নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰেছ গীল্ড, ঢকুৱাখনাৰ হাৰ্হি মহাবিদ্যালয়ত পথ সুৰক্ষা সজাগতা সভা

নিয়মীয়া বাৰ্তা,  ১২ আগষ্ট : ক্ৰমবৰ্ধমান পথ দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ঢকুৱাখনা মহকুমাৰ সাংবাদিকসকলৰ উমৈহতীয়া সংগঠন প্ৰেছ গীল্ড, ঢকুৱাখনাৰ উদ্যোগত আৰু হাৰ্হি মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষ আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সহযোগত মহাবিদ্যালয়খনৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহত সোমবাৰে এখন পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা সভা অনুষ্ঠিত হয়৷ হাৰ্হি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মানসজ্যোতি নেওগে বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা পথ সুৰক্ষা সজাগতা সভাখন উদ্বোধন কৰে ঢকুৱাখনা উপ-জিলাৰ উপ-আয়ুক্ত কাৰ্তিক কলিতাই। উদ্বোধনী ভাষণত উপ-আয়ুক্তগৰাকীয়ে জনতাৰ মাজত বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পথ সুৰক্ষা সম্পৰ্কীয় সজাগতাৰ এৰাব নোৱৰা প্ৰয়োজনীয়তাৰ কথা দোহাৰি তেওঁ কয় যে কেৱল জৰিমনা বিহিলেই দুৰ্ঘটনা ৰোধ নহয়, ইয়াৰ বাবে প্ৰয়োজন ট্ৰেফিক আইনৰ যথাযথ জ্ঞান আৰু জনসজাগতাৰ। পথ সুৰক্ষা বৰ্তমানে বৰ প্ৰাসংগিক বিষয় বুলি উল্লেখ কৰি উপস্থিত সকলোকে পথ সুৰক্ষাৰ নিয়মাৱলী পালন কৰি নিজৰ লগতে আনৰো জীৱন সুৰক্ষিত কৰিবলৈ তেওঁ আহ্বান জনায়। মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপকদ্বয় ধ্ৰুৱজ্যোতি দত্ত আৰু ৰিণ্টু সন্দিকৈয়ে আঁত ধৰা সজাগতা সভাত মুখ্য সমল বক্তা হিচাপে উপস্থিত থাকি লখিমপুৰ জিলা পৰিবহণ বিষয়া সীমান্ত বৰাই অন্যান্য কাৰকৰ তুলনাত পথ দুৰ্ঘটনাত মানুহৰ মৃত্যুৰ হাৰ অত্যধিক বুলি উল্লেখ কৰি বাহন চলাওঁতে পূৰ্ণ মনোযোগ আৰু দায়বদ্ধতাৰে চলাবলৈ আহ্বান জনায়। তেওঁ অভিভাৱকসকলক সন্তানক দায়িত্বসহকাৰে তথা সাৱধানতাৰে বাহন বিশেষকৈ দুচকীয়া বাহন চলাবলৈ সজাগ আৰু সচেতন কৰিবলৈ পৰামৰ্শ দিয়ে। বিশেষকৈ ব্যক্তিগতভাৱে বাইক, স্কুটী আদি চলাই শিক্ষানুষ্ঠানলৈ যোৱা শিক্ষাৰ্থীৰ ক্ষেত্ৰত অনুজ্ঞা-পত্ৰৰ যথাযথ পৰীক্ষণ আৰু তথ্য লিপিবদ্ধ কৰাৰ ক্ষেত্ৰত শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীসকলক কঠোৰ হ’বলৈ আহ্বান জনায়। দুৰ্ঘটনাসমূহ ক্ৰমান্বয়ে বেছিকৈ সংঘটিত হোৱাৰ প্ৰেক্ষাপটত উচ্চ শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান হাৰ্হি মহাবিদ্যালয়ত এনে সজাগতা সভা অনুষ্ঠিত কৰাৰ বাবে প্ৰেছ গীল্ড, ঢকুৱাখনাৰ উদ্যোগক আৰু এইক্ষেত্ৰত মহাবিদ্যালখনে গ্ৰহণ কৰা প্ৰয়াসৰো তেওঁ শলাগ লয়। সজাগতা সভাত জিলা পৰিবহণ বিভাগৰ যান-বাহন পৰিদৰ্শক দীনেশ বৰগোহাঁই, বলৱৎকাৰী পৰিদৰ্শক ৰাজীৱ জ্যোতি ভূঞাই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি সভাত পথ সুৰক্ষা আৰু জীৱন ৰক্ষা সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ যান-বাহন চলাওঁতে চালকসকলে মানি চলিবলগীয়া কেতবোৰ গুৰুত্বপূৰ্ণ নিয়মৰ বিষয়ে অৱগত কৰে। ঢকুৱাখনা মহকুমাৰ আৰক্ষী বিষয়া সুধন্য শুক্লবৈদ্যই উপস্থিত থাকি যুৱপ্ৰজন্মৰ মাজত সততে দেখা পোৱা ষ্টান্টপ্ৰিয় স্বভাৱ, দুৰ্ঘটনাৰ বৰ্ধিত হাৰ, বিগত বৰ্ষকেইটাত ঢকুৱাখনাত অকালতে মৃত্যুক সাবটি লোৱা ব্যক্তিসকলে পতিত হোৱা দুৰ্ঘটনাসমূহ সন্দৰ্ভত আলোকপাত কৰি এইক্ষেত্ৰত প্ৰেছ গীল্ড, ঢকুৱাখনা আৰু হাৰ্হি মহাবিদ্যালয়ে লোৱা উদ্যোগৰ ভূয়সী প্ৰশংসা কৰে৷ ইয়াৰ পূৰ্বে প্ৰেছ গীল্ড, ঢকুৱাখনাৰ বিষয়ববীয়াসকলে মহাবিদ্যালয়খনৰ চৌহদত দুটিকৈ গছপুলি ৰোপণ কৰে। পথ সুৰক্ষা সজাগতা সভাখনত প্ৰেছ গীল্ড, ঢকুৱাখনাৰ সভাপতি-সম্পাদককে প্ৰমুখ্য কৰি সকলো বিষয়ববীয়া আৰু সদস্যৰ উপৰি মহাবিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীৰ লগতে দুই শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like