অপ্ৰতিৰোধ্য! ঢকুৱাখনাত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য হ’লগৈ ১১১.০৬ টকা
নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে জলাকলা খুৱাইছে সাধাৰণ জনতাক । পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ৰাজ্যত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য হ’লগৈ ১১১.০৬ টকা। পেট্ৰলৰ মূল্যৰ ক্ষেত্ৰত পুনৰ শীৰ্ষস্থান দখল কৰিলে ঢকুৱাখনাই। বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যৰ ভিতৰতে ঢকুৱাখনাত সৰ্বাধিক পেট্ৰ’লৰ মূল্য। বিগত ১৭ দিনে ধাৰাবাহিকভাৱে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি পাই থকাৰ মাজতে আজি সমগ্ৰ দেশতে প্ৰতিলিটাৰ পেট্ৰ’লত ১৩ পইচা আৰু ডিজেলত ১২ পইচাকৈ কমিল যদিও ঢকুৱাখনাৰ একাংশ পেট্ৰ’ল ডিপোত অপৰিৱৰ্তিত হৈ থাকিল পেট্ৰ’লৰ মূল্য।ঢকুৱাখনাত আজিৰ দিনটোত ESSAR পেট্ৰ’ল পাম্পত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম হৈছে ১১১.০৬ টকা। ইয়াৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলৰ মূল্য হৈছে ৯৫.৮৮ টকা। ৰঙালী বিহুৰ প্ৰাকক্ষণত সাধাৰণ শ্ৰেণীৰ লোকসকলৰ উপায় নোহোৱা হৈছে । পৰিয়াল পোহপাল দিব নে নিজৰ দুচকীয়া অথবা চাৰিচকীয়া বাহনত পেট্ৰ’ল ভৰাব তাকে লৈ চিন্তিত পৰিছে ।
প্ৰেৰক পুলকজ্যোতি বৰা