ৰাজ্যবাসীলৈ আগবঢ়াব ১৮,০০০ কোটিৰ উন্নয়নৰ প্রকল্প
দিছপুৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল
নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ মাৰ্চঃ উন্নয়নৰ আশীর্বাদ লৈ দুদিনীয়া কার্যসূচীৰে কাইলৈ অসমত উপস্থিত হ’ব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ বহুকেইটা প্রকল্পৰ শুভ উদ্বোধন-আধাৰশিলা স্থাপনৰ লক্ষ্যৰে প্রধানমন্ত্রীৰ এই আগমনে স্বাভাৱিকতে সমগ্র ৰাজ্যত সৃষ্টি কৰিছে ব্যাপক চর্চা আৰু উৎকণ্ঠা৷ যোৱা ফেব্রুৱাৰী মাহত প্রায় ২০ হাজাৰ কোটি টকাৰ প্রকল্পৰ উদ্বোধন–আধাৰশিলা স্থাপন কৰি যোৱাৰ পাছত এইবাৰ প্রধানমন্ত্রীগৰাকীয়ে দুদিনীয়া কার্যসূচীৰে অসমত উপস্থিত হয় ১৮ হাজাৰ কোটি টকাৰ উন্নয়নৰ উপহাৰ প্রদান কৰিব৷ সেয়াই নহয়, প্রথমবাৰৰ বাবে এগৰাকী প্রধানমন্ত্রীয়ে উপস্থিত হ’ব ৰাষ্ট্রীয় উদ্যান কাজিৰঙাত৷ কার্যতঃ লোকসভা নির্বাচনৰ প্রাকক্ষণত প্রধানমন্ত্রী মোদীৰ এই ভ্রমণক লৈ সমগ্র উজনি অসমত এতিয়া উথপথপ পৰিৱেশ৷ প্রধানমন্ত্রী মোদীৰ এই ভ্রমণ কার্যসূচী সন্দর্ভত আজি সদৰী কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ লোকসেৱা ভৱনত সংবাদ মেল আয়োজন কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয়– প্রধানমন্ত্রীৰ এই ভ্রমণ হ’ব ঐতিহাসিক ঘটনাৰ সাক্ষী৷ উন্নয়নৰ আশীর্বাদেৰে ৰাজ্যক উপচাই দিব প্রধানমন্ত্রীগৰাকীয়্৷ বর্তমান অসমত উন্নয়নৰ গংগা এতিয়া চৌদিশে ববলৈ আৰম্ভ কৰিছে৷ এই বর্ষৰ আৰম্ভণিতে প্রধানমন্ত্রীগৰাকীয়ে ২০০০ কোটি টকাৰ প্রকল্পৰ উদ্বোধন–আধাৰশিলা স্থাপনৰ কিছুদিন পিছতে এইবাৰ প্রধানমন্ত্রীগৰাকীয়ে পুনৰ প্রায় ২০ হাজাৰ কোটি টকাৰ প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব৷ মই যোৱা ২০ বছৰৰো অধিক সময় অসমৰ ৰাজনীতিত আছো৷ কিন্তু এনেধৰণৰ বিনিয়োগ অসমত পূর্বে কেতিয়াও দেখা পোৱা নাই৷ উল্লেখ্য যে অহা ৮ মার্চত অসমলৈ আহিবলগা প্রধানমন্ত্রীগৰাকীয়ে বিয়লি ৪ বজাত তেজপুৰৰ বিমানবন্দৰত উপস্থিত হ’ব৷ তাৰ পৰা পোনে পোনে বিশ্বৰ ঐতিহ্যক্ষেত্র কাজিৰঙা ৰাষ্ট্রীয় উদ্যানলৈ আহিব৷ নিশাটো কাজিৰঙাত কটোৱাৰ পাছত পুৱা ভাগত প্রধানমন্ত্রীগৰাকীয়্ ৰাষ্ট্রীয় উদ্যানখনত ছাফাৰি কৰিব আৰু ইয়াৰ পিছতেই অৰুণাচল প্রদেশলৈ কেইবাটাও কার্যসূচীৰ বাবে ৰাওনা হ’ব৷ দুপৰীয়া ১.৩০ বজাত পুনৰ যোৰহাট বিমানবন্দৰলৈ উভতি আহি প্রধানমন্ত্রীগৰাকীয়্ হোলোঙাপাৰত অসমৰ শৌর্য–বীর্যৰ প্রতীক লাচিত বৰফুকনৰ ৮৪ ফুট উচ্চতাৰ প্রতিমূর্তি উন্মোচন কৰিব৷ এই কার্যসূচীৰ পিছতে প্রধানমন্ত্রীগৰাকীয়্ যোৰহাটৰ মেলেং মেটেলি খেলপথাৰত এক বৃহৎ ৰাজহুৱা সভা সম্বোধন কৰিব৷ এই অনুষ্ঠানৰ পৰাই প্রধানমন্ত্রীগৰাকীয়্ কেইবাটাও প্রকল্পৰ আধাৰশিলা আৰু উদ্বোধন কৰিব৷ মুখ্যমন্ত্রী ড০ শর্মাই প্রধানমন্ত্রীগৰাকীৰ্ এই কার্যসূচীৰ সন্দর্ভত কয় যে প্রধানমন্ত্রীগৰাকীয়্ ৯ মার্চত প্রায় ২০ হাজাৰ কোটি টকাৰ আধাৰশিলা–উদ্বোধনৰ লগতে কেইবাটাও প্রকল্প ৰাইজৰ বাবে উছর্গা কৰিব৷ প্রধানমন্ত্রী মোদীয়ে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল উদ্বোধন কৰিব৷ এই অনুষ্ঠানতে প্রধানমন্ত্রীগৰাকীয়্ ৭৬৮ কোটি টকা ব্যয়ৰে ডিগবৈ শোধনাগাৰক এক মিলিয়ন মেট্রিক টনলৈ সম্প্রসাৰণৰ আধাৰশিলা স্থাপন কৰিব৷ মন কৰিবলগীয়া যে ডিগবৈ শোধনাগাৰৰ ক্ষমতাক লৈ শেহতীয়াকৈ যথেষ্ট চর্চাৰ সৃষ্টি হৈছে৷ ব্রিটিছৰ সময়তে স্থাপন কৰা এই শোধনাগাৰৰ বর্তমানৰ উৎপাদন ক্ষমতা .৬৫ নিযুত মেট্রিক টন৷ এই শোধনাগাৰটোৱে ইয়াৰ উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হ’ব বুলি বিভিন্ন সময়ত আলোচনাৰ সৃষ্টি হৈ আহিছে৷ আজি মুখ্যমন্ত্রীয়ে এই প্রসংগত কয় যে ডিগবৈ শোধনাগাৰক লৈ চলা চর্চাৰ বিপৰীতে শোধনাগাৰটোৰ উৎপাদন ক্ষমতা ১ নিযুত মেট্রিক টনলৈ সম্প্রসাৰণ কৰা হ’ব৷ সেয়াই নহয়, প্রধানমন্ত্রী মোদীয়ে ৯ মার্চত ৫১০ কোটি টকা ব্যয়ৰে গুৱাহাটী শোধনাগাৰৰ সম্প্রসাৰণ ১ নিযুত মেট্রিক টনৰ পৰা ১.২ নিযুত মেট্রিক টনলৈ সম্প্রসাৰণৰ আধাৰশিলা স্থাপন কৰিব৷ তদুপৰি প্রধানমন্ত্রীয়ে বাৰাউণীৰ পৰা গুৱাহাটীলৈ ৩৯৯২ কোটি টকা ব্যয়ৰে হ’বলগা এক বৃহৎ প্রকল্পও উদ্বোধন কৰিব৷ এই প্রসংগতে মুখ্যমন্ত্রীয়ে কয়– বিগত দীর্ঘ সময় ধৰি ৰাজ্যবাসীৰ এক অভিযোগ আছিল যে অসমৰ পৰা তেল বাৰাউণীলৈ নিয়া হয়৷ এয়া নিশ্চিতভাৱে সত্য আছিল৷ কিন্তু এতিয়া ইতিহাসৰ শুধৰণি হ’ব৷ এতিয়া বাৰাউণীৰ পৰা তেল আৰু গেছ আহিব পৰা এক পাইপ লাইন নির্মাণ প্রায় সম্পূর্ণ হৈছে৷ ৩৯৯২ কোটি টকা ব্যয়ৰে হ’বলগা প্রকল্পটো প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আধাৰশিলা স্থাপন কৰাৰ পাছতেই ই এক ঐতিহাসিক ঘটনাৰূপে পৰিগণিত হ’ব৷ প্রথম পর্যায়ত বাৰাউণীৰ পৰা গুৱাহাটীলৈ আৰু দ্বিতীয় পর্যায়ত গুৱাহাটীৰ পৰা নুমলীগড়লৈ যাবলগা এই পাইপডালে গেছ আৰু তেল পৰিবহণ কৰিব৷ আনহাতে, অইল ইণ্ডিয়া লিমিটেডে বাৰাউণীৰ পৰা গুৱাহাটীলৈ তেল আৰু গেছ ঠেলি পঠিওৱাৰ বাবে ৫৭২ কোটি টকাৰ ব্যয়ৰে এটা পাম্পিং ষ্টেচন স্থাপন কৰিছে৷ এই ষ্টেচনটোৰো শুভ উদ্বোধন কৰিব প্রধানমন্ত্রীগৰাকীয়্৷ তদুপৰি দুলীয়াজানৰ পৰা ডিগবৈ শোধনাগাৰলৈ আন এটা পাম্পিং ষ্টেচন অইল ইণ্ডিয়া লিমিটেডে ৫১ কোটি টকা ব্যয়ৰে নির্মাণ কৰি উলিয়াইছে৷ এই পাম্পিং ষ্টেচনটোৰো শুভ উদ্বোধন কৰা হ’ব৷ ইয়াৰ উপৰিও প্রধানমন্ত্রীগৰাকীয়্ ধূপধৰাৰ পৰা ছয়গাঁৱলৈ ১৭৬ কিলোমিটাৰ দ্বৈত ৰে’ললাইনৰো শুভ উদ্বোধন কৰিব৷ একে সময়তে প্রধানমন্ত্রীগৰাকীয়্ পি এম ডিভাইন আঁচনিৰ অধীনত ৫,৫৫,৫৫৫টা প্রধানমন্ত্রী আবাস যোজনাৰ ঘৰৰ গৃহ প্রৱেশৰ শুভাৰম্ভণি কৰিব৷ এনে কেইবাটাও কার্যসূচীৰ শুভ উদ্বোধন কৰাৰ পূর্বে প্রধানমন্ত্রীগৰাকীয়্ হোলোঙাপাৰত নির্মাণ কৰা লাচিত বৰফুকনৰ ১২৫ ফুট উচ্চতাৰ প্রতিমূর্তিটো উন্মোচন কৰিব৷ মুখ্যমন্ত্রী ড০ শর্মাই আজি ইয়াকো জানিবলৈ দিয়ে যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ৯ মার্চৰ অনুষ্ঠান প্রায় ৬০ লাখ হিতাধিকাৰীয়ে পঞ্চায়ত কার্যালয়ৰ পৰা ভার্চুৱেলী উপভোগ কৰিব৷ ইফালে, যোৱা দুটা বছৰত ৯ লাখ লোকে ইতিমধ্যে প্রধানমন্ত্রী আৱাস যোজনাৰ গৃহ লাভ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৯ মার্চত প্রধানমন্ত্রীয়ে গৃহ প্রৱেশৰ শুভাৰম্ভণি কৰিবলগা ৫,৫৫,৫৫৫জন হিতাধিকাৰীক চৰকাৰৰ তৰফৰ পৰা একোটাকৈ মিঠাইৰ টোপোলাও প্রদান কৰা হ’ব৷ কার্যতঃ এই সমগ্র কার্যসূচী ৰাজ্যখনৰ বাবে ঐতিহাসিক দিনৰ সাক্ষীৰূপে পৰিগণিত হ’ব৷ কিয়নো, বিগত কেইটামান দিনৰ ভিতৰতে কোনোধৰণৰ বিনিয়োগৰ ছামিট অনুষ্ঠিত নোহোৱাকৈ ৰাজ্যখনে প্রায় ৮০ হাজাৰ কোটি টকাৰ বিনিয়োগ লাভ কৰিছে৷ এয়া প্রধানমন্ত্রী মোদীৰ অসমবাসীৰ ওপৰত বৃহৎ উন্নয়নৰ আশীর্বাদ৷