নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলাত ক’ৰোনাৰ আতংক, প্ৰায় ২৫ জনক হোম কোৱাৰেণ্টাইন

নিয়মীয়া বাৰ্তা, ২৮ জুনঃ বিগত দুটা দিন ধৰি ক’ৰোনাৰ আতংকই বিৰাজ কৰিছে বৰহোলা চহৰত। বৰহোলা চহৰত ঘূৰি ফুৰা এজন ব্যক্তিৰ দেহত ক’ভিড ১৯ পজিটিভ ওলোৱাক কেন্দ্ৰ কৰিয়েই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বৰ্তমান ২৫ জনতকৈও অধিক লোকক প্ৰশাসন আৰু স্বাস্থ্য বিভাগে হোম কোৱাৰেন্টাইন কৰিছে।

উল্লেখ্য যে, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত বৰহোলা লোশলীয়া গাঁৱৰ পুতুল হাজৰিকা (৪৪) নামত ব্যক্তিজন ক’ভিড-১৯ত আক্ৰান্ত বুলি পৰীক্ষাত ধৰা পৰিছিল। কিন্তু ইয়াৰ চাৰি দিনৰ পূৰ্বে ব্যক্তিজনে বৰহোলাৰ লোশলীয়াস্থিত ঘৰলৈ আহি স্থানীয় দৈনিক বজাৰত বজাৰ-সমাৰ কৰাৰ লগতে পত্নীৰ চিকিৎসাৰ বাবে এখন চিকিৎসালয়লৈয়ো গৈছিল। ঘৰত দুটা দিন থাকি কৰ্মস্থলীলৈ ঘূৰি গৈ পৰীক্ষা কৰোৱাৰ পিছতে তেওঁ দেহত ক’ভিড ১৯ৰ উপস্থিতি ধৰা পৰিছিল।

বৰ্তমান পুতুল হাজৰিকা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত কোৱাৰেন্টাইন হৈ থকাৰ লগতে বৰহোলাস্থিত তেওঁৰ পৰিয়ালৰ প্ৰায় ১১ জনক ১৪ দিনৰ কোৱাৰেন্টাইন কৰিছে। ইফালে হোম কোৱাৰেন্টাইন হৈ থকা পুতুল হাজৰিকাৰ ভাতৃ দেৱজিৎ হাজৰিকাৰ সংস্পৰ্শলৈ অহা বৰহোলাৰ পোন্ধৰজনতকৈয়ো অধিক লোক হোম কোৱাৰেণ্টাইন হ’ব লগা হৈছে।

দেৱজিৎ হাজৰিকাৰ ছোৱাব পৰীক্ষাৰ ৰিপ’ৰ্ট নহা পৰ্যন্ত এইসকল হোম কোৱাৰেন্টাইন হৈ থাকিব লাগিব বুলি জানিব পৰা গৈছে। বৰহোলাৰ দৈনিক বজাৰকে ধৰি কেইবাটাও স্থানত বৰ্তমান প্ৰশাসনে চেনিটাইজ কৰা আৰম্ভ কৰিছে।

You might also like