নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত মাচুল বৃদ্ধিৰ প্রস্তুতি

বিশেষ বাৰ্তা, ২১ ছেপ্টেম্বৰঃ ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত মাচুল বৃদ্ধিৰ বাবে প্রস্তুতি আৰম্ভ৷ ৰাজ্যৰ তিনি সহস্রাধিক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে মাচুল বৃদ্ধিৰ অনুমতি বিচাৰি মাচুল নিয়ন্ত্রক কমিটী (এফআৰচি)ৰ ওচৰত আবেদন দাখিল কৰিছে৷ ৮–১০ শতাংশ মাচুল বৃদ্ধিৰ বাবে নিয়ন্ত্রক কমিটীৰ অনুমতি বিচাৰিছে এই বিদ্যালয়ে৷ মাহেকীয়া, নামভর্তি আৰু বার্ষিক মাচুলকে ধৰি বিভিন্ন মাচুল বৃদ্ধিৰ বাবে কমিটীখনৰ অনুমোদন বিচাৰি সংশ্লিষ্ট ৱেবছাইটৰ জৰিয়তে আবেদন দাখিল কৰিছে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ নিয়ন্ত্রণৰ বাবে তিনি বছৰ পূর্বে আইন প্রণয়ন কৰিছে৷ এই আইনৰ বিভিন্ন ধাৰাৰ অধীনত বিদ্যালয়সমূহৰ মাচুলৰ পৰা আৰম্ভ কৰি পৰীক্ষা ব্যৱস্থালৈকে কেতবোৰ নীতি–নিয়ম ধার্য কৰা হৈছে৷ ইয়াৰ অধীনতে মাচুল নিয়ন্ত্রক কমিটীও গঠন কৰা হৈছে৷ ৰাজ্যত সম্প্রতি ১২ হাজাৰতকৈয়ো অধিক ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে যদিও তিনি সহস্রাধিক বিদ্যালয়ে এফআৰচিত পঞ্জীয়ন কৰিছে৷ এফআৰচিৰ অধীনত পঞ্জীয়নভুক্ত হৈ থকা এই ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ মাচুলৰ পৰিমাণ ভিন্ন ভিন্ন৷ শেহতীয়াকৈ বিভিন্ন অজুহাতেৰে মাচুল বৃদ্ধিৰ বাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে আবেদন দাখিল কৰিছে৷ এই সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি সংবাদ মাধ্যমৰ সন্মুখত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় যে এই বিষয়টো চোৱাচিতাৰ বাবে মাচুল নিয়ন্ত্রক কমিটী গঠন কৰা হৈছে৷ তেওঁলোকে এইক্ষেত্রত ব্যৱস্থা গ্রহণ কৰি আহিছে৷ ইয়াত জৰিমনা বা স্বীকৃতি বাতিলৰো ব্যৱস্থা আছে৷ গতিকে এইক্ষেত্রত নিয়ন্ত্রক কমিটীখনে ব্যৱস্থা গ্রহণ কৰিব৷ এইক্ষেত্রত নির্ধাৰিত আইন আছে৷ এই আইন প্রযোজ্য হ’ব৷ ৰাজ্যৰ অধিকাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে নিয়ন্ত্রণৰ ভিতৰত আছে বুলি উল্লেখ কৰি শিক্ষামন্ত্রীগৰাকীয়ে কয় যে কেইখনমান বিদ্যালয়ৰ বাহিৰে বাকী বিদ্যালয়সমূহ নীতি–নিয়মেৰে পৰিচালনা কৰি আহিছে৷ উল্লেখ্য যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ দৌৰাত্ম্যই ছাত্র–ছাত্রীসকলৰ অভিভাৱকক একপ্রকাৰ জুৰুলা কৰি আহিছে৷ সঘন মাচুল বৃদ্ধিয়ে অভিভাৱকসকলৰ মূৰত একপ্রকাৰ মাধমাৰ শোধাই আহিছে৷ যাক লৈ ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈ আহিছে৷ ইয়াৰ ভিত্তিতে ৰাজ্য চৰকাৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ নিয়ন্ত্রণৰ বাবে আইন প্রণয়ন কৰি ব্যৱস্থা গ্রহণ কৰে৷

You might also like