নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত প্রিয়ংকা গান্ধীৰ বিলৈ : ভাষণ নুশুনাকৈয়ে সভা ত্যাগ জনতাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ মে’ : প্রিয়ংকা গান্ধীক নির্বাচনী ৰণক্ষেত্রত নমাই অসমত বিজেপি নেতৃত্বাধীন মিত্রজোটৰ বিৰুদ্ধে ঢ়ৌ সৃষ্টি কৰিবলৈ চলোৱা প্রয়াস এটা আজি ধুবুৰীত মুখথেকেচা খায়৷ কথা আছিল বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্র মোদীৰ বিৰুদ্ধে কথা কৈ মানুহক কংগ্রেছৰ সপক্ষে টানি অনাৰ৷ কিন্তু দলটোৱে ধুবুৰী লোকসভা সমষ্টিৰ অন্তর্গত বালাজানত আজি অনুষ্ঠিত কৰা নির্বাচনী সভাখন বুমেৰাঙত পৰিণত হয়৷ কংগ্রেছ নেত্রীগৰাকীক চাবলৈ ভিৰ কৰা মানুহৰ আধাতকৈ অধিকে নেত্রীগৰাকীয়ে মঞ্চত মুখ মেলাৰ পূর্বেই সভাস্থলী ত্যাগ কৰে৷ অৱশ্যে ভাষণ আৰম্ভণিৰ পূর্বে এইদৰে সমবেত লোকে সভাস্থলী ত্যাগ কৰা কথাটোক উৎকট গৰমৰ সৈতে সম্পর্ক থকা বুলি উদ্যোক্তাৰ একাংশই সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিছে যদিও কংগ্রেছ নেত্রীগৰাকীৰ নির্বাচনী সভাখনৰ এনে বিপত্তিয়ে আন এটা দিশহে প্রতিফলিত কৰিছে৷ উল্লেখ্য যে ধুবুৰী লোকসভা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা প্রার্থী ৰকিবুল হুছেইনৰ সমর্থনত কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধীয়ে আজি বালাজানত অনুষ্ঠিত নির্বাচনী সভা অর্থাৎ ন্যায় সংকল্প সভাখনত অংশগ্রহণ কৰে৷ কংগ্রেছ নেত্রীগৰাকীৰ অংশগ্রহণৰ বাতৰি পাই অনগ্রসৰ তথা ভিতৰুৱা অঞ্চলটোৰ কিছুসংখ্যক লোক সভাখনত সমবেত হয়৷ কংগ্রেছ নেত্রীগৰাকী মঞ্চত উপস্থিত হোৱালৈকে সমবেত ৰাইজ তাৰ পৰা আঁতৰি যোৱাও নাছিল৷ কিন্তু প্রিয়ংকা গান্ধীয়ে ভাষণ দিয়াৰ প্রস্তুতি চলোৱাৰ লগে লগে আধাতকৈ লোক সভাস্থলীৰ পৰা আঁতৰি গুচি যায়৷ অৱশ্যে মানুহৰ সভা ত্যাগৰ দৃশ্য দেখিও কংগ্রেছ নেত্রীগৰাকীয়ে হতাশ নহৈ নিজৰ ভাষণ আৰম্ভ কৰে৷ তেওঁ ভাষণ আৰম্ভ কৰিয়েই প্রধানমন্ত্রী নৰেন্দ্র মোদীক আক্রমণৰ লক্ষ্য হিচাপে লয়৷ বিশেষকৈ ইলেক্টৰেল বণ্ডৰ উদাহৰণ দি প্রিয়ংকা গান্ধীয়ে নৰেন্দ্র মোদীক এগৰাকী দুর্নীতিগ্রস্ত নেতা হিচাপে প্রতিপন্ন কৰিবলৈ প্রয়াস চলায়৷ কিন্তু এতিয়ালৈকে দেৰি হৈ গৈছিল৷ কংগ্রেছ নেত্রীগৰাকীৰ ভাষণ শুনিবলৈ সভাস্থলীত আধাতকৈও কমহে লোক অৱশিষ্ট ৰূপত ৰৈ গৈছিল৷ তাৰ মাজতে কংগ্রেছ নেত্রীগৰাকীয়ে ধুবুৰী সংসদীয় সমষ্টিটোত প্রতিদ্বন্দ্বিতা কৰা এআইইউডিএফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলকো সমালোচনা কৰিবলৈ নেৰিলে৷ প্রিয়ংকা গান্ধীয়ে আজমলৰ বিৰুদ্ধে অভিযোগ আঙুলি টোঁৱাই কয় যে এআইইউডিএফৰ নেতাগৰাকীয়ে ধুবুৰীৰ উন্নয়নৰ বাবে একো কৰা নাই৷ ইয়াৰ বিপৰীতে সংসদীয় সমষ্টিটোৰ উন্নতি যদি বিচাৰে ৰকিবুল হুছেইনক ভোট দিবলৈ তেওঁ সমষ্টিবাসীলৈ অনুৰোধ জনায়৷ প্রসংগক্রমে উল্লেখ্য যে ধুবুৰীৰ সংসদীয় সমষ্টিৰ লগতে সমষ্টিটোৰ গাতে লাগি থকা কোকৰাঝাৰ, ধুবুৰী, বৰপেটা আৰু কিছু নিলগৰ গুৱাহাটী লোকসভা সমষ্টিত অহা ৭ মে’ত ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ কংগ্রেছে বালাজানৰ সভাখনৰ জৰিয়তে কেউটা লোকসভা সমষ্টিৰ জনসাধাৰণক সামৰি বিজেপি নেতৃত্বাধীন মিত্রজোটৰ বিৰুদ্ধে আৰু কংগ্রেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চৰ সপক্ষে বার্তা প্রেৰণ কৰিবলৈ বিচাৰিছিল যদিও কংগ্রেছ নেত্রীগৰাকীৰ ভাষণ নুশুনাকৈয়ে আধাতকৈও অধিক লোক সভাস্থলী ত্যাগ কৰাত প্রকাৰান্তৰে সভাখন কংগ্রেছৰ বাবে বুমেৰাঙত পৰিণত হয়৷ নির্বাচনী প্রচাৰ সভাখনত কংগ্রেছৰ অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিং, অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, বিধায়ক দেবব্রত শইকীয়া, ৱাজেদ আলী চৌধুৰী, আব্দুছ ছোৱাহন সৰকাৰ উপস্থিত থাকে৷ সভাখনত সমষ্টিটোৰ কংগ্রেছ প্রার্থী ৰকিবুল হুছেইনো উপস্থিত থাকে৷

You might also like