নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাইকাৰী বজাৰত সর্বকালৰ মূল্যবৃদ্ধিঃ এপ্রিলত ১০.৪% বাঢ়িল অত্যাৱশ্যকীয় সামগ্রীৰ মূল্য

নিয়মীয়া বাৰ্তা, ২৪ মে’: ক’ভিড মহামাৰীয়ে স্তব্ধ কৰি পেলাইছে জনজীৱন৷ তাৰ মাজতে এক অনাকাংক্ষিত দুর্যোগৰ মাজত সোমাই পৰিছে দেশ৷ সর্বকালৰ সর্বাধিক মূল্যবৃদ্ধিৰ সন্মুখীন হৈছে সমগ্র দেশৰ পাইকাৰী বজাৰ৷ ভাৰত চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্রালয়ে শেহতীয়াকৈ প্রকাশ কৰিছে এই তথ্য৷

তথ্য অনুসৰি, বিগত এপ্রিল মাহত দেশৰ পাইকাৰী বজাৰত ১০.৪৯ শতাংশ মূল্যবৃদ্ধি হৈছে৷ এয়া সর্বাধিক মূল্যবৃদ্ধি হিচাপে বিবেচিত হৈছে৷ মার্চ মাহত মূল্যবৃদ্ধিৰ পৰিমাণ আছিল ৭.৩৯ শতাংশ৷ তাৰ পিছত মাহটোতে মূল্যবৃদ্ধিয়ে পূর্বৰ সকলো অভিলেখ ভংগ কৰে৷ এপ্রিল মাহত পাইকাৰী বজাৰত মাছ–মাংস–কণীৰ ১০.৮৮ শতাংশ, দাইলৰ ১০.৭৮ শতাংশ, ফলমূলৰ ২৭.৪৩ শতাংশ, বিদ্যুৎ আৰু প্রজ্বলক সামগ্রীৰ ২০.৯৪ শতাংশ মূল্যবৃদ্ধি হৈছে৷

লক্ষণীয়ভাৱে এই সময়ছোৱাত শাক–পাচলিৰ মূল্য ৯.০৩ শতাংশ হ্রাস পাইছে৷ উৎপাদন ব্যয় বৃদ্ধি আৰু পেট্র’ল–ডিজেলৰ ঊর্ধ্বমুখী দামেই এই অভাৱনীয় মূল্যবৃদ্ধিৰ মূল কাৰণ ৰূপে অভিহিত কৰিছে উদ্যোগ আৰু বাণিজ্য মন্ত্রালয়ে৷ স্বাভাৱিকতে পাইকাৰী বজাৰৰ মূল্যবৃদ্ধিৰ অভিলেখে দেশৰ প্রতিটো প্রান্তৰ খুচুৰা বজাৰতো ব্যাপক প্রভাৱ পেলাইছে৷ খোদ গ্রাহক পৰিক্রমা মন্ত্রালয়ৰ তথ্যতে এয়া প্রকাশ পাইছে৷

ভাৰত চৰকাৰৰ গ্রাহক পৰিক্রমা মন্ত্রালয়ৰ তথ্য অনুসৰি ২০২০ চনৰ মার্চ মাহৰ তুলনাত ২০২১ চনৰ এপ্রিল মাহত প্রতিবিধ অত্যাৱশ্যকীয় সামগ্রীৰে আকাশলংঘী মূল্যবৃদ্ধি হৈছে৷ বিশেষকৈ জুই জ্বলিছে উত্তৰ–পূবৰ খুচুৰা বজাৰত৷ উল্লিখিত সময়ৰ ব্যৱধানত উত্তৰ–পূবৰ খুচুৰা বজাৰত প্রতিকিলো চাউলৰ দাম ৩০.৮৬ টকাৰ পৰা ৩৩.৬৭ টকালৈ, আটাৰ মূল্য ৩৩.৪৩ টকাৰ পৰা ৩৫.৬৭ টকালৈ, মগু দাইলৰ মূল্য ১১০.১৪ টকাৰ পৰা ১১৬.১৭ টকালৈ, মচুৰ দাইলৰ মূল্য ৭৫.১৪ টকাৰ পৰা ১০০.৬৭ টকালৈ, ৰহৰ দাইলৰ দাম ১০০.৩৩ টকাৰ পৰা ১২০.৮৩ টকালৈ, মাটিমাহ দাইলৰ মূল্য ৭১.৮৩ টকাৰ পৰা ৯১.৫০ টকালৈ, নিমখৰ মূল্য ১৫.৭১ টকাৰ পৰা ১৭.৩৩ টকালৈ, চাহপাতৰ মূল্য ২৪৯.৭১ টকাৰ পৰা ৩০১.৬০ টকালৈ, গুৰৰ মূল্য ৬২.২০ টকাৰ পৰা ৬৮.৮৩ টকালৈ বৃদ্ধি পাইছে৷ একেদৰে প্রতিলিটাৰ মিঠাতেলৰ মূল্য ১১৩.৫৭ টকাৰ পৰা ১৪৮ টকালৈ, বনস্পতি তেলৰ মূল্য ৯১.১৯ টকাৰ পৰা ১৪০ টকালৈ, ছয়া তেলৰ মূল্য ১০৯.৫০ টকাৰ পৰা ১৫৪.৫০ টকালৈ, গাখীৰৰ মূল্য ৫৮.৭১ টকাৰ পৰা ৬৪.৫০ টকালৈ বৃদ্ধি পাইছে৷

মন কৰিবলগীয়া বিষয়টো হ’ল যে এয়া ভাৰত চৰকাৰৰ গ্রাহক পৰিক্রমা মন্ত্রালয়ে প্রকাশ কৰা তথ্যহে৷ ৰাজ্য চৰকাৰসমূহে যোগান ধৰা তথ্যৰ আধাৰত কেন্দ্রীয় চৰকাৰে এই তালিকা প্রস্তুত কৰিছে৷ দৰাচলতে চৰকাৰী তথ্যতকৈ আৰু অধিক দৰত উত্তৰ–পূবৰ গ্রাহকে অত্যাৱশ্যকীয় খাদ্য সামগ্রী ক্রয় কৰিবলগীয়া হৈছে৷

মহামাৰীৰ মাজত এনে অভাৱনীয় মূল্যবৃদ্ধিয়ে সর্বসাধাৰণৰ জীৱনলৈ নমাই আনিছে আন এক দুর্যোগ৷ এহাতে জীৱন–জীৱিকা গভীৰ সংকটত, আনহাতে, প্রতিদিনে বৃদ্ধি পোৱা বস্তুৰ দাম– তাৰ মাজত বহু পৰিয়ালে দিনত আন্ধাৰ দেখাৰ উপক্রম হৈছে৷ অথচ কেন্দ্র–ৰাজ্য দুয়োখন চৰকাৰে এতিয়াও নিহপালী দি শুই আছে৷

You might also like