নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলাত সদৌ অসম ভিত্তিত শিশু ভাওনা প্ৰতিযোগিতাৰ প্ৰস্তুতি

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰ : গুৰুজনাৰ অনুপম সৃষ্টি ভাওনাৰ সৈতে শিশুসকলক জড়িত কৰি সৰ্বাঙ্গীন বিকাশৰ এক মহৎ উদ্দেশ্যেৰে তিতাবৰ মহকুমাৰ বৰহোলাত প্ৰথমবাৰৰ বাবে বৰ্ণাঢ্য কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত শিশু ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলাইছে। শংকৰ-মাধৱ শিশু শিল্পী সমাজৰ উদ্যোগত ৫ মাৰ্চৰ পৰা ১২ মাৰ্চলৈ বৰহোলাত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাখনৰ বাবে ইতিমধ্যে এখন পূৰ্ণাংগ উদযাপন সমিতি আৰু কেইবাখনো শাখা সমিতি সমিতি গঠন কৰি প্ৰাৰম্ভিক কাম-কাজসমূহ দ্ৰুত গতিত আগবঢ়াইছে। উদযাপন সমিতিৰ বাবে সভাপতি নবীন হাজৰিকা, কাৰ্যকৰী সভাপতি ক্ৰমে যোগেন শইকীয়া, মুকুট বৰা, মুখ্য সম্পাদক দেৱজিৎ সোণোৱাল, সম্পাদক ক্ৰমে সীমান্ত শইকীয়া, মনোজ শইকীয়া আৰু বিদ্যুৎ সোণোৱালক দায়িত্ব অৰ্পণ কৰিছে। মুখ্য সম্পাদক দেৱজিৎ সোণোৱালে জানিবলৈ দিয়া মতে বৰ্তমান ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা ভাওনাৰ দল সমূহৰ পৰা পাণ্ডুলিপি গ্ৰহণৰ কাম আৰম্ভ কৰিছে উদযাপন সমিতিয়ে। সেয়ে ২৭ নৱেম্বৰৰ ভিতৰত পাণ্ডুলিপি সমূহ উদযাপন সমিতিক জমা দিবলৈ সকলো প্ৰতিযোগী দলক আহ্বান জনাইছে। ইফালে প্ৰতিযোগিতাখনৰ লগত সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰো যো-জা চলাইছে। স্মৃতিগ্ৰন্থখনৰ বাবে সকলো প্ৰান্তৰ লেখক-লেখিকাসকলৰ পৰা বিষয়বস্তুৰ লগত সংগতি থকা লেখা বিচৰা হৈছে। স্মৃতিগ্ৰন্থৰ সম্পাদকৰ দায়িত্বত আছে ৰবীন মহন্ত। প্ৰতিযোগিতাত প্ৰথমৰ পৰা পঞ্চমলৈ স্থান লাভ কৰা দলক নগদ ধনৰ পুৰস্কাৰ প্ৰদান কৰিব। প্ৰতিযোগিতাত শ্ৰেষ্ঠ হোৱা গায়ন-বায়ন, দোহাৰ, শৃংখলাবদ্ধ দল, ৰূপসজ্জা, পৰিচালক, সুত্ৰধাৰ, ভগৱান চৰিত্ৰ, অভিনেতা, নাৰী চৰিত্ৰ আদিক পুৰস্কাৰ প্ৰদানেৰে সন্মানীত কৰিব। প্ৰতিযোগী দলসমূহে উদযাপন সমিতিৰ ৯৪৩৫৭৯৬৯২৩, ৬০০২৮৩৬৯৭৯, ৭৮৯৬১৮৮৩৩৩, ৮৮১১৮০৬০০৭ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

প্ৰেৰক অজয় শইকীয়া

You might also like