নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রী মোদীয়ে উদ্বোধন কৰিলে এডভাণ্টেজ আছাম-২.০ সন্মিলন 

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় বৈদেশিক পৰিক্রমা দপ্তৰৰ মন্ত্রী ড০ এছ জয়শংকৰ, কেইবাগৰাকীও কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ মন্ত্রী, বিদেশী ৰাষ্ট্রদূত আৰু কেইবাগৰাকী উদ্যোগপতিৰ উপস্থিতিত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দুদিনীয়কৈ অনুষ্ঠিত এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন উদ্বোধন কৰে৷ উদ্বোধনী ভাষণত প্রধানমন্ত্রী মোদীয়ে অসমৰ পৰম্পৰাগত ঔদ্যোগিক দিশ অৱলোকন কৰি কয় যে অসমে দেশৰ ঔদ্যোগিক ক্ষেত্রখনক নেতৃত্ব দিব পৰা এক চহকী ৰাজ্য হিচাপে আত্মপ্রকাশৰ প্রতিশ্রুতি বহন কৰিছে৷ ভাষণ প্রসংগত প্রধানমন্ত্রীয়ে অসমক দেশৰ এক ঔদ্যোগিকভাৱে শক্তিশালী ৰাজ্য হিচাপে বিকশাই তোলাৰ দিশত ভাৰত চৰকাৰৰ আন্তৰিক সমর্থন আৰু দায়বদ্ধতাৰ কথাও উল্লেখ কৰে৷ তেওঁ লগতে প্রযুক্তি আৰু উৎপাদন খণ্ডৰ অগ্রাধিকাৰেৰে অর্থনৈতিক ক্ষেত্রখনলৈ অনা বৈচিত্র্যপূর্ণ পৰিৱর্তনৰ বাবেও প্রশংসা কৰে৷ উল্লেখ্য যে, এডভাণ্টেজ আছাম ২.০ সন্মিলনৰ জৰিয়তে ৰাজ্যখনত চহকী বিনিয়োগ আৰু ঔদ্যোগিক পৰিৱেশতন্ত্র সম্পর্কে তুলি ধৰাৰ লগতে ইয়াৰ স্থানগত সুবিধা, গতিশীল বিনিয়োগ নীতি আৰু বিনিয়োগৰ লভ্যাংশ দিব পৰা সম্ভাৱনা থকা এক বিশাল বজাৰ উপস্থাপন কৰিব বিচৰা হৈছে৷ এই উপলক্ষে ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই এই সন্মিলন ৰাজ্যখনৰ ঔদ্যোগিক যাত্রাপথৰ এক ঐতিহাসিক অনুষ্ঠান বুলি অভিহিত কৰে৷ তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আশীর্বাদ আৰু গৌৰৱময় উপস্থিতিয়ে এডভাণ্টেজ আছাম ২.০য়ে বিকাশ আৰু সুযোগৰ এক নতুন যুগৰ সূচনা কৰিব৷ মুখ্যমন্ত্রীয়ে ইয়াৰ বাবে প্রধানমন্ত্রীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে৷ অসমৰ চাহৰ ২০০ বছৰ উদযাপনে ৰাজ্যখনৰ ঔদ্যোগিক পৰম্পৰাকে সূচায় বুলি উল্লেখ কৰি তেওঁ কয় যে ১৮২৩ চনত আৱিষ্কাৰ হোৱা চাহ অসমৰ প্রধান উদ্যোগ আছিল৷ অসমৰ উদ্যোগীকৰণৰ চহকী অতীতৰ বিষয়ে অৱলোকন কৰি তেওঁ লগতে কয় যে ভাৰতৰ তেল উদ্যোগৰ প্রথম পথ প্রদর্শক আছিল অসম৷ ১৮৪৭চনত অসমত কয়লা আৱিষ্কাৰ হৈছিল আৰু ইয়ে অসমৰ ঔদ্যোগিক যাত্রাক অধিক আগুৱাই নিয়াৰ লগতে ৰাজ্যখনৰ স্থায়ী বহনক্ষম অর্থনৈতিক বিকাশৰ ভেটি গঢ়ি তুলিছিল৷ মুখ্যমন্ত্রী শর্মাই কয় যে ভাৰতৰ স্বাধীনতাৰ সময়ত অসম দেশৰ এখন অর্থনৈতিকভাৱে অগ্রণী ৰাজ্য আছিল৷ চাহ, প্রাকৃতিক সম্পদ আৰু হাইড্রকার্বনৰ সমৃদ্ধিৰ বাবেই জনমূৰি আয় ৰাষ্ট্রীয় গড়তকৈ চাৰি শতাংশ অধিক আছিল৷ মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদী দূৰদর্শী নেতৃত্বত অসমে এক ঐতিহাসিক ৰূপান্তৰৰ দিশেৰে অগ্রসৰ হৈছে৷ প্রধানমন্ত্রীৰ দায়বদ্ধতাই অসমৰ দ্রুত বিকাশ আৰু নব্য আশাবাদৰ নতুন যুগলৈ আগুৱাই লৈ গৈছে৷ তেওঁ কয় যে ২০১৪ চনৰ পৰা ২৩২৪ কিলোমিটাৰতকৈ অধিক ৰাষ্ট্রীয় ঘাইপথ নির্মাণ কৰা হৈছে৷ ভাৰতীয় ৰেলৱে ৬০০ কিলোমিটাৰ মিটাৰগজ লাইনক সম্পূর্ণভাৱে ব্রডগজলৈ পৰিবর্তন কৰিছে৷ তদুপৰি, বর্তমান ভাৰতৰ সপ্তম ব্যস্ত বিমানবন্দৰ হিচাপে পৰিগণিত হোৱা অসমে ভাৰতৰ বিমান পৰিবহণ খণ্ডৰ বিকাশৰ দিশত এতিয়া অনুঘটক হৈ পৰিছে৷ তেওঁ লগতে কয় যে ৰাজ্যৰ জিডিপি ২০১৩-১৪ চনৰ ২৯ বিলিয়ন ডলাৰৰ পৰিৱর্তে ২০২৩-২৪ বর্ষত ৬৮.৭ বিলিয়ন ডলাৰ হৈছে৷ ইয়ে ১২.৪ শতাংশ চিএজিআৰ বৃদ্ধিকে প্রতিফলিত কৰিছে বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে সকলো উদ্যোগপতি, বিনিয়োগকাৰী, উদ্যোগী আৰু অন্যান্য অংশীদাৰীসকলক বিভিন্ন খণ্ডত অসমৰ বিশাল বিনিয়োগৰ সম্ভাৱনাক বিচাৰি উলিয়াবলৈ আহবান জনায়৷ তেওঁ লগতে কয় যে অসমে বিনিয়োগ নির্ভৰযোগ্য অংশীদাৰ সাজু৷ এই ক্ষেত্রত ৰাজ্য চৰকাৰে সকলো ধৰণৰ সুবিধা আগববাব বুলিও তেওঁ কয়৷ টাটা চন্সৰ অধ্যক্ষ নটৰাজন চন্দ্রশেখৰণ, ৰিলায়েঞ্চ উদ্যোগৰ চিএমডি মুকেশ আম্বানী, আদানী গ্রুপৰ অধ্যক্ষ গৌতম আদানী, বেদান্ত গ্রুপৰ অধ্যক্ষ অনিল আগৰৱালা, জে এছ ডাব্লিও গ্রুপৰ চি এম ডি সজ্জন জিন্দালেও অনুষ্ঠানত ভাষণ প্রদান কৰে৷ টাটা চন্সৰ অধ্যক্ষ নটৰাজন চন্দ্রশেখৰণে প্রযুক্তি খণ্ডত অসমৰ উত্থানৰ ওপৰত আলোকপাত কৰাৰ লগতে বিশেষকৈ জাগীৰোডত টাটা ইলেক্ট্রনিকচে বিকশিত কৰি থকা এ টি এম পিৰ সুবিধাই অসমৰ অনুকূল ঔদ্যোগিক পৰিৱেশতন্ত্রকে সূচায় বুলি কয়৷ তেওঁ অসম চৰকাৰৰ সৈতে সহযোগিতাৰে ভৱিষ্যতৰ ক্ষেত্রসমূহত বিচাৰি ওলোৱাৰ সমান্তৰালকৈ অহা পাঁচ বছৰত সেউজ শক্তি, মোবাইল মেনুফেকচাৰিং চিপচৰ দৰে খণ্ডসমূহত বিনিয়োগৰ বাবেও আশ্বাস প্রদান কৰে৷  ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীৰ অধ্যক্ষ মুকেশ আম্বানীয়ে স্বচ্ছ শক্তি, ফুড এণ্ড নন ফুড, বাঁহ, কনজিউমাৰ  ডুৰেবল ৰিটেইলছ আৰু হোটেল খণ্ডৰ উপৰি শুৱালকুছি ৰেচন উদ্যোগকে ধৰি সহযোগিতাৰ বাবে পাঁচটা অগ্রাধিকাৰ ক্ষেত্রত ওপৰত আলোকপাত কৰি অহা পাঁচ বছৰৰ ভিতৰত ৫০ হাজাৰ কোটি টকাৰ বিনিয়োগৰ আশ্বাস দিয়ে৷ আদানী গ্রুপৰ অধ্যক্ষ গৌতম আদানীয়ে স্বচ্ছ শক্তি, পথ প্রকল্পকে ধৰি আন্তঃগাঁথনিৰ সৃষ্টিৰ দৰে ক্ষেত্রত আগন্তুক পাঁচ বছৰত ৫০ হাজাৰ কোটি টকা বিনিয়োগৰ বাবেও আশ্বাস প্রদান কৰে৷ ইয়াৰ উপৰিও বেদান্ত গ্রুপৰ অধ্যক্ষ অনিল আগৰবালাই ৫০ হাজাৰ কোটি টকাৰ বিনিয়োগ আশ্বাস দিয়ে৷ জে এছ ডাব্লিউ গ্রুপৰ চি এম ডি সজ্জন জিন্দালে অসমত নৱীকৰণযোগ্য শক্তি আৰু থার্মেল পাৱাৰৰ দৰে খণ্ডত বিনিয়োগৰ আশ্বাস দিয়ে৷ উদ্বোধনী অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, জ্যোতিৰাদিত্য সিন্ধিয়া, ৰয়েল গর্ভমেণ্ট অৱ ভূটানৰ কৃষি আৰু পশুপালন মন্ত্রী ইউণ্টেন ফুন্ঢো, ত্রিপুৰাৰ মুখ্যমন্ত্রী ড০ মাণিক সাহা, বিভিন্ন দেশৰ মিছন মুৰববী, ৰাজ্য চৰকাৰৰ মন্ত্রীসকল আৰু উদ্যোগ খণ্ডৰ নেতৃবর্গ উপস্থিত থাকে৷
You might also like