নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছিয়ান সন্মিলনত অংশগ্ৰহণ প্রধানমন্ত্রী মোদীৰ

বিশেষ বাৰ্তা, ৭ ছেপ্টেম্বৰঃ ইণ্ডোনেছিয়াৰ জাকার্টাত আছিয়ান সন্মিলনত আজি অংশগ্রহণ কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ইণ্ডো–পেচিফিকৰ ওপৰত আছিয়ানক পূর্ণ সমর্থন ভাৰত আছে বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে ‘পূব এছিয়া সন্মিলন’ এখন গুৰুত্বপূর্ণ মঞ্চ বুলি আখ্যা দিয়ে৷ কৌশলপূর্ণভাৱে চীনক হেঁচা প্রয়োজন কৰাৰ লক্ষ্যৰে প্রধানমন্ত্রী মোদীয়ে বেইজিঙে প্রবল আধিপত্যৰ দাবী জনাই থকা দক্ষিণ চীন সাগৰত মুক্ত বিচৰণৰ প্রসংগ উত্থাপন কৰে৷ দক্ষিণ চীন সাগৰত চীনৰ আধিপত্যৰ বিষয়টোৱে বিশ্বজুৰি চর্চা চলি থকাৰ মাজতে প্রধানমন্ত্রী মোদীয়ে আছিয়ান সন্মিলনত এই প্রসংগটো উত্থাপন কৰি পৰোক্ষভাৱে বেইজিঙৰ ওপৰত চাপ সৃষ্টি কৰে৷ আছিয়ান সন্মিলনত ভাগ ল’বলৈ পাই সন্তুষ্টি ব্যক্ত কৰি প্রধানমন্ত্রী মোদীয়ে এই সন্মিলনৰ আয়োজক ইণ্ডোনেছিয়াৰ ৰাষ্ট্রপতি জক’ উইড’ড’ক অভিনন্দন জ্ঞাপন কৰে৷ তদুপৰি নিৰীক্ষক হিচাপে বৈঠকত উপস্থিত থকা টিমৰ লেষ্টেৰ প্রধানমন্ত্রী জানানা গাছমাওকো অভিনন্দন জনায় প্রধানমন্ত্রী মোদীয়ে৷ ইয়াৰ পাছতে প্রধানমন্ত্রী মোদীয়ে ইণ্ডো–পেচিফিক অঞ্চলত কৌশলগত সহযোগিতা আৰু আলোচনাৰ কাৰণে নেতৃত্ব দিব পৰা পূব এছিয়া সন্মিলন গুৰুত্বপূর্ণ মঞ্চ বুলি কয়৷ এছিয়াত প্রাথমিক বিশ্বাসৰ ভেটি গঢ়াৰ ক্ষেত্রতো এই সন্মিলনে গুৰুত্বপূর্ণ ভূমিকা ল’ব পাৰে আৰু ইয়েই আছিয়ানৰ মূল সফলতা হ’ব বুলি কয় প্রধানমন্ত্রী মোদীয়ে৷ সম্প্রতি বিশ্বৰ মানচিত্রত বিভিন্ন বিষয়ৰ প্রত্যাহ্বান আৰু অনিশ্চয়তা আহি পৰা বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে সন্ত্রাসবাদ, উগ্রবাদ, ভূ–ৰাজনৈতিক সংঘাত সকলোৰে বাবে প্রত্যাহ্বান বুলি কয়৷ এইবিলাকৰ সৈতে মোকাবিলা কৰিবলৈ বহুমুখী আৰু নিয়ম আধাৰিত নির্দেশৰ আৱশ্যক বুলিও কয় প্রধানমন্ত্রী মোদীয়ে৷ আন্তর্জাতিক নিয়ম মানি সকলোৱে সার্বভৌমত্ব আৰু আঞ্চলিক ঐক্যিক শক্তিশালী কৰাত গুৰুত্ব দিবলৈ আহ্বান জনাই মোদীয়ে কয়– আজিৰ যুগ যুদ্ধৰ নহয়৷ আলোচনা আৰু কূটনীতিয়েই সমাধানৰ একমাত্র পথ৷ আনপিনে আছিয়ান দৃষ্টিভংগীৰে ম্যানমাৰক লৈ ভাৰতে নীতি প্রস্তুত কৰিছে বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে একে সময়তে চুবুৰীয়া ৰাষ্ট্রসমূহে সীমান্তত শান্তি আৰু সুৰক্ষা নিশ্চিত কৰিব লাগে বুলি কয়৷ ভাৰত আৰু আছিয়ানৰ সম্পর্ক বৃদ্ধি কৰাই দেশৰ লক্ষ্য বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয়– ভাৰত প্রশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, নিৰাপত্তা আৰু সমৃদ্ধিৰ বাবে আমি সকলোৱে প্রাধান্য দিব লাগিব৷ আন্তর্জাতিক নিয়ম তথা ৰাষ্ট্রসংঘৰ নিয়মক বলৱৎ কৰি সকলো দেশেই ভাৰত–প্রশান্ত মহাসাগৰীয় অঞ্চলত সকলোৰে লাভৰ কাৰণে পদক্ষেপ ল’ব লাগে৷ নিজৰ লাভৰ বাবে বেআইনী কার্যকলাপ সেই অঞ্চলত সংঘটিত কৰাৰ পৰা দেশসমূহ আঁতৰি থাকিব লাগে৷ দক্ষিণ চীন সাগৰতো বেইজিঙৰ আধিপত্যৰ বিষয়টো গুৰুত্ব দিয়া উচিত৷ আনপিনে জলবায়ু পৰিৱর্তন, চাইবাৰ সুৰক্ষা, খাদ্য সুৰক্ষা, স্বাস্থ্য আৰু বিদ্যুতৰ প্রত্যাহ্বানৰ প্রসংগ উল্লেখ কৰি এই বিষয়টো জি–২০ সন্মিলনতো আলোচনা কৰা হ’ব বুলি কয় প্রধানমন্ত্রী মোদীয়ে৷ পূব এছিয়া সন্মিলনৰ প্রক্রিয়াত ভাৰতে পূর্ণ সমর্থন জনাই যাব বুলি ভাষণ সামৰে প্রধানমন্ত্রী মোদীয়ে৷ আছিয়ান সন্মিলনত অংশ লোৱা প্রধানমন্ত্রী মোদীয়ে টিমৰ লেষ্টেত ভাৰতীয় দূতাবাস মুকলি কৰা হ’ব বুলিও ঘোষণা কৰে৷ উল্লেখ্য যে আজি জাকার্টাত উপস্থিত হোৱা প্রধানমন্ত্রী মোদীক বিমানবন্দৰৰ পৰাই ৰাজকীয় আদৰণি জনায় ইণ্ডোনেছিয়াৰ চৰকাৰে৷

You might also like