নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ-পূৰ্বাঞ্চলত এবিভিপিৰ SEIL কাৰ্য্যক্ৰমৰ প্ৰস্তুতি

বিশেষ বাৰ্তা, ১ নৱেম্বৰঃ উত্তৰ পূব ভাৰত আৰু ভাৰতবৰ্ষৰ অন্যন্যা ৰাজ্যসমূহৰ মাজত সম্পৰ্ক আৰু অধিক দৃঢ় আৰু সাংস্কৃতিক আদান প্ৰদানৰ উদ্দেশ্যেৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ১৯৬৫ চনৰ পৰা প্ৰতিবছৰে ‘Student’s Experience In Inter-state Living’ চমুকৈ ‘SEIL’ নামৰ কাৰ্যক্ৰম অনুষ্ঠিত কৰি আহিছে। উল্লেখযোগ্য যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তদানীন্তন ৰাষ্ট্ৰীয় অধ্যক্ষ তথা অসমৰ প্ৰাক্তন ৰাজ্যপাল পদ্মনাথ ৱালাকৃষ্ণন আচাৰ্যৰ চিন্তাৰ ফচল হৈছে এই SEIL কাৰ্য্যক্ৰম। পি.ভি. আচাৰ্যই উত্তৰ-পূব ভাৰত আৰু ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ লগত এক নিবিড় সম্পৰ্ক স্থাপনৰ উদ্দেশ্যেৰে এই SEIL নামৰ কাৰ্যক্ৰমৰ আৰম্ভণি কৰিছিল। এই কাৰ্যক্ৰমৰ অধীনত ভাৰতবৰ্ষৰ অন্য বিভিন্ন প্ৰান্তৰ পৰা বিদ্যাৰ্থী কাৰ্যকৰ্তা উত্তৰ-পূৰ্বাঞ্চললৈ অনা হ’ব আৰু তেওঁলোকক ইয়াৰ বিভিন্ন জিলাসমূহলৈ পঠোৱা হ’ব। উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জিলাত তেওঁলোকে পোন্ধৰ দিন কতাব। এই সময়ছোৱাত তেওঁলোকে সেই জিলাখনৰ সংস্কৃতি, খাদ্য,আচাৰ-ব্যৱহাৰ আৰু ৰীতি-নীতিৰ বিষয়ে অৱগত হোৱাৰ সুযোগ আৰু সুবিধা লাভ কৰিব । এই বৰ্ষৰ নবেম্বৰ মাহৰ ৫ তাৰিখৰ পৰা ১৯ তাৰিখলৈ এই SEIL কাৰ্যক্ৰম অনুষ্ঠিত কৰা হ’ব, যাৰ অধীনত দেশৰ অন্য বিভিন্ন প্ৰান্তৰ ৭৫জন বিদ্যাৰ্থী কাৰ্যকৰ্তা উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণলৈ আহিব। তেওঁলোকে ৫ নবেম্বৰ পৰা ১৯ নবেম্বৰলৈ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জিলা ভ্ৰমণ কৰিব আৰু পাছত তেওঁলোকে পুনৰ উনৈশ নবেম্বৰ তাৰিখে গুৱাহাটী মহানগৰীত উপস্থিত হ’ব। ২০ নবেম্বৰত গুৱাহাটী মহানগৰীৰ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত ‘SEIL’ কাৰ্যক্ৰমৰ জড়িতে উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণলৈ অহা কাৰ্যকৰ্তা সকলৰ বিদায় অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব। এই অনুষ্ঠানটোত বিশেষ ভাৱে উপস্থিত থাকিব ৰাজ্যপাল গোলাপ চান্দ কটাৰিয়া আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

You might also like