নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰী : ঢকুৱাখনাৰ সংবাদসেৱীসকলৰ উমৈহতীয়া অনুষ্ঠান প্ৰেছ গীল্ড, ঢকুৱাখনাৰ সাধাৰণ সভাখন আজি সম্পন্ন হৈ যায়। ঢকুৱাখনা নগৰস্থিত গীল্ডৰ কাৰ্যালয়ত প্ৰেছ গীল্ড, ঢকুৱাখনাৰ সভাপতি আলোক চমুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ৰাজীৱ বৰুৱাই। গীল্ডৰ সকলো সদস্য উপস্থিত থকা সভাত পুৰণি সমিতিখনে পদত্যাগ কৰাৰ পিছত সভাত সর্বসন্মতিক্রমে তুলন দত্তক সভাপতি আৰু পুলকজ্যোতি বৰাক সম্পাদক হিচাপে লৈ প্ৰেছ গীল্ড, ঢকুৱাখনাৰ নতুন সমিতিখন গঠন কৰা হয়। ১৩জনীয়া সদস্যৰে দুবছৰীয়া কাৰ্যকালৰ বাবে গঠিত প্ৰেছ গীল্ড, ঢকুৱাখনাৰ নতুন সমিতিখনত দুলেন চমুৱা আৰু আলোক চমুৱাক উপদেষ্টা, বিপুল গগৈক কাৰ্যকৰী সভাপতি, ৰাজীৱ বৰুৱাক উপ-সভাপতি, পাপু বৰুৱাক সহকাৰী সম্পাদক, অৰুণ চমুৱাক কাৰ্যালয় সম্পাদক আৰু জিতু দত্তক কোষাধ্যক্ষ হিচাপে লৈ ২০২৪-২০২৬ বৰ্ষৰ বাবে এখন শক্তিশালী সমিতি গঠন কৰা হয়। এই নতুন কমিটীয়ে অহা দুবছৰলৈ গীল্ডৰ কাম-কাজ অব্যাহত ৰাখিব।
প্ৰেৰক পুলকজ্যোতি বৰা