নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত দামবদ্ধিৰ জুইত দহিছে সৰ্বসাধাৰণ : উদাসীন যোগান বিভাগ

নিয়মীয়া বাৰ্তা, ২৭ জুলাই : ধুবুৰীত শাক-পাচলিৰ আকাশলংঘী দামে এতিয়া জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক। চহৰখনৰ নিউ মাৰ্কেটৰ মূল পাচলি বজাৰত অধিকাংশ শাক-পাচলিৰ কেজিপতি খুচুৰা মূল্যই শতকৰ ঘৰ স্পৰ্শ কৰাৰ বিপৰীতে বিলাহী আৰু জলকীয়াৰ দামে শতকৰ ঘৰ অতিক্ৰম কৰিছে। বজাৰখনত বিলাহী আৰু জলকীয়াৰ খুচুৰা মূল্য প্ৰতি কেজিত হৈছেগৈ ১২০ টকাকৈ। আনহাতে, জিকা, ভেণ্ডি আদিকে ধৰি অন্যান্য অধিকাংশ চব্জিৰ দাম প্ৰতি কেজিত হৈছে ১০০ টকা। নিউ মাৰ্কেটৰ পাচলি বজাৰৰ পাচলিৰ খুচুৰা ব্যৱসায়ীয়ে কলডিল, কোমোৰা এটাৰ দাম (আকাৰ অনুযায়ী) ৮০ৰ পৰা ১০০ টকা বিচৰাটো এক স্বাভাবিক নিয়মত পৰিণত হৈছে। ইপিনে, শাক-পাচলিৰ সমান্তৰালকৈ ধুবুৰীত আলু আৰু পিঁয়াজৰ খুচুৰা মূল্যও ক্ৰমশঃ ঊৰ্ধ্বগামী হ’বলৈ লৈছে। বজাৰখনত ১০ দিন মান পূৰ্বে কেজিপতি ৩০ টকা দৰত বিক্ৰী হোৱা আলুৰ বৰ্তমান খুচুৰা মূল্য হৈছেগৈ প্ৰতি কেজিত ৪৫ টকা। ঠিক অনুৰূপে কেজিপতি ৩০/৩৫ টকাৰ পিঁয়াজৰ দাম হৈছে বৰ্তমানে ৪৫/৫০ টকা। ইপিনে, শেহতীয়াকৈ ধুবুৰীত চাউল আৰু মিঠাতেলৰ দামো প্ৰতি কেজি/লিটাৰত ৫ৰ পৰা ১০ টকাকৈ বৃদ্ধি হৈছে। আনকি ধুবুৰীৰ বজাৰত ঊৰ্ধ্বগামী হ’বলৈ লৈছে ব্ৰইলাৰ মুৰ্গীৰ মাংসৰ দামো। এসপ্তাহ মান পূৰ্বে কেজিপতি ১৬০ টকাত বিক্ৰী হোৱা গোটা ব্ৰইলাৰ মুৰ্গীৰ দাম ধুবুৰীত বৰ্তমানে হৈছে কেজিপতি ১৮০ টকা। ঠিক অনুৰূপে কটা ব্ৰইলাৰ মুৰ্গীৰ মাংসৰ দাম ২০ টকা বৃদ্ধি পাই এতিয়া হৈছে প্ৰতি কেজিত ২৬০ টকা। অনুৰূপে ধুবুৰীৰ নিউ মাৰ্কেট আৰু বৰো বজাৰৰ মাছৰ বজাৰতো দেখা গৈছে এতিয়া মূল্যবৃদ্ধিৰ জুই। কিন্তু, ধুবুৰীৰ বজাৰত শাক-পাচলিকে ধৰি চাউল, মিঠাতেল আদি নানান খাদ্য সামগ্ৰীকে ধৰি মাছ-মাংসৰো ঊৰ্ধ্বগামী দামে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰিছে যদিও বিষয়টেোক লৈ ধুবুৰীৰ যোগান বিভাগ উদাসীন হৈ থকাহে দেখা গৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like