নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উন্নয়নৰ বার্তাৰে দুদিনীয়া কার্যসূচীৰে গুৱাহাটীত প্রধানমন্ত্রী মোদী

🔹 কাইলৈ খানাপাৰাত বিশাল জনসভাত ল’ব অংশ

🔹 ৰাজ্যবাসীক উপহাৰ দিব ১১,৫৯৯ কোটি টকাৰ প্রকল্প

🔹 বিমানবন্দৰত ৰাজ্যপাল–মুখ্যমন্ত্ৰীৰ আদৰণি

ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ ফেব্ৰুৱাৰী : উন্নয়নৰ বার্তা লৈ দুদিনীয়া কার্যসূচীৰে গুৱাহাটীত উপস্থিত হ’ল প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ আজি সন্ধিয়া ৭.৩০ বজাত গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত উপস্থিত হোৱা প্রধানমন্ত্রীগৰাকীক উষ্ম আদৰণি জনায় ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালকে ধৰি মন্ত্রী–সাংসদ, বিধায়ককে ধৰি দলৰ কেইবাজনো শীর্ষ নেতাই৷ উল্লেখ্য যে কাইলৈ পুৱাৰ ভাগত প্রধানমন্ত্রীগৰাকীয়ে অংশ ল’ব এখন বিশাল ৰাজহুৱা সভাত৷ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কাইলৈ ১১.৩০ বজাত অনুষ্ঠিত হ’ব লগা এই ৰাজহুৱা সভাৰ পৰাই প্রধানমন্ত্রীগৰাকীয়ে ৰাজ্যবাসীক উপহাৰ দিব ১১,৫৯৯ কোটি টকাৰ প্রকল্প৷ এই অনুষ্ঠানৰ পৰাই ১০টা প্রকল্পৰ আধাৰশিলা স্থাপনৰ লগতে কেইবাটাও প্রকল্প উদ্বোধনো কৰিব প্রধানমন্ত্রীগৰাকীয়ে৷ আজি গুৱাহাটীত উপস্থিত হোৱা প্রধানমন্ত্রী নৰেন্দ্র মোদীক জাতি–জনগোষ্ঠীৰ গীত–মাতেৰে উষ্ম আদৰণি জনোৱা হয়৷ ৰাজ্যৰ প্রতিটো জাতি–জনগোষ্ঠীৰ নৃত্য–গীত, পৰম্পৰাগত নৃত্যৰ অভিবাদন গ্রহণ কৰে প্রধানমন্ত্রীগৰাকীয়ে৷ বিমানবন্দৰৰ পৰাই পোনে পোনে গুৱাহাটীৰ মাজেৰে প্রধানমন্ত্রী উপস্থিত হয় কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত৷ গুৱাহাটীৰ মাজেৰে পাৰ হৈ যোৱা প্রধানমন্ত্রীৰ কনভয় আজি সন্ধিয়া প্রত্যক্ষ কৰিবলৈ ৰাজপথৰ দুয়োকাষে যথেষ্ট লোকৰ ভিৰ পৰিলক্ষিত হয়৷ প্রধানমন্ত্রীগৰাকীক ওচৰৰ পৰা প্রত্যক্ষ কৰাৰ বাবে আজি পথলৈ ওলাই আহিল ব্যৱসায়িক প্রতিষ্ঠানৰ কর্মচাৰীৰ লগতে স্থানীয় বাসিন্দাসকলো৷ উৎফুল্লিত ৰাইজক দেখি প্রধানমন্ত্রীগৰাকীয়ে গাড়ীৰ পৰা হাত জোকাৰি অভিবাদন জনালে৷ প্রথমবাৰৰ বাবে প্রধানমন্ত্রী এগৰাকীয়ে এনেদৰে গুৱাহাটীৰ ৰাজপথৰ মাজেৰে পাৰ হৈ যোৱা প্রত্যক্ষ কৰিবলৈ পাই যথেষ্ট উৎফুল্লিত হোৱা বুলি অনুভৱ ব্যক্ত কৰিলে বহুজনে৷ উল্লেখ্য যে আজি নিশা কইনাধৰাত কটাবলগীয়া প্রধানমন্ত্রীয়ে কাইলৈ খানাপাৰাত কেইবাটাও প্রকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এক লাখতকৈও অধিক সমৱেত লোকক সম্বোধন কৰিব৷ ইতিমধ্যে প্রধানমন্ত্রীগৰাকীৰ আগমনক লৈ ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে ৰাজ্যিক বিজেপিত৷ খানাপাৰাত হ’ব লগা বিশাল জনসভাৰ বাবে প্রস্তুতি সম্পূর্ণ কৰি তোলা হৈছে৷ এক লাখতকৈ অধিক লোক সমৱেত হ’ব লগা কাইলৈৰ বিশাল জনসভাৰ পৰাই প্রধানমন্ত্রী মোদীয়ে লোকসভা নির্বাচনৰ ৰণদুন্দুভি বজাব৷ উল্লেখ্য যে এইবাৰ বিজেপিয়ে উত্তৰ–পূবৰ মুঠ ২৫খন আসনক বিশেষ লক্ষ্য কৰি লৈছে৷ মুখ্যতঃ এই লক্ষ্যৰে কিছু আগতীয়াকৈ নির্বাচনী প্রস্তুতি আৰম্ভ কৰা বিজেপিয়ে কাইলৈ হ’ব লগা প্রধানমন্ত্রীৰ সভাৰ পৰাই আৰম্ভ কৰিব নির্বাচনী প্রচাৰ অভিযান৷ আনহাতে, কাইলৈ বিশাল জনসভাক সম্বোধি প্রধানমন্ত্রীগৰাকীয়ে অসম তথা উত্তৰ–পূবৰ নির্বাচনৰ ৰণডংকা বজাব৷

ইফালে, কাইলৈৰ বিশাল সভাৰ বাবে ৰাজ্যিক বিজেপিয়ে ব্যাপক আয়োজন কৰিছে৷ ইতিমধ্যে কেইবাজনো মন্ত্রীক কাইলৈৰ সভাৰ বাবে মানুহ অনাৰ দায়িত্ব অর্পণ কৰা হৈছে৷ সমান্তৰালভাৱে যুৱ মর্চাৰ উদ্যোগত কাইলৈ মোদীক সম্ভাষণ জনাবলৈ বিজেপিৰ দখলত থকা প্রতিটো সমষ্টিৰ পৰাই বাইক ৰেলীৰে যুৱ মর্চাৰ সদস্যসকলে আজি সন্ধিয়াৰ ভাগত গুৱাহাটীত উপস্থিত হৈছে৷ শিৱসাগৰ, যোৰহাট, গোলাঘাট, নগাঁও, কলিয়াবৰ, হোজাই, মৰিগাঁও, শোণিতপুৰ, বঙাইগাঁও, কামৰূপ, নলবাৰী আদি জিলাৰ পৰা দুই সহস্রাধিক যুৱ মর্চাৰ সদস্যই বাইক ৰেলীৰে আজি ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কার্যালয়ত উপস্থিত হয়৷ উল্লেখ্য যে কাইলৈ হ’ব লগা বিশাল জনসভাত প্রধানমন্ত্রী মোদীয়ে ১০টাকৈ প্রকল্পৰ আধাৰশিলা স্থাপন কৰিব আৰু আন দুটা প্রকল্প দেশবাসীৰ বাবে উছর্গা কৰিব৷ ১১,৫৯৯ কোটি টকা ব্যয়সাপেক্ষে আধাৰশিলা স্থাপন হ’ব লগা এই প্রকল্পসমূহৰ ভিতৰত আছে– মা কামাখ্যা দিব্যলোক পৰিযোজনা, লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰ সংযোগী পথৰ বহলীকৰণ, অসমমালা ২.০ৰ অধীনত ৩৮খন দলং নির্মাণৰ লগতে ৪৩টা পথৰ উন্নীতকৰণ, নেহৰু ষ্টেডিয়ামক ফিফামানৰ ফুটবল ষ্টেডিয়ামলৈ উন্নীতকৰণ, চন্দ্রপুৰত ষ্টেডিয়াম, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আন্তঃগাঁথনি উন্নয়ন, কৰিমগঞ্জ চিকিৎসা মহাবিদ্যালয় আৰু ইউনিটী হল৷ আনহাতে, প্রধানমন্ত্রীগৰাকীয়ে কালি বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰ সংযোগী চাৰিলেনযুক্ত পথ আৰু দলবাৰীৰ পৰা জামুগুৰি সংযোগী চাৰিলেনযুক্ত পথ দেশবাসীৰ বাবে উছর্গা কৰিব৷

You might also like