নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰামদিয়াৰ বিনন্দি চন্দ্ৰ মেধি কলেজত অধ্যক্ষৰ দুৰ্নীতি

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰ : হাজো-ৰামদিয়াৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰামদিয়া বিনন্দি চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতি-অনিয়মৰ অভিযোগ উত্থাপিত হৈছে। মহাবিদ্যালয়খনত সংঘটিত বৃহৎ পৰিমাণৰ বিত্তীয় খেলিমেলি সন্দৰ্ভত উচ্চ শিক্ষা সঞ্চালকালয়ে সম্প্ৰতি তদন্তৰ নিৰ্দেশ দিয়াত এই কথা পোহৰলৈ আহিছে। অভিযোগ অনুসৰি, প্ৰতিবছৰে এ পি এল ছাত্ৰ-ছাত্ৰীক বি পি এল নামভৰ্তি দেখুৱাই চৰকাৰৰ পৰা সংগ্ৰহ কৰা বৃহৎ পৰিমাণৰ ধন অধ্যক্ষগৰাকীয়ে আত্মসাৎ কৰাৰ অভিযোগ উঠিছে। তদুপৰি লক্ষ লক্ষ টকাৰে মহাবিদ্যালয়খনত চলি থকা নিৰ্মাণকাৰ্য্যৰ ক্ষেত্ৰত নিৰ্মাণ সমিতিৰ যুটীয়া একাউন্টৰ পৰিৱৰ্তে খোদ অধ্যক্ষৰ নামত একাউণ্ট খুলি ধনৰ অপব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে। তাৎপৰ্য পূৰ্ণ কথা হ’ল, বিত্তীয় অনিয়মৰ বাবে অধ্যক্ষগৰাকীৰ লেনদেন কৰ্তৃত্ব প্ৰাপক ডি ডি অ’ৰ দায়িত্ব খোদ উচ্চ শিক্ষা সঞ্চালকালয়ে যোৱা বৰ্ষত কৰ্তন কৰাৰ পিছতো কি অদৃশ্য শক্তিৰ বলেৰে বলীয়ান হৈ অধ্যক্ষগৰাকীয়ে মহাবিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য্যৰ ধন অবাধে খৰছ কৰিবলৈ সমৰ্থ হৈছে সেয়া নুবুজা সাঁথৰ হৈ পৰিছে।আনহাতে ৰামদিয়াৰ বিনন্দি চন্দ্ৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অসিত কুমাৰ পালে লাভ কৰা দুটাকৈ ডক্টৰেট ডিগ্ৰীৰ এটা ভুৱা বুলি সাংবাদিকৰ আগত নিজ মুখে স্বীকাৰ কৰিছে। ইয়াৰে এটা পি এইচ ডি ডিগ্ৰী  চি এম জে আৰু আনটো ডনবক্স বিশ্ব বিদ্যালয়ৰ বুলি জানিব পৰা গৈছে। মহাবিদ্যালয়খনৰ কেইবাগৰাকীও প্ৰাক্তন ছাত্ৰই এই সন্দৰ্ভত তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে লাভ কৰা তথ্যত মহাবিদ্যালয়খনত অনিয়ম সংঘটিত হোৱা এনে বহু তথ্য পোহৰলৈ আহিছে। ইফালে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভা-সমিতি মহাবিদ্যালয়ৰ পৰিৱৰ্তে গুৱাহাটীত অনুষ্ঠিত কৰি আহিছে অধ্যক্ষ ড০ অসিত কুমাৰ পালে। অভিযোগ অনুসৰি একাংশ লোকক মেনেজ কৰি নিজৰ খেয়াল খুচি মতেই অধ্যক্ষ ড০ অসিত কুমাৰ পালে চলাই গৈছে ইটোৰ পিছত সিটোকৈ দুৰ্নীতি-অনিয়ম।ৰামদিয়া অঞ্চলৰ একাংশ ৰাইজৰ অভিযোগৰ ভিত্তিত অধ্যক্ষ গৰাকীৰ এনে বহু বিত্তীয় খেলি মেলি সন্দৰ্ভত সম্প্ৰতি উচ্চ শিক্ষা সঞ্চালকালয়ে তদন্তৰ নিৰ্দেশ দিছে যদিও এই ক্ষেত্ৰত বিভাগীয় তদন্ত সঠিক পথত আগবাঢ়িব নে নাই, সেয়া অনাগত দিনত নিঃসন্দেহে লক্ষণীয় হ’ব।
প্ৰেৰক শ্বাহজাহান ইছলাম
You might also like