নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বীপেন বৰুৱাক জীৱনজোৰা সাধনা, অনুৰাধা শর্মা পূজাৰীক বর্ষশ্রেষ্ঠ অসমীয়া বঁটা প্ৰদান

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ ফেব্ৰুৱাৰীঃ ‘প্রাইড ইষ্ট গ্রুপে অকল অসমৰ সাংবাদিকতা যাত্রাক প্রতিনিধিত্ব কৰাই নহয়, ৰাজ্যৰ ভৱিষ্যৎ নির্মাণৰ বাবেও সক্রিয়তাৰে জড়িত হৈছে৷’ উত্তৰ–পূর্বাঞ্চলৰ জনপ্রিয় বৈদ্যুতিন সংবাদ মাধ্যম ‘নিউজ লাইভ’ৰ ১৭ বছৰীয়া গৌৰৱোজ্জ্বল বর্ষপূর্তিৰ সৈতে সংগতি ৰাখি মহানগৰীৰ ৰেডিছন ব্লু হোটেলত আয়োজিত প্রাইড ইষ্ট কনক্লেভ ২০২৫ত মুখ্য অতিথি হিচাপে অংশ লৈ এনেদৰে মন্তব্য কৰে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই৷ বর্ণাঢ়্য কার্যসূচীৰে অনুষ্ঠিত অনুষ্ঠানটোত অসমীয়া সাংগীতিক ক্ষেত্রখনৰ বিশিষ্ট শিল্পী দ্বীপেন বৰুৱাক জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰাৰ লগতে বিশিষ্ট সাহিত্যিক–সাংবাদিক অনুৰাধা শর্মা পূজাৰীলৈ ২০২৪ বর্ষৰ বর্ষশ্রেষ্ঠ অসমীয়া বঁটা আগবঢ়োৱা হয়৷ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই দুয়োগৰাকী বিশিষ্ট ব্যক্তিকে বঁটা দুটা প্রদান কৰে৷ বঁটা দুটা প্রদানৰ অন্তত ৰাজ্যপালগৰাকীয়ে গৌৰৱোজ্জ্বল এই যাত্রাৰ বাবে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে৷ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ চিএমডি ৰিণিকি ভূঞা শর্মাক উচ্চ প্রশংসা কৰি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই কয় যে উৎসর্গিত সাংবাদিকতাৰ ১৭ বছৰীয়া যাত্রা যথেষ্ট প্রত্যাহ্বানযুক্ত হোৱাৰ পাছত চিএমডি ৰিণিকি ভূঞা শর্মাৰ নেতৃত্বত প্রাইড ইষ্ট গ্রুপে সফলতাৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে৷ অসমৰ উন্নয়ন আৰু পৰিৱর্তনৰ লগতে জনসাধাৰণৰ জীৱনলৈ ধনাত্মক দিশ আহিব পৰা ইছ্যুসমূহক সুন্দৰৰূপে প্রতিফলিত কৰিছে নিউজ লাইভে৷ প্রতিষ্ঠাৰ সময়ৰে পৰাই প্রাইড ইষ্ট গ্রুপে অসমৰ ঔদ্যোগিক আৰু মানৱ সম্পদ উন্নয়নৰ ক্ষেত্রত গ্রহণ কৰা গুৰুত্বপূর্ণ ভূমিকাৰ প্রতি সন্তুষ্টি প্রকাশ কৰি ৰাজ্যপাল আচার্যই সংবাদ গোষ্ঠীটোৱে ৰাজ্যৰ বিভিন্ন সামাজিক দিশ তথা সাক্ষৰতাৰ দিশৰ প্রতি আগবঢ়োৱা অৱদানৰ বাবে উচ্চ প্রশংসা কৰে৷ প্রাইড ইষ্ট গ্রুপে নিজৰ বিভিন্ন চেনেল তথা প্রকাশনৰ জৰিয়তে অসমৰ সাংবাদিকতাক এক নতুন শক্তি প্রদান কৰাৰ লগতে এটা সুস্থ সামাজিক বাতাৱৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ সম্প্রতি দক্ষিণ–পূব এছিয়াৰ সৈতে সংলগ্ণ হৈ থকা অসম এটা বৃহৎ অর্থনীতিৰ পিনে ধাৱমান হৈছে বুলি মন্তব্য কৰি ৰাজ্যপাল আচার্যই কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দূৰদর্শী নেতৃত্ব আৰু অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কুশল প্রশাসনত অসমে উল্লেখনীয় প্রগতি এতিয়া লাভ কৰিছে৷ ইপিনে, অনুষ্ঠানটোত আদৰণী ভাষণ আগবঢ়াই প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ চিএমডি ৰিণিকি ভূঞা শর্মাই ৰাজ্যবাসীৰ মনৰ কথা প্রতিফলিত কৰাই একমাত্র লক্ষ্য বুলি মন্তব্য কৰে৷ তেওঁ কয় যে বহু প্রত্যাহ্বান আমি পাৰ কৰি আহিছোঁ৷ তাৰ মাজতো গৌৰৱেৰে আজিৰ অৱস্থাত প্রাইড ইষ্ট গ্রুপে থিয় দিবলৈ সক্ষম হৈছে৷ ৰাজ্যবাসীৰ প্রতিটো সমস্যাক প্রতিফলিত কৰাৰ চেষ্টা আমি কৰিছোঁ৷ ডাঁৰৰ বাতৰি ডাঁৰে দিবলৈ চেষ্টা কৰিছোঁ৷ উল্লেখ্য যে অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ বেনাৰত সংযোজিত হয় উত্তৰ–পূর্বাঞ্চলৰ প্রথম তথা বাংলা ভাষাৰ নতুন বৈদ্যুতিন মাধ্যম ‘নিউজ লাইভ বাংলা’৷ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য আৰু আধ্যাত্মিক গুৰু সদগুৰু জগদীশ বাসুদেৱে নতুন চেনেলটোৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ চিএমডি ৰিণিকি ভূঞা শর্মাই কয় যে অসমত বসবাস কৰা বাংলাভাষী লোক তথা বৰাক উপত্যকাৰ ৰাইজৰ প্রতি লক্ষ্য ৰাখি নতুনকৈ আমি ‘নিউজ লাইভ বাংলা’ আৰম্ভ কৰিম৷ নতুন চেনেলটোৱে ৰাইজৰ সমাদৰ লাভ কৰিব বুলি তেওঁ আশা প্রকাশ কৰে৷ ইপিনে, অনুষ্ঠানটোত জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত হোৱা বিশিষ্ট শিল্পী দ্বীপেন বৰুৱাই ‘নিউজ লাইভ’ক নিজৰ অন্যতম প্রিয় চেনেল বুলি কয়৷ ২০০৭ চনৰ পৰা ‘নিউজ লাইভ’ত বহু অনুষ্ঠান পৰিৱেশন কৰা বুলি মন্তব্য কৰি শিল্পীগৰাকীয়ে নিজৰ সাংগীতিক যাত্রাৰ আৰম্ভণিৰ কিছু কথাও প্রকাশ কৰে৷ তেওঁ কয় যে ১৯৬৮ত বোলছবিত প্রথম গীত গাইছিল৷ গান গাবলৈ কোনোৱে প্রেৰণা যোগোৱা নাছিল যদিও ৰেডি’ত মহম্মদ ৰফীকে আদি কৰি বিভিন্ন বিশিষ্ট শিল্পীসকলৰ গীত শুনিয়ে গানবোৰ আওৰাইছিলোঁ৷ শিল্পীগৰাকীয়ে নিজৰ চমু বক্তব্যৰ মাজতে এটি সুন্দৰ গীতৰ কলিও গুণগুণায়৷ শিল্পীগৰাকীক বঁটাটোৰ সৈতে এটা ট্রফী, প্রশস্তি–পত্র, চেলেং চাদৰ, শৰাই আৰু নগদ তিনি লাখ টকাৰ চেক প্রদান কৰা হয়৷ অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি বিশিষ্ট সাহিত্যিক–সাংবাদিক অনুৰাধা শর্মা পূজাৰীলৈ ২০২৪ বর্ষৰ বর্ষশ্রেষ্ঠ অসমীয়াৰ সন্মান আগবঢ়োৱা হয়৷ বঁটাটো গ্রহণ কৰি প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডক কৃতজ্ঞতা প্রকাশ কৰি অনুৰাধা শর্মা পূজাৰীয়ে ‘নিউজ লাইভ’ৰ ১৭ বছৰীয়া বর্ষপূর্তি তথা নর্থ–ইষ্ট লাইভৰ সপ্তম বার্ষিকীৰ শুভেচ্ছাও জ্ঞাপন কৰে৷ তেওঁ কয় যে অসমীয়া ভাষাটোৱে মোক দেশ–বিদেশত এক পৰিচয় দিছে৷ ভাষাটো মোৰ লগত থকা মানে মই যেন মোৰ মাতৃক লগত লৈ ঘূৰি ফুৰিছোঁ তেনে অনুভৱ হয়৷ দেশ–বিদেশত এতিয়ালৈকে যিখিনি স্বীকৃতি পাইছোঁ সেয়া মোৰ নহয়, মোৰ ভাষা আৰু জাতিটোৰ বাবে সন্মান৷ আজিৰ দিনটো মোৰ বাবে অতি স্মৰণীয় হৈ ৰ’ব৷ বিশিষ্ট সাহিত্যিকগৰাকীয়ে জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত বিশিষ্ট শিল্পী দ্বীপেন বৰুৱাক অভিনন্দন জ্ঞাপন কৰে৷ বিশিষ্ট সাহিত্যিকগৰাকীক বঁটাটোৰ সৈতে এটা ট্রফী, প্রশস্তি–পত্র, চেলেং চাদৰ আৰু নগদ দুই লাখ টকাৰ চেক প্রদান কৰা হয়৷ অনুষ্ঠানটোত অংশ লৈ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ উপ–সভাপতি তথা ‘নিউজ লাইভ’ৰ মুখ্য পৰিচালন সম্পাদক জাৰিৰ হুছেইনে ‘নিউজ লাইভ’ৰ ১৭ বছৰীয়া বর্ণিল যাত্রাৰ ওপৰত চমু আলোকপাত কৰে৷ তেওঁ কয় যে বহু প্রত্যাহ্বানৰ মাজেৰে ২০০৭ চনত এই যাত্রা আৰম্ভ হৈছিল৷ অকল বাতৰি পৰিৱেশনেই নহয়, বিগত এই সময়ছোৱাত সামাজিক দায়বদ্ধতাও নিউজ লাইভে পালন কৰিছে৷ বিগত সময়ছোৱাত ‘নিউজ লাইভ’ৰ বাতৰিৰ প্রভাৱে কিদৰে ৰাজ্যৰ বিভিন্ন লোকক উপকৃত কৰিছে সেই সন্দর্ভত তেওঁ চমু আলোকপাত কৰি কয় যে ‘নিউজ লাইভ’ এতিয়া অকল টিভি চেনেলেই নহয়, এটা ব্রেণ্ড হৈ পৰিছে৷ পৰৱর্তী সময়তো নিউজ লাইভে এনেদৰে ৰাইজৰ সেৱা আগবঢ়াই যাব বুলি তেওঁ মন্তব্য কৰে৷ বর্ণিল অনুষ্ঠানটোৰ পাছতে আধ্যাত্মিক গুৰু সদগুৰু জগদীশ বাসুদেৱৰ সৈতে এটি অন্তৰংগ আলাপৰ অনুষ্ঠানো অনুষ্ঠিত কৰা হয়৷ অনুষ্ঠানটোৰ আঁত ধৰে নর্থ–ইষ্ট লাইভৰ এডিটৰ ইন চীফ ৱাছবীৰ হুছেইনে৷

You might also like