নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মূল্যবৃদ্ধিৰ প্ৰতিবাদত নগাঁৱত আছুৰ বিক্ষোভ

বিশেষ বাৰ্তা, ১৪ জুলাই : নিত্য ব্যৱহাৰ্য সামগ্ৰীকে ধৰি বিভিন্ন সামগ্ৰীৰ আকাশলংঘী মূল‌্যবৃদ্ধি ৰোধ কৰাত অসম চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদত আজি সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই (আছু) বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত বৰা আৰু সাধাৰণ সম্পাদক অংকন জ্যোতি বৰুৱাৰ নেতৃত্বত সন্থাৰ সদস্য আৰু সমৰ্থকসকলে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মূখত মূল্যবৃদ্ধি ৰোধত চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদত এই কাৰ্যসূচী ৰূপায়ণ কৰে। মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ অসম চৰকাৰ হায় হায়, যোগান মন্ত্ৰী হায় হায়, এই সংগ্ৰাম চলিছে চলিবই, অসম চৰকাৰ হুছিয়াৰ, আছু জিন্দাবাদ, মূল্যবৃদ্ধি ৰোধ কৰক, আমাৰ দাবী মানিবই লাগিব আদি বিভিন্ন ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে।‌ সামগ্ৰীৰ আকাশলংঘী মূল‌্যবৃদ্ধি ৰোধ কৰাত চৰকাৰৰ ব্যৰ্থতাক বিক্ষোভকাৰীসকলে কঠোৰ সমালোচনা কৰি কয় য়ে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ ৰাজ্য চৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ স্বাৰ্থৰ বিপৰীতে কাম কৰিছে। পুঁজিপতিৰ স্বাৰ্থত সকলো সামগ্ৰীৰ আকাশলংঘী মূল‌্যবৃদ্ধি ঘটাই সাধাৰণ নাগৰিকৰ জীৱন দুৰ্বিষহ কৰি তুলিছে। চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে ৰাইজক ৰাজপথলৈ ওলাই আহিবলৈ বিক্ষোভকাৰীসকলে আহ্বান জনায়।

প্ৰেৰক কনক হাজৰিকা

You might also like