নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ পৰিপূৰ্ণতা অভিযানৰ আৰম্ভণি

বিশেষ বাৰ্তা, ১৩ জুনঃ কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত তথা জিলা কৃষি বিভাগৰ সহযোগত ১২ তাৰিখৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে আয়োজন হৈছে “প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ পৰিপূৰ্ণতা অভিযান”। আজি পুৱাও ১০ বজাৰ পৰা জিলাখনৰ সোণতলি কৃষি চক্ৰৰ অন্তৰ্গত মাহতলি গাঁও পঞ্চায়তত থকা সোণতলি বজাৰত থকা সমূহীয়া ভৱন আৰু হাজোৰ ৰাজহ চক্ৰত থকা গাওঁবুঢ়া ভৱনত হোৱা এই বিশেষ শিবিৰৰ দ্বিতীয়টো দিনত দুয়ো ঠাইতে সৰ্বমুঠ প্ৰায় দুহাজাৰ কৃষক উপস্থিত থাকে। হজোত হোৱা শিবিৰত কৃষি বিভাগৰ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া তথা পি এম কিষানৰ ন’ডেল জ্যোতিপ্ৰসাদ দাস, হাজো, বংশৰ, গেৰুৱা আৰু ৰামদিয়াৰ কৃষি উন্নয়ন বিষয়া ক্ৰমে কাশ্যপ পৰাগ বেজবৰুৱা, দুৰ্লভ দাস, জাকিৰ হুছেইন আৰু কংকনা নাথ, সহযোগী আ‌য়ুক্ত কৃষ্ণেশা বৰা, কৃষি বিভাগৰ প্ৰগ্ৰেম অফিচৰ গিৰিজা গৌতমকে ধৰি গুৱাহাটী মহকুমাৰ অন্তৰ্গত সকলো কৃষি উন্নয়ন খণ্ডৰ অন্যান্য বিষয়া- কৰ্মচাৰীসকল, ডাকঘৰৰ বিষয়াসকলৰ লগতে সমূহীয়া সেৱা কেন্দ্ৰৰ কৰ্মকৰ্তাসকলো উপস্থিত থাকে।থিক একেদৰেই সোণতলিৰ শিবিৰত সোণতলি আৰু নগৰবেৰাৰ কৃষি উন্নয়ন বিষয়া গৌতম ৰায় চৌধুৰী আৰু ৰাজস্মিতা হাজৰিকা, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া আমজাদ আলি আহমেদ, সহযোগী আয়ুক্ত, এ চি এচ মানৱ জ্যোতি দাস, একাউণ্ট অফিচৰ জুৰি বৰ্মন, মিডিয়া বিশেষজ্ঞ অক্ষমালা মহন্ত, কৃষি বিভাগৰে ইস্পাৰ্ক হুছেইনকে ধৰি বকো মহকুমাৰ অন্তৰ্গত সকলো কৃষি উন্নয়ন খণ্ডৰ অন্যান্য বিষয়া- কৰ্মচাৰীসকল, ডাকঘৰৰ বিষয়াসকলৰ লগতে সমূহীয়া সেৱা কেন্দ্ৰৰ কৰ্মকৰ্তাসকলো উপস্থিত থাকে। এই শিবিৰত পি এম কিষানৰ হিতাধিকাৰীসকলৰ ধন প্ৰাপ্তিৰ ক্ষেত্ৰত থকা সমস্যাসমূহৰ সমাধান কৰা হয়। দুয়ো ঠাইৰ শিবিৰতে উক্ত কৃষি চক্ৰ কেইটাৰ অন্তৰ্গত প্ৰতিখন গাঁৱৰ গাওঁ প্ৰধানসকলে এই ক্ষেত্ৰত বিশেষ সহায় সহযোগিতা আগবঢ়ায়।

You might also like