বিনামূলীয়া হ’বনে ক’ভিড ভেকচিন ? এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীয়ে ক’লে গুৰুত্বপূৰ্ণ কথা
নিয়মীয়া বাৰ্তা, ১৫ জানুৱাৰীঃ দেশজুৰি কাইলৈ আৰম্ভ হ’বলগীয়া ক’ভিড ছিটাকৰণ প্ৰক্ৰিয়ালৈ সাজু হৈছে দেশবাসী। দেশৰ লগতে অসমতো আৰম্ভ হ’ব ক’ভিড ছিটাকৰণ। কিন্তু সকলোৰে মাজত স্বাভাৱিকতে উঠিছে এটা প্ৰশ্ন- ক’ভিড ছিটা বিনামূলীয়া হ’বনে?
এই সম্পৰ্কে আজি জনতা ভৱনত অসমৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়- ‘প্ৰথম পৰ্যায়ৰ ছিটাকৰণ বিনামূলীয়া হ’ব। অৰ্থাৎ ২.৯ লাখ ছিটা বিনামূলীয়া হ’ব। ই দুটা পৰ্যায় সামৰি ল’ব, য’ত ক’ভিড যোদ্ধা আৰু ফ্ৰণ্টলাইন যোদ্ধাৰ ছিটাকৰণ হ’ব। কিন্তু তৃতীয় পৰ্যায়ৰ ছিটাকৰণ কি হ’ব সেই সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে কোনো কথা জনোৱা নাই।’
এই প্ৰসংগতে মন্ত্ৰীগৰাকীয়ে এক গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে। তেওঁ কয়- ‘অসম আৰোগ্য নিধিৰ বাবে ৰাইজৰ ফালৰ পৰা যিখিনি বৰঙণি পোৱা গৈছিল, সেইখিনি আমি একাষৰীয়াকৈ জমা কৰি ৰাখিছোঁ। যদি কেন্দ্ৰই ৰাজ্য চৰকাৰে ৫০ বা ৩০ শতাংশ দিব লাগিব বুলি কয়, তেন্তে ক’ভিডৰ সময়ত ৰাইজে দিয়া জমা বৰঙণিখিনি খৰচ কৰাৰ বাবে আমি মানসিকভাৱে সাজু হৈ আছোঁ। অৱশ্যে কেন্দ্ৰই এই বিষয়ে একো কোৱা নাই।’