🔹 গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৩২সংখ্যক দীক্ষান্ত সমাৰোহ
বিশেষ বাৰ্তা, ১০ এপ্রিল : অহা ২৫ এপ্রিলত গুৱাহাটীলৈ আহিব ৰাষ্ট্রপতি দ্রৌপদী মুর্মু৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৩২সংখ্যক দীক্ষান্ত সমাৰোহত মুখ্য অতিথি হিচাপে ৰাষ্ট্রপতিগৰাকী উপস্থিত থাকিব৷ ৰাষ্ট্রপতিগৰাকীৰ আগন্তুক ভ্রমণৰ প্রতি লক্ষ্য ৰাখি কালি দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হ’বলগীয়া খেলপথাৰ পৰিদর্শন কৰে অসম আৰক্ষীৰ আইজিপি অখিলেশ সিঙে৷ তেওঁৰ নেতৃত্বত যোৱা এটা দলে সমগ্র স্থান পৰিদর্শন কৰাৰ লগতে নিৰাপত্তাজনিত ব্যৱস্থা সম্পর্কে বিশ্ববিদ্যালয় কর্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হয়৷ এইবাৰ দীক্ষান্ত সমাৰোহত অংশগ্রহণ কৰিবলগীয়া শিক্ষার্থীৰ সংখ্যা যথেষ্ট বৃদ্ধি হোৱাৰ বাবে বিকেবি প্রেক্ষাগৃহ অথবা সমাৱর্তন কেন্দ্রৰ পৰিৱর্তে এই অনুষ্ঠান মূল খেলপথাৰত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ দীক্ষান্ত সমাৰোহত এইবাৰ প্রায় ৩,৮০০ শিক্ষার্থীয়ে অংশগ্রহণ কৰিব৷ ৰাষ্ট্রপতিগৰাকীৰ উপৰি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱেও দীক্ষান্ত সমাৰোহৰ কার্যসূচীত অংশগ্রহণ কৰিব৷ দীক্ষান্ত সমাৰোহত বিশিষ্ট চিকিৎসক অমল চন্দ্র কটকীক ডক্টৰেট অৱ ছায়েঞ্চ প্রদান কৰাৰ উপৰি ডাঃ তপন শইকীয়া আৰু অৰুণাচল প্রদেশৰ উপ–মুখ্যমন্ত্রী ছাওনা মেইনক সন্মানীয় ডক্টৰেট ডিগ্রী প্রদান কৰা হ’ব৷ আৰক্ষীৰ উপৰি লোকনির্মাণ বিভাগকে ধৰি আন কেইবাটাও বিভাগৰ প্রতিনিধিয়ে দীক্ষান্ত সমাৰোহস্থলী পৰিদর্শন কৰে৷