নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ কোটি কোটি ভক্ত প্ৰাণ ৰাইজৰ আস্থা, বিশ্বাস আৰু ভক্তিৰ প্ৰতীক ঐতিহ্যমণ্ডিত শিৱসাগৰৰ শিৱদৌলৰ আধ্যাত্মিক পৰিৱেশ কলুষিত কৰা তিনি পূজাৰীক অৱশেষত অনিৰ্দিষ্ট কালৰ বাবে নিলম্বন কৰা হল৷ শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয় কক্ষত আজি অনুষ্ঠিত দল পৰিচালনা সমিতিৰ এখনি গুৰুত্বপুৰ্ণ কাৰ্য্যনিৰ্বাহক সভাত এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ আজি সন্ধিয়া দল পৰিচালনা সমিতিৰ তৰফৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃত্তিত এই কথা জানিবলৈ দিছে ৷ প্ৰেৰিত প্ৰেছ বিবৃত্তিটোত শিৱ দৌলৰ পূজাৰী নৱজ্যোতি বৰঠাকুৰ, মৃদুল বৰঠাকুৰ আৰু পৱিত্ৰ বৰঠাকুৰক অনিৰ্দিষ্ট কালৰ বাবে নিলম্বন কৰাৰ কথা জানিবলৈ দিয়াৰ লগতে এই সন্দৰ্ভত দল চৌহদত ৰাজহুৱা জাননী আঁৰি দিয়াৰ কথাও জানিবলৈ দিছে ৷ উল্লেখ্য যে দীৰ্ঘ সময় ধৰি বিভিন্ন অভিযোগ উত্থাপন হৈ অহা উল্লেখিত পূজাৰী কেইগৰাকীয়ে চলিত মাহৰ ১১ ডিচেম্বৰত যোৰহাটৰ নিৱাসী এটা ভক্তপ্ৰাণ পৰিয়ালৰ সন্মুখত অৰিহনাক কেন্দ্ৰ কৰি অশালীন বাক বিতণ্ডাৰে দলৰ আধ্যাত্মিক পৰিৱেশ বিনষ্ট কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ প্ৰাপ্ত বাতৰি মতে যোৰহাটৰ নিবাসী পৰশমণি ভট্টাচাৰ্য্যা নামৰ ব্যক্তিজনে উক্ত দিনা পৰিয়াল সহ শিৱসাগৰৰ শিৱ দৌলত শৰাই দিবলৈ উপস্থিত হৈছিল ৷ দুটি সন্তান, পত্নীৰে সৈতে ব্ৰত পালন কৰি শিৱদলৰ গৰ্ভ গৃহত পূজাৰীৰ সন্মুখত শৰাই আগবঢ়োৱাৰ সময়তেই গৰ্ভ গৃহত পূজাৰীকেইগৰাকীয়ে নিজৰ মাজতেই অশ্ৰাব্য শব্দৰে কাজিয়াত লিপ্ত হৈ আছিল ৷ অতি অমাৰ্জিত ভাষা প্ৰয়োগ কৰা সন্মানীয় পূজাৰীকেইগৰাকীৰ আচৰণত লজ্জানত হোৱা ব্যক্তিকেইগৰাকীয়ে লগে লগেই দল পৰিচালনা সমিতিৰ ওচৰত লিখিত আকাৰে এটা অভিযোগ দাখিল কৰে ৷ দল পৰিচালনা সমিতিয়ে সমগ্ৰ বিষয়টোক গুৰুত্ব সহকাৰে লৈ দল পৰিচালনা সমিতিৰ সভাপতি তথা জিলা উপায়ুক্ত গৰাকীক অৱগত কৰিছিল৷ ঐতিহ্যমণ্ডিত শিৱদলৰ আধ্যাত্মিক পৰিৱেশ বিনষ্ট কৰাৰ লগতে দলৰ পৱিত্ৰ পৰিৱেশ বিনষ্ট কৰাৰ এই স্পৰ্শকাতৰ বিষয়টোৰ সন্দৰ্ভত আজি জিলা উপায়ুক্তগৰাকীৰ পৌৰোহিত্যত কাৰ্য্যলয় কক্ষতেই অনুষ্ঠিত হয় জৰুৰী কাৰ্য্যনিৰ্বাহক সভাখন ৷ সভাই সকলো দিশ চালি জাৰি চোৱাৰ লগতে ভক্তই দাখিল কৰা অভিযোগ পত্ৰৰ ভিত্তিত তাৎক্ষণিক ভাৱে বলবৎ হোৱাকৈ কাজিয়াত লিপ্ত তিনিও গৰাকী পূজাৰীক নিলম্বন কৰাৰ কথা ঘোষণা কৰে৷ ইতিমধ্যে নিলম্বনৰ পত্ৰ তিনিগৰাকী পূজাৰীলৈ প্ৰেৰণ কৰাৰ লগতে এতিয়াৰে পৰা দলৰ কোনো পূজাত এই নিলম্বন পূজাৰীকেইগৰাকীয়ে অংশ গ্ৰহণ কৰিব নোৱাৰিব বুলি প্ৰেৰিত প্ৰেছ বিবৃত্তিটোত পৰিচালনা সমিতিয়ে স্পষ্ট কৰি দিছে৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান