২৪ ফেব্রুৱাৰীত গুৱাহাটীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী
নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ ফেব্ৰুৱাৰীঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অসম ভ্রমণ চূড়ান্ত হ’ল৷ অহা ২৪ ফেব্রুৱাৰীৰ বিয়লি ৫ বজাত প্রধানমন্ত্রী মোদী গুৱাহাটীত উপস্থিত হ’ব আৰু ঝুমুৰৰ সামূহিক নৃত্যত উপস্থিত থাকিব৷ ২৫ ফেব্রুৱাৰীত দিনৰ ১১.৩০ বজাৰ পৰা ১.৩০ বজালৈ এডভাণ্টেজ আছাম ২.০ৰ সন্মিলনত অংশগ্রহণ কৰিব৷ এই কথা সদৰী কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ প্রধানমন্ত্রী মোদীৰ অসম ভ্রমণ আৰু কেন্দ্রীয় মন্ত্রীসকলৰ এডভাণ্টেজ আছাম ২.০ত অংশগ্রহণ নিশ্চিতকে ধৰি অসমৰ বিভিন্ন উল্লেখনীয় প্রকল্প পর্যালোচনা কৰিবলৈ আৰু দিল্লী বিধানসভা নির্বাচনৰ প্রচাৰ চলাবলৈ দিল্লী ভ্রমণলৈ যোৱা মুখ্যমন্ত্রী ড০ শর্মা গুৱাহাটীত উপস্থিত হৈয়েই এই কথা প্রকাশ কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এডভাণ্টেজ আছাম ২.০ত প্রধানমন্ত্রী মোদীৰ লগতে অন্যান্য আমন্ত্রিত মন্ত্রীসকলৰ অংশগ্রহণৰ সময় নিশ্চিত কৰিবলৈ তেওঁ এই দিল্লী যাত্রা কৰিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে এইবাৰৰ দিল্লী যাত্রাতে তেওঁ কেন্দ্রীয় পথ পৰিবহণ আৰু ৰাষ্ট্রীয় ঘাইপথ দপ্তৰৰ মন্ত্রী নীতিন গাডকাৰিৰ সৈতেও বৈঠকত মিলিত হয়৷ কাজিৰঙাত এলিভেটেড কৰিড’ৰ নির্মাণ, মাজুলী আৰু যোৰহাট সংযোগী দলঙৰ নির্মাণকার্যৰ বাবে অতি সোনকালে নতুনকৈ নিবিদা আহ্বান কৰা, যোৰহাট আৰু ডিব্রুগড় সংযোগী ৰাষ্ট্রীয় ঘাইপথটোৰ কাম–কাজৰ পুনৰ পর্যালোচনা কৰাৰ লগতে নুমলীগড়–গহপুৰ সংযোগী সুৰংগ পথৰ বিষয়েও আলোচনা কৰা হয়৷ সুৰংগ পথৰ নির্মাণ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিষয়টো বর্তমান কেন্দ্রীয় কেবিনেটলৈ অনুমোদনৰ বাবে যোৱাৰ দ্বিতীয় ঢ়াপত আছে৷ সেইদৰে গুৱাহাটী ৰিংৰোডৰ নির্মাণকার্য অহা এমাহৰ ভিতৰত আৰম্ভ হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রকল্পটো এতিয়া আৰম্ভ কৰাৰ চূড়ান্ত পর্যায়ত আছে৷ ইতিমধ্যে নিবিদাও নিষ্পত্তি হৈ গৈছে৷ এমাহৰ ভিতৰতে নির্মাণকার্য আৰম্ভ হ’ব৷ আনহাতে মুখ্যমন্ত্রী ড০ শর্মাই সমাগত এডভাণ্টেজ আছাম ২–০ৰ বাবে অসমত সহযোগিতা আৰু বিনিয়োগৰ নতুন পথ অন্বেষণ কৰিবলৈ বেদান্ত গ্রুপৰ অধ্যক্ষ অনিল আগৰৱালাৰ সৈতে এক আভাসী সাক্ষাতত মিলিত হয়৷ ইপিনে সামাজিক মাধ্যমযোগে নতুন অসমৰ বিকাশৰ নতুন দৃষ্টিভংগীৰ বিষয়ে অৱগত কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমৰ উন্নয়নে বর্তমান এক অভূতপূর্ব গতি আৰু পৰিসৰত আগবাঢ়ি আছে৷ ২০২১ চনৰ পৰা ৰাজ্যখনত প্রতিদিনে এখনকৈ দলং আৰু প্রায় ১৫ কিলোমিটাৰ পথ নির্মাণেৰে বিগত বর্ষৰ ডিচেম্বৰ মাহলৈকে ১,২৩৬খন দলং আৰু ১৮ হাজাৰ কিলোমিটাৰ পথ জনসাধাৰণৰ সেৱাত উৎসর্গা কৰা হৈছে৷