নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছমৰীয়াত “ৰংমন”ৰ প্ৰধান শিক্ষক কিশোৰ কলিতাক বিদায় সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ২ জুনঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰৰ মানৱ সম্পদ গঢ়া কমাৰশালা ৪০ নং ছমৰীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কিশোৰ কলিতাক বুধবাৰে জনোৱা হয় বিদায় সম্বৰ্ধনা। ১৯৯৬ চনৰ ১৮ এপ্ৰিলত ঠিকাভিত্তিক শিক্ষক হিচাপে চাকৰি জীৱন আৰম্ভ কৰিছিল কিশোৰ কলিতাই । ১৯৯৬ চনৰ পৰা ঠিকাভিত্তিক হিচাপে শিক্ষকতা কৰা কিশোৰ কলিতাৰ ১৯৯৮ চনৰ ১ এপ্ৰিলত চাকৰি নিয়মীয়াকৰণ হয়। ১৯৯৮ চনৰ পৰা সুদীৰ্ঘ ২৫ বছৰ শিক্ষকতা চাকৰি কৰি বুধবাৰে চৰকাৰী নিয়ম অনুসৰি ৪০ নং ছমৰীয়া প্ৰাথমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে। অৱসৰ লাভ কৰা শিক্ষক কিশোৰ কলিতাক অৱসৰৰ দিনটোত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক-অভিভাৱিকাৰ লগতে শিক্ষক-শিক্ষয়ত্ৰীসকলে ফুলাম গামোচা আৰু বিভিন্ন উপহাৰেৰে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে আৰু শিক্ষকগৰাকীক তেওঁৰ স্বগৃহলৈ বেণ্ডপাৰ্টীৰে আনন্দ-ফূৰ্তি কৰি আদৰি লৈ যায়। উল্লেখ্য যে ৪০নং ছমৰীয়া প্ৰাথমিক বিদ্যালয়ৰ বিদায়ী প্ৰধান শিক্ষক কিশোৰ কলিতাক ছমৰীয়া সত্ৰৰ সামাজিক সংগঠন ৰংমন গোষ্ঠীৰ তৰফৰ পৰা বিদ্যালয়ৰ পৰা স্বগৃহলৈ আদৰি নিয়াৰ যাত্ৰাপথতে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে আৰু বিগত ২৫ বছৰে বিদ্যালয়খনত জ্ঞানৰ পোহৰ বিলাই শৈক্ষিক দিশত আগুৱাই নিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।

প্ৰেৰক প্ৰীতম বায়ন

You might also like