব্যাপক প্ৰস্তুতি চলিছে মিগমচুক ক্ষেত্ৰত। লখিমপুৰ জিলাৰ তথা কদম ৰাজহ চক্ৰৰ অন্তৰ্গত বধাকৰাৰ মিগমচুকবাসীয়ে ৩৬ বছৰৰ মূৰত এইবাৰ ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে পঃৰাগ উৎসৱৰ। মুলত চহা মিছিং জনগোষ্ঠীৰ পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ পঃৰাগ উৎসৱ অথবা নৰা চিঙা উৎসৱ হিচাপে, আলি আয়ে লৃগাংৰ দৰে ফাগুন মাহতে পালন কৰি আহিছে। তেনেদৰে বধাকৰাৰ মিগমচুকবাসীৰ সৌজন্যত পঃৰাগ উৎসৱ আয়োজনৰ ব্যাপক প্ৰস্তুতি চলিছে। সমাগত ২২, ২৩, ২৪, ২৫ আৰু ২৬ ফাগুনত অৰ্থাৎ ৭, ৮, ৯, ১০ আৰু ১১ মাৰ্চত পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পঃৰাগ উৎসৱ পালন কৰিব গাঁওখনৰ ৰাইজে।
ইতিমধ্যে গংগাধৰ দলেক সভাপতি আৰু মণি কুমাৰ পেগুক সম্পাদক হিচাপে লৈ কেইবাখনো উপ সমিতিৰে এখন শক্তিশালী উদযাপন সমিতি গঠন কৰি উৎসৱৰ উঠি পৰি লাগিছে। উৎসৱ স্থলীত স্থানীয় ৰাইজৰ সহযোগত মিছিং জনগোষ্ঠীৰ সংস্কৃতিৰ বাহক মুৰং অকুম নিৰ্মাণৰ কামত লাগি পৰিছে উদযাপন সমিতিৰ কৰ্মকৰ্তা সকলে। তেনেদৰে উৎসৱ আয়োজনক লৈ পিছ পৰি থকা নাই গাঁওখনৰ মিছিং মহিলা সকলে। উৎসৱৰ সময়ত আলহী অতিথিক আদৰিবলৈ বিভিন্ন ধৰণৰ সুস্বাদু জনগোষ্ঠীয় খাদ্য সম্ভাৰ গোটোৱাত ব্যস্ত হৈ থকা মহিলা সকলে সমান্তৰালকৈ জনগোষ্ঠীয় সাজপাৰ ৰিবি গাছেং, মিবু গালেং প্ৰস্তুত কৰিবলৈ তাঁতশালত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে।