নিয়মীয়া বাৰ্তা, ২৮ জুনঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কি বাত অনুষ্ঠানত এইবাৰ স্থান পালে অৰুণাচল প্ৰদেশৰ এখন ভিতৰুৱা গাঁৱৰ প্ৰসংগই । দেওবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে “মন কি বাত” অনুষ্ঠানত ক’ৰোনা প্ৰতিৰোধী সংগ্ৰামখনত অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ মিৰেম গাঁৱৰ জনসাধাৰণৰ ভূয়সী প্ৰশংসা কৰে ।
গাঁওখনৰ জনতাই নিজা প্ৰচেষ্টাৰে স্থানীয় বিদ্যালয় এখনৰ খেলপথাৰত নিজা উদ্যোগত নিৰ্মাণ কৰিছিল চৈধ্যটা কুটিৰৰ লগতে বিজ্ঞানসন্মত শৌচাগাৰ । কুটিৰসমূহ ব্যৱহাৰ কৰা হৈছিল বহিঃৰাজ্যৰ পৰা অঞ্চলটোলৈ উভতি অহা লোকৰ কোৱাৰেন্টাইন কেন্দ্ৰ হিচাবে ।চৌপাশৰ পৰা দেৱালেৰে আবৃত কুটিৰসমূহত বিজুলী, বিশুদ্ধ খোৱাপানীৰ লগতে যাৱতীয় সকলো সা-সুবিধাৰ ব্যৱস্থা কৰিছিল গাঁওবাসীয়ে ।
বাঁহ আৰু টকৌ পাতেৰে সুন্দৰকৈ নিৰ্মাণ কৰা বাসগৃহসমূহত যাতে বহিঃৰাজ্যফেৰৎ লোকসকলে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি যথেষ্ট সতৰ্কতা অৱলম্বন কৰিছিল মিৰেম গাঁওবাসীয়ে । ক’ৰোনা প্ৰতিৰোধৰ স্বাৰ্থত চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনাসমূহ এশ শতাংশ প্ৰয়োগ কৰি নিৰ্মাণ কৰা হৈছিল এই প্ৰাকৃতিক কোৱাৰেন্টাইন কেন্দ্ৰসমূহৰ ।
সংবাদ মাধ্যমযোগে এই খবৰ লাভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ইতিবাচক খবৰ ৰূপে মিৰেম গাঁওৰ প্ৰসংগ উল্লেখ কৰে দেওবৰীয়া “মন কি বাত” অনুষ্ঠানত । ক’ৰোনা প্ৰতিৰোধৰ স্বাৰ্থত মিৰেম গাঁওবাসীৰ এনে সতৰ্কতা আৰু সচেতনতাক অনুষ্ঠানটোৰ যোগে ভূয়সী প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।
লগতে মিৰেম গাঁওবাসীৰ এনে যুগান্তকাৰী আদৰ্শ গ্ৰহণৰ বাবে দেশবাসীক আহ্বান জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে । সম্প্ৰতি প্ৰধানমন্ত্ৰীৰ এনে অনুপ্ৰেৰণামুলক বক্তব্যত উৎসাহিত হৈ পৰিছে মিৰেম গাঁওবাসীৰ লগতে অৰুণাচল প্ৰদেশৰ জনতা ।