নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মূূল্যবৃদ্ধি অকল অসমতে নহয়, সমগ্ৰ ভাৰতত হৈছে : মন্ত্ৰী ৰঞ্জিত দাস

🔹 পাটাছাৰকুছিত ১.৩৯ কোটি ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক কামৰ উদ্বোধন

নিয়মীয়া বাৰ্তা, ৩১ আগষ্ট : “নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি সন্দৰ্ভত আমাৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও উদ্বিগ্ন৷ এই মূল্যবৃদ্ধিৰ বাবে কেতিয়াবা ময়ো ঘৰত গালি খাবলগীয়া হয়৷ কিন্তু এই মূল্যবৃদ্ধি অকল অসমতে হোৱা নাই, সমগ্ৰ ভাৰতত হৈছে।”- এই মন্তব্য যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ৷ আজি বজালীত কেইবাটাও উন্নয়নমূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত বিভিন্ন খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি পাই অহা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মূল্যবৃদ্ধিৰ কথা স্বীকাৰ কৰি যোগান মন্ত্ৰীগৰাকীয়ে কয় যে আমি যিহেতু উৎপাদনকাৰী ৰাজ্য নহয়, গ্ৰহণকাৰী ৰাজ্যহে, গতিকে অন্য ৰাজ্যৰ উৎপাদনৰ ওপৰত আমি নিৰ্ভৰ কৰিবলগীয়া হয়৷ তেওঁ কয় যে পশ্চিমবংগত আলুৰ উৎপাদন হোৱাৰ পিছতো তাৰ জনসাধাৰণে বৰ্তমান ৩০ টকাত আলু কিনিব লগা হৈছে৷ তথাপি অসমত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই মূল্যবৃদ্ধি যিমান পাৰি সিমান নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰী দাসে কয় যে প্ৰতিদিনে গ্ৰাহক পৰিক্ৰমা মন্ত্ৰ্যালয়ে যি খাদ্য সামগ্ৰীৰ তালিকা প্ৰকাশ কৰে বা এন আই চিয়ে যি তালিকা প্ৰকাশ কৰে সেই তালিকা পৰ্যাবেক্ষণ কৰিলে আমি দেখা পাওঁ যে ভাৰতবৰ্ষৰ মুঠ ৪৬খন মহানগৰৰ ভিতৰত গুৱাহাটী মহানগৰতেই সামগ্ৰীৰ দাম তুলনামূলকভাৱে কম৷ তেওঁ কয় যে মূল্যবৃদ্ধি হোৱাটো তেওঁ অস্বীকাৰ কৰা নাই৷ কিন্তু ইয়াক ৰোধ কৰাৰ বাবে আমাৰ সৰ্বসাধাৰণ ৰাইজৰো দায়িত্ব আছে৷ মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে আমাৰ ৰাইজে খেতি কৰিব লাগিব। নিজৰ চৌহদত যিখিনি মাটি আছে বা যি কৃষিভূমি আছে তাত আমি কিছু পৰিমাণে হ’লেও কৃষিকাৰ্য কৰা উচিত৷ অসমত চৰকাৰে এতিয়া যি ধান ক্ৰয় কৰাৰ প্ৰক্ৰিয়া চলাই আছে তাৰ ফলত লাহে লাহে পাঞ্জাব-হাৰিয়ানাৰ চাউল খোৱা বন্ধ হ’ব আৰু চাউলৰ দাম কমাব পৰা যাব৷ একেদৰে ধান চপোৱাৰ পিছতে যদি আমাৰ কৃষকসকলে একেখিনি মাটিত সৰিয়হৰ খেতি কৰে তেতিয়াহ’লে মিঠাতেলৰ দামো লাহে লাহে নিয়ন্ত্ৰিত হৈ থাকিব৷ কিয়নো আজি আমি প্ৰয়োজনীয় মিঠাতেল বিদেশৰ পৰা ক্ৰয় কৰিব লাগে৷ যাৰ বাবে মিঠাতেলৰ দাম আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ৷ আমাৰ মাটিত যিহেতু প্ৰচুৰ পৰিমাণে সৰিয়হ উৎপাদন হয় আৰু ধান চপোৱাৰ পিছত সাৰ প্ৰয়োগ কৰাৰো প্ৰয়োজন নহয়, এনে এক প্ৰেক্ষাপটতে মন্ত্ৰীগৰাকীয়ে এইবেলিৰ পৰা ধান চপোৱাৰ পিছতে একেডৰা মাটিত সকলো কৃষককে সৰিয়হ খেতি কৰিবলৈ আহ্বান জনায়৷ উল্লেখ্য যে আজি পাটাছাৰকুছি সমষ্টিত মুঠ ১.৩৯ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হোৱা কেইবাটাও উন্নয়নমূলক কামৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে৷ মন্ত্ৰীগৰাকীয়ে বাঘমাৰাৰ নৰ্থ কামৰূপ মহাবিদ্যালয়ৰ এটা আৱাসিক গৃহ, অসম চৰকাৰৰ শিক্ষা বিভাগৰ আৰ্থিক অনুদানেৰে পাঠশালা হাইস্কুলত নিৰ্মিত এটি শ্ৰেণীকোঠা আৰু এটি ডিজিটেল লাইব্ৰেৰী, শ্বহীদ অক্ষেন্দ্ৰ উচ্চ মাধ্যমিক বিদ্যালয়ত এটি ডিজিটেল লাইব্ৰেৰী, ৰিহাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এটি ডিজিটেল লাইব্ৰেৰী আৰু পাটাছাৰকুছি হাইস্কুলত এটি ডিজিটেল লাইব্ৰেৰী উদ্বোধন কৰে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like