ৰাষ্ট্রপতিৰ ভ্রমণঃ ২৬ ফেব্রুৱাৰীত বাগৰি, ২৭ ফেব্রুৱাৰীত কঁহৰাত কোৱিন্দৰ ছাফাৰি
নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ দেশৰ ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দ অহা ২৫ ফেব্রুৱাৰীত তিনিদিনীয়া কার্যসূচীৰে অসমলৈ আহিব৷ অহা ২৫ ফেব্রুৱাৰীৰ দিনা ৰাষ্ট্রপতি কোৱিন্দে লাচিত বৰফুকনৰ ৪০০সংখ্যক জন্ম জয়ন্তীৰ কার্যসূচীৰ শুভাৰম্ভ কৰিব৷ গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত হ’বলগীয়া এই অনুষ্ঠানৰ মঙলবাৰে প্রস্তুতিৰ বুজ ল’লে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ কলাক্ষেত্রত উপস্থিত হৈ মুখ্যমন্ত্রী ড০ শর্মাই প্রস্তুতিৰ বুজ লৈ সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্য চৰকাৰে বছৰজোৰা কার্যসূচীৰে বীৰ লাচিত বৰফুকনৰ ৪০০সংখ্যক জন্ম জয়ন্তী পালনৰ ব্যৱস্থা কৰিছে৷ অহা ২৫ ফেব্রুৱাৰীৰ দিনা ৰাষ্ট্রপতি কোৱিন্দে গুৱাহাটীলৈ আহি সেই কার্যসূচীৰ শুভাৰম্ভ কৰিব৷ যোৰহাটত থকা লাচিত বৰফুকনৰ সমাধিত নতুনকৈ ২২ বিঘা মাটি লৈ সমাধিক্ষেত্রখন নতুন ৰূপত সজোৱাৰ ব্যৱস্থা কৰিছে৷ সমাধিক্ষেত্রত বীৰ লাচিত বৰফুকনৰ বিশাল প্রতিমূর্তি এটা স্থাপন কৰা হ’ব৷ সেইদৰে শৰাইঘাট যুদ্ধৰ আলাবৈ ৰণত ১০ হাজাৰ সৈনিকৰ মৃত্যু হোৱাৰ স্মৃতি যুগমীয়া কৰাৰ বাবে ৱাৰ মেম’ৰিয়েলো সেইদিনাই ৰাষ্ট্রপতি কোৱিন্দে আৰম্ভ কৰিব৷
পৰৱর্তী পর্যায়ত চৰকাৰে দিল্লী, মুম্বাই আৰু আহমেদাবাদত ছেমিনাৰ অনুষ্ঠিত কৰাৰ লগতে বছৰটোত লাচিত বৰফুকনৰ ওপৰত ৰচনা প্রতিযোগিতা আৰু তথ্যচিত্র নির্মাণকে ধৰি অন্যান্য কার্যসূচীও গ্রহণ কৰিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰে৷ ইপিনে, অহা ২৬ ফেব্রুৱাৰীত ৰাষ্ট্রপতি কোৱিন্দ তেজপুৰত উপস্থিত হৈ তেজপুৰ কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ এখন সমাৱর্তনত অংশগ্রহণ কৰিব৷ সেইদিনাই বিয়লিৰ ভাগত ৰাষ্ট্রপতি কোৱিন্দ কাজিৰঙাত উপস্থিত হ’ব আৰু কাজিৰঙাৰ সংৰক্ষণ আৰু ভৱিষ্যৎ সম্পর্কত বন বিভাগৰ সৈতে আলোচনাত মিলিত হ’ব৷ অহা ২৭ ফেব্রুৱাৰীৰ বিয়লি ৰাষ্ট্রপতি কোৱিন্দ কাজিৰঙাৰ পৰা যোৰহাটত উপস্থিত হৈ নতুন দিল্লীলৈ উভতি যাব৷
ইফালে, ২৬ ফেব্রুৱাৰীৰ বিয়লি কাজিৰঙাত উপস্থিত হৈ ৰাষ্ট্রপতি কোৱিন্দে বাগৰি বনাঞ্চলত জীপ ছাফাৰি কৰাৰ লগতে ২৭ ফেব্রুৱাৰীৰ পুৱা কঁহৰা বনাঞ্চলৰ মিহিমুখত হাতী অথবা জীপ ছাফাৰি কৰিব৷ ৰাষ্ট্রপতিগৰাকীৰ সন্মানার্থে কঁহৰাত এটা প্রদর্শনীৰো আয়োজন কৰিছে৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যান কর্তৃপক্ষই সংৰক্ষণ কৰি ৰখা গঁড়ৰ খড়গসমূহ দাহ কৰাৰ অন্তত প্রদর্শনৰ বাবে একাংশ ৰাখি থোৱা হৈছে৷ এই খড়গৰ ভিতৰত বিশ্বৰ ভিতৰতে দ্বিতীয় বৃহৎ খড়গ বুলি খ্যাত গঁড়ৰ খড়গটো প্রদর্শন কৰা হ’ব৷ সেইদৰে বিশ্বৰ ভিতৰতে সর্ববৃহৎ হাতীৰ দাঁতো প্রদর্শিত হ’ব৷ পুৰণি আহোম গাঁওসমূহৰ মডেলো প্রদর্শন কৰা হ’ব বুলি বন বিভাগে জানিবলৈ দিছে৷
ইফালে, ৰাষ্ট্রপতিগৰাকীৰ কাজিৰঙা আগমনৰ পৰিপ্রেক্ষিতত কাজিৰঙা ৰাষ্ট্রীয় উদ্যান কর্তৃপক্ষই অহা ২৬ ফেব্রুৱাৰীৰ পুৱাৰে পৰা ২৭ ফেব্রুৱাৰীৰ দুপৰীয়ালৈকে বাগৰি আৰু কঁহৰা ৰেঞ্জ পর্যটকসকলৰ বাবে বন্ধ ৰখা বুলি ঘোষণা কৰিছে৷ অৱশ্যে বুঢ়াপাহাৰ আৰু আগৰাতলী ৰেঞ্জত পর্যটকসকল সেই সময়ছোৱাত যাব পাৰিব৷