ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্ৰাংগণত ডিব্ৰুগড়ৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে আধাৰাশিলা স্থাপন ধুবুৰী কৰ্কট চিকিৎসালয়ৰ
নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিলঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডিব্ৰুগড়ৰ পৰা ভাৰ্চুৱেল পদ্ধতিৰে ধুবুৰীৰ ঝগৰাৰপাৰত নিৰ্মাণ হ’বলগীয়া এটি অত্যাধুনিক কৰ্কট চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপনৰ সৈতে সংগতি ৰাখি নৱনিৰ্মিত ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় প্ৰাংগণত আয়োজিত এক সভাত উপস্থিত থকা অসংখ্য ৰাইজে প্ৰধানমন্ত্ৰীগৰাকীৰ ধুবুৰী কৰ্কট চিকিৎসালয়ৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা প্ৰত্যক্ষ কৰে। সভাখনত উপস্থিত থকা সকলে বিশাল সেই সভাখনৰ মঞ্চত একাশে স্থাপন কৰা এটা ডাঙৰ এলচিডি টিভিত ডিব্ৰুগড়ত আয়োজিত প্ৰধানমন্ত্ৰী মোদীৰ বিশাল জনসভাৰ পোনপোটীয়া সম্প্ৰচাৰ উপভোগ কৰে। সভাখনত উপস্থিত থকা ৰাইজে ডিব্ৰুগড়ৰ সেই জনসভাখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্যমন্ত্ৰী ডা৹ হিমন্ত বিশ্ব শৰ্মা, বিখ্যাত উদ্যোগপতি তথা ‘টাটা ট্ৰাষ্ট’ৰ অধ্যক্ষ ৰতন টাটা প্ৰমুখ্যে বিভিন্ন মান্যগণ্য ব্যক্তিয়ে ৰখা বক্তৱ্য তুমুল হাততালি আৰু হৰ্ষধ্বনিৰে আদৰে। উল্লেখ্য যে, নৱনিৰ্মিত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ পিছফালে প্ৰায় ৫০ বিঘা মাটিত ‘টাটা ট্ৰাষ্ট’ৰ সহযোগত নিৰ্মাণ কৰা হ’ব এই কৰ্কট চিকিৎসালয়খন। আশা কৰা হৈছে, নিৰ্মাণ হৈ উঠাৰ পিছত ধুবুৰী জিলাৰেই নহয়; পশ্চিম অসমৰ এক বৃহত্তৰ অঞ্চলকে ধৰি চুবুৰীয়া মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰো কৰ্কট ৰোগীসকলক এইখন কৰ্কট চিকিৎসালয়ে এক বৃহৎ সকাহ দিবলৈ সক্ষম হ’ব। আজিৰ প্ৰধানমন্ত্ৰীৰ ধুবুৰী কৰ্কট চিকিৎসালয়ৰ আধাৰশিলা স্থাপনৰ কাৰাযসূচীৰ সৈতে সংগতি ৰাখি ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় প্ৰাংগণত আয়োজিত ৰাজহুৱা সভাখনত সাংসদ ভূৱনেশ্বৰ ক’লিতা, ৰাজ্য চৰকাৰৰ মন্ত্ৰী ইউ বি ব্ৰহ্ম, ধুবুৰী জিলাৰ উপায়ুক্ত অন্বামুথন এম পি, আৰক্ষী অধীক্ষক ইভিজিৎ গুৰাৱ, ধুবুৰী জিলা বিজেপিৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰসেনজিৎ দত্ত, ধুবুৰী পৌৰসভাৰ অধ্যক্ষ ডা৹ দেৱময় সান্ন্যালকে ধৰি বহু মান্যগণ্য ব্যক্তি আৰু ধুবুৰী জিলা প্ৰশাসনৰ আমোলা–বিষয়া উপস্থিত আছিল।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী