নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰাবন্দী নাৰ্গেছ মহম্মদীলৈ চলিত বৰ্ষৰ শান্তিৰ নবেল বঁটা

বিশেষ বাৰ্তা, ৬ অক্টোবৰঃ আজি ঘোষণা কৰা হৈছে শান্তিৰ নবেল বঁটা। ষ্টকহ’মৰ ছুইডিছ একাডেমীয়ে ঘোষণা কৰা অনুসৰি ইৰানৰ নাৰীৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিয়া আৰু সকলোৰে বাবে মানৱ অধিকাৰ আৰু স্বাধীনতা বৃদ্ধিৰ বাবে কৰা যুঁজৰ বাবে ইৰানৰ কৰ্মী নাৰ্গেছ মহম্মদীক ২০২৩ চনৰ নোবেল বঁটা প্ৰদান কৰা হৈছে। এক আনুষ্ঠানিক বিবৃতিত একাডেমীয়ে কয়, “তেওঁৰ সাহসী সংগ্ৰামৰ সৈতে আহিছে প্ৰচণ্ড ব্যক্তিগত খৰচ। মুঠতে শাসন ব্যৱস্থাই ১৩ বাৰ গ্ৰেপ্তাৰ কৰি পাঁচবাৰ দোষী সাব্যস্ত কৰাৰ লগতে মুঠ ৩১ বছৰৰ কাৰাদণ্ড আৰু ১৫৪টা শাস্তি প্ৰদান কৰিছে। এতিয়াও মহম্মদী কাৰাগাৰতে আছে।” ইয়াত লগতে কোৱা হৈছে যে, “নাৰ্গেছ মহম্মদীক দিয়া এই বঁটাটোৱে এক দীৰ্ঘদিনীয়া পৰম্পৰা অনুসৰণ কৰিছে, য’ত নৰৱেৰ নোবেল কমিটীয়ে সামাজিক ন্যায়, মানৱ অধিকাৰ আৰু গণতন্ত্ৰক আগুৱাই নিয়াৰ বাবে কাম কৰাসকলক শান্তি বঁটা প্ৰদান কৰিছে।” একাডেমীৰ মতে শান্তিৰ নবেল বঁটা বিজয়ীসকলে নিজৰ গৃহ দেশৰ নাগৰিক সমাজক প্ৰতিনিধিত্ব কৰি বহু বছৰ ধৰি ক্ষমতাক সমালোচনা কৰাৰ অধিকাৰ আৰু নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষাৰ প্ৰচাৰ কৰি আহিছে। তেওঁলোকে যুদ্ধাপৰাধ, মানৱ অধিকাৰ উলংঘা আৰু ক্ষমতাৰ অপব্যৱহাৰৰ নথিভুক্ত কৰাৰ বাবে এক অসাধাৰণ প্ৰচেষ্টা চলাইছে। এইসকলে একেলগে শান্তি আৰু গণতন্ত্ৰৰ বাবে নাগৰিক সমাজৰ তাৎপৰ্য্য প্ৰদৰ্শন কৰিছে। ২০২২ চনত শান্তিৰ নোবেল বঁটা বেলাৰুছৰ মানৱ অধিকাৰৰ অধিবক্তা এলেছ বিয়ালিয়াটস্কি, ৰাছিয়াৰ মানৱ অধিকাৰ সংস্থা মেম’ৰিয়েল আৰু ইউক্ৰেইনৰ মানৱ অধিকাৰ সংস্থা চেণ্টাৰ ফৰ চিভিল লিবাৰ্টিছক প্ৰদান কৰা হৈছিল। এই সন্মানীয় নোবেল বঁটাসমূহে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, চিকিৎসা বিজ্ঞান, সাহিত্য, শান্তি আদিকে সামৰি লয়। ডাইনামাইট উদ্ভাৱনৰ বাবে বিখ্যাত ছুইডেনৰ উদ্ভাৱক আলফ্ৰেড নোবেলে ১৮৯৬ চনত মৃত্যুৰ সময়ত এই বঁটাৰ জৰিয়তে নিজৰ উত্তৰাধিকাৰ এৰি থৈ যায়। ১৯৬৮ চনত ছুইডেনৰ কেন্দ্ৰীয় বেংকে অৰ্থনৈতিক বিজ্ঞানৰ নোবেল বঁটা প্ৰৱৰ্তন কৰে।

You might also like