বিশেষ বাৰ্তা, ২৯ জুনঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীক ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সম্পর্কে অৱগত কৰালে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি বিয়লি নতুন দিল্লীত মুখ্যমন্ত্রী ড০ শর্মাই প্রধানমন্ত্রী মোদীক সাক্ষাৎ কৰি বৈঠকত বহে৷ প্ৰধানমন্ত্ৰীক সাক্ষাতত অসমৰ শেহতীয়া বান পৰিস্থিতি আৰু বানপীড়িত লোকসকলক সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰা কেইবাটাও পদক্ষেপৰ কথা অৱগত কৰে৷ প্রধানমন্ত্রী মোদীয়ে বান পৰিস্থিতিৰ সৈতে মোকাবিলাৰ সৈতে ৰাজ্য চৰকাৰে গ্রহণ কৰা পদক্ষেপ সন্দর্ভত বিস্তৃত তথ্য লয় আৰু এইক্ষেত্রত চৰকাৰে গ্রহণ কৰা ব্যৱস্থাক প্রশংসা কৰে৷ আলোচনা কালতে প্রধানমন্ত্রীগৰাকীয়ে ৰাজ্য চৰকাৰক সম্ভাব্য সহায়-সহযোগিতাৰ আশ্বাস দিয়ে৷ ইফালে মুখ্যমন্ত্রী ড০ শর্মাই টুইটাৰযোগে উল্লেখ কৰিছে যে দিল্লীত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আশীর্বাদ লোৱাৰ সৌভাগ্য হল৷ প্রধানমন্ত্রীৰ বাবে অসমৰ কল্যাণ সর্বোচ্চ অগ্রাধিকাৰ হৈ আছে৷ মই তেওঁক আমাৰ উন্নয়নমূলক যাত্রাৰ বিষয়ে অৱগত কৰো আৰু আগবাঢ়ি যোৱাৰ পথত তেওঁৰ পৰামর্শ লাভ কৰো৷