নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতা : ড০ হিমন্ত বিশ্ব শৰ্মা

বিশেষ বাৰ্তা, ১৫ নৱেম্বৰঃ ছত্তিশগড়ত নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেৱল দেশতে নহয়, বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতা আৰু বৰ্তমান দেশত তেওঁৰ সতে তুলনা কৰিব পৰা কোনো নেতা নাই।’ ছত্তিশগড়ত প্ৰচাৰ চলাওঁতে তেওঁ কয়, ‘ইয়াত নিৰ্বাচন অনুষ্ঠিত হ’বলৈ গৈ আছে। কালি ছত্তিশগড়লৈ আহিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এতিয়া তেওঁ কেৱল ভাৰতৰ নেতা নহয়, মানুহে তেওঁক বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতা বুলি গণ্য কৰে, আমেৰিকালৈ গ’লে তেওঁক তাত সন্মান কৰা হয়, তেওঁ যোৱা পৃথিৱীৰ প্ৰতিখন দেশতে তেওঁক সন্মান কৰা হয়, এইটো কাৰণে সকলোৱে জানে যে যদি মোদী থাকে তেন্তে সেয়া সম্ভৱ। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছত্তিশগড়বাসীক কয় যে প্ৰধানমন্ত্ৰী মোদীক মানুহে কিয় বিশ্বাস কৰে। তেওঁ কয়, কাৰণ প্ৰধানমন্ত্ৰী মোদীয়ে সাধাৰণ মানুহৰ সমস্যাবোৰ বুজি পায় আৰু সেইবোৰ পূৰণৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰে। সেইবাবেই তেওঁৰ ওপৰত মানুহৰ বিশ্বাস আছে যে কেৱল প্ৰধানমন্ত্ৰী মোদীয়েহে তেওঁলোকৰ আশা পূৰণ কৰিব পাৰে।

#বাৰ্তা ডেস্ক

You might also like