আজি ঢেকীয়াজুলিত বিশাল ৰাজহুৱা সভা প্রধানমন্ত্রী মোদীৰ
নিয়মীয়া বাৰ্তা , ৭ ফেব্ৰুৱাৰীঃ বিধানসভা নির্বাচনৰ বাবে আজি মধ্য অসমৰ ঢেকীয়াজুলিত ৰণশিঙা বজাব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ যোৱা ২৩ জানুৱাৰীত শিৱসাগৰত বিশাল জনসভাৰে বিজেপিৰ কার্যকর্তা তথা নেতৃত্বক উদ্বুদ্ধ কৰা প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ১৫ দিনৰ ভিতৰত দ্বিতীয়বাৰ অসম ভ্রমণে স্বাভাৱিকতে উৎসাহিত কৰি তুলিছে ৰাজ্যিক বিজেপি তথা চৰকাৰখনক৷
আজি ১১.৪৫ বজাত ঢেকীয়াজুলিত উপস্থিত হ’ব লগা প্রধানমন্ত্রীগৰাকীয়ে এখন ৰাজহুৱা সভাত অংশগ্রহণৰ লগতে বিশ্বনাথ আৰু চৰাইদেউত স্থাপন হ’বলগীয়া নতুন মেডিকেল কলেজ দুখনৰ আধাৰশিলা স্থাপন কৰিব আৰু ৰাজ্যৰ লোকনির্মাণ বিভাগৰ অভিলাষী প্রকল্প অসম মালাৰো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব৷ প্রধানমন্ত্রীগৰাকীৰ আগমনক লৈ ঢেকীয়াজুলিত এতিয়া উৎসৱমুখৰ পৰিৱেশ৷
ইপিনে অসম ভ্রমণৰ প্রাক্মুহূর্তত এক টুইটযোগে প্রধানমন্ত্রী মোদীয়ে অসমৰ ৰাইজৰ লগত আজিৰ দিনটো কটাব বুলি উল্লেখ কৰিছে৷ টুইটত প্রধানমন্ত্রীয়ে লিখিছে– “কাইলৈ মই অসমৰ জনসাধাৰণৰ সৈতে থাকিম৷ ঢেকীয়াজুলিৰ এক অনুষ্ঠানত ভাগ লৈ অসম মালা আঁচনিৰ শুভ উদ্বোধন কৰা হ’ব৷ এই আঁচনিয়ে অসমৰ পথ তথা যাতায়াত ব্যৱস্থাৰ অভিনৱ উন্নয়ন সাধন কৰিব৷” এই ব্যৱস্থাই অসমৰ আর্থিক উন্নয়ন তথা যোগাযোগ ব্যৱস্থাত অভূতপূর্ব অৰিহণা যোগাব৷
আনহাতে, আন এক টুইটযোগে প্রধানমন্ত্রীয়ে বিশ্বনাথ আৰু চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ কথা উল্লেখ কৰি এই চিকিৎসা মহাবিদ্যালয় দুখনে স্বাস্থ্য সেৱাৰ ক্ষেত্রতো অৰিহণা যোগাব বুলি উল্লেখ কৰে৷ টুইটত তেওঁ কয়– বিগত বছৰসমূহত অসমে স্বাস্থ্য সেৱাৰ উন্নতিৰ ক্ষেত্রত দ্রুতগতিত আগবাঢ়িছে৷ স্বাস্থ্যখণ্ডৰ উন্নয়নে অসমকে নহয়, সমগ্র উত্তৰ–পূবকে লাভান্বিত কৰিব৷
ইফালে প্রধানমন্ত্রীৰ আগমনৰ প্রাক্ক্ষণত কালি ঢেকীয়াজুলিত এক বিশাল পদযাত্রা কৰে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এই উদ্দেশ্যে কালি বিয়লিৰ ভাগত ঢেকীয়াজুলিত উপস্থিত হোৱা মন্ত্রীগৰাকীয়ে ঢেকীয়াজুলি পৰিদর্শন বাঙলাৰ পৰা ২০ সহস্রাধিক লোকৰ সৈতে এক সজাগতামূলক পদযাত্রা কৰি নগৰখনত প্রধানমন্ত্রীৰ আগমন উপলক্ষে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰে৷ শ্বহীদ নগৰী ঢেকীয়াজুলিত ২০ সহস্রাধিক লোকৰ সৈতে নগৰখনৰ গলিয়ে–গলিয়ে ৫ কিলোমিটাৰ পদযাত্রা কৰি এক জনজাগৰণ সৃষ্টি কৰিলে মন্ত্রী ড০ শর্মাই৷ ঢেকীয়াজুলিৰ পৰিদর্শন বাঙলাৰ পৰা বৰতল হৈ বিবেকানন্দ ক্লাবৰ সন্মুখেৰে স্বৰূপানন্দ পথ হৈ, জে জে হাস্পতালৰ সন্মুখেৰে ১৫নং ৰাষ্ট্রীয় ঘাইপথত উঠি ৰাষ্ট্রীয় ঘাইপথেৰে নগৰখনৰ মাজমজিয়াৰে মন্ত্রী ড০ শর্মাই পদযাত্রা কৰা কালছোৱাত শ্বহীদ নগৰীবাসী ৰাইজে পুষ্পবৃষ্টি কৰি ফুলাম গামোচাৰে উষ্ম সম্বর্ধনা জ্ঞাপন কৰাৰ লগতে ঢ়োল–খোল বাদ্যৰে ব্যাপকভাৱে আদৰণি জনায়৷ মন্ত্রী ড০ শর্মাৰ সৈতে ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহাল, মন্ত্রী পীয়ূষ হাজৰিকা, বৰছলাৰ বিধায়ক গণেশ লিম্বু, ৰাজ্যিক বিজেপিৰ সম্পাদক কিশোৰ উপাধ্যায়, শোণিতপুৰ জিলা বিজেপিৰ সভাপতি তুলসী বৰঠাকুৰকে ধৰি নেতা–কর্মীসকল উপস্থিত থাকি ৫ কিলোমিটাৰ সজাগতামূলক পদযাত্রা কৰে৷
আনহাতে, প্রধানমন্ত্রীৰ আগমন উপলক্ষে ঢ়েকীয়াজুলি সমষ্টিৰ চুকে–কোণে নামঘৰ, মন্দিৰ, মছজিদ, গির্জা, শ্বহীদ বেদীত প্রধানমন্ত্রীগৰাকীৰ্ মংগল কামনার্থে আঢ়ৈ লাখ চাকি–বন্তি জ্বলাৰ কথা জনালে বিধায়ক অশোক সিংহালে৷ ইফালে প্রধানমন্ত্রীৰ আগমনার্থে শ্বহীদ নগৰীখনক ন–কইনাৰ দৰে সজাই–পৰাই তোলা হৈছে৷ শ্বহীদ নগৰী ঢ়েকীয়াজুলিৰ ভোটপাৰা পথাৰত দেখা গৈছে প্রধানমন্ত্রীগৰাকীক আদৰাৰ আডম্বৰপূর্ণ ব্যাপক প্রস্তুতি৷ আৰক্ষী প্রশাসনে নিশ্ছিদ্র নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে৷ খেলপথাৰৰ চৌদিশে আৰক্ষীৰ উচ্চস্তৰীয় বিষয়াসকলে সমগ্র পৰিৱেশ নিৰীক্ষণ কৰাৰ লগতে এছ পি জিৰ দলে ভোটপাৰা পথাৰত গঢ়ি তুলিছে পানী নসৰকা নিৰাপত্তা বেহু৷ প্রধানমন্ত্রীয়ে ৰাইজক সম্বোধন কৰি ভাষণ প্রদান কৰিব লগা মূল মণ্ডপ সজাই–পৰাই তোলাৰ লগতে ভি আই পি, ভি ভি আই পিসকল বহাৰ বাবেও ব্যাপক ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ ঢেকীয়াজুলিত প্রধানমন্ত্রীয়ে অংশগ্রহণ কৰিব লগা বিশাল ৰাজহুৱা সভাত ৰাজ্যখনৰ ভিন্ন প্রান্তৰ ৫ লক্ষাধিক লোক উপস্থিত থাকিব বুলি জনালে ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংহাল, ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাৰ লগতে সভাস্থলীত উপস্থিত থকা বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বডোৱে৷